নিৰ্বাচনৰ পূৰ্বে মোদী-শ্বাহৰ অসম ভ্ৰমণে কিদৰে শক্তি বৃদ্ধি কৰিব বিজেপিৰ?
অহা বৰ্ষত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে চলিত মাহৰ শেষৰ ফালে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই দুই নেতাৰ ভ্ৰমণে নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিক বাৰুকৈয়ে শক্তি প্ৰদান কৰিব। পঢ়ক সবিশেষ-
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় তিনি মাহ বাকী থকা অৱস্থাত শাসকীয় বিজেপিয়ে ৰাজ্যখনত এক ব্যাপক ৰাজনৈতিক আৰু উন্নয়নমূলক পদক্ষেপৰ বাবে সাজু হৈছে। ইয়াৰ অংশ হিচাপে চলিত মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনমুখী ৰাজ্যখন ভ্ৰমণ কৰিব।
এক লাইভযোগে এই ভ্ৰমণসূচীৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ভ্ৰমণৰ পদক্ষেপ অসমৰ দ্ৰুতগতিত বিকশিত হোৱা আন্তঃগাঁথনি প্ৰদৰ্শন, অৰ্থনৈতিক আত্মবিশ্বাস শক্তিশালী কৰা, আৰু বিভিন্ন অঞ্চলৰ লোকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ বাবে গ্ৰহণ কৰা হৈছে।
প্ৰায় ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিবলৈ অহা ২০ ডিচেম্বৰত অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। এই টাৰ্মিনেলটো ইয়াৰ সুকীয়া আৰ্হিৰ বাবে পৰিচিত হৈ পৰিছে। স্থানীয়ভাৱে বাঁহেৰে কপৌ ফুলৰ আৰ্হিত নিৰ্মিত এই টাৰ্মিনেলে অসমীয়া সংস্কৃতিৰ পৰিচয়ক বিশ্ব বিমান পৰিবহণৰ ক্ষেত্ৰত দাঙি ধৰিব। একে সময়তে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰা হ’ব।
নতুন টাৰ্মিনেলটো অতি সুন্দৰ আৰু উন্নত সুবিধাৰে সজ্জিত। ইয়াত অসমৰ বাঁহৰ ব্যাপক ব্যৱহাৰ হৈছে, আৰু এই স্থাপত্যই আমাৰ সংস্কৃতিৰ প্ৰতিফলন ঘটায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁ ব্যক্তিগতভাৱে টাৰ্মিনেলটো উদ্বোধনৰ এদিন পূৰ্বে পৰিদৰ্শন কৰিব।
মুখ্যমন্ত্ৰীয়ে বিমানবন্দৰৰ পৰিৱেশ তন্ত্ৰক কেন্দ্ৰ কৰি অভিলাষী পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে। য’ত বিমানবন্দৰটোক পোনপটীয়াকৈ জালুকবাৰীলৈ সংযোগ কৰা এটা উচ্চ কৰিড’ৰৰ কথাও কোৱা হৈছে, যাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা শীঘ্ৰে প্ৰস্তাৱ আহিব বুলি আশা কৰা হৈছে। এটা এৰোচিটি প্ৰকল্প, এটা বিমান ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল (এম আৰ অ’) হাব, আৰু চিমুলেটৰৰ সৈতে এখন বিমান প্ৰশিক্ষণ বিদ্যালয়ো পাইপলাইনত আছে। স্থানীয় যুৱক-যুৱতীসকলৰ বাবে দক্ষ নিয়োগ সৃষ্টিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন অনুষ্ঠানৰ পিছতে গুৱাহাটীত এখন বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ পিছত দলৰ কাৰ্যালয়ত বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি সাংগঠনিক প্ৰসাৰক অধিক শক্তিশালী কৰি তুলিব।
২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা ব্ৰহ্মপুত্ৰৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেল পৰিদৰ্শন কৰিব। ইয়াৰ পিছত তেওঁ চৰাইদেউ ফেৰীত উঠিব, য’ত তেওঁ পৰীক্ষা পে চাৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, পৰীক্ষাৰ মানসিক চাপ আৰু প্ৰস্তুতি সন্দৰ্ভত নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ২৫–৩০ জন ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে।
ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীৰ ফেৰী যাত্ৰাই নদী পৰ্যটনক এক বৃহৎ গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তেওঁ লক্ষ্য কৰে যে, “প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ পিছত যেনেকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে, ইয়াৰ দ্বাৰা ব্ৰহ্মপুত্ৰক এক প্ৰধান পৰ্যটন স্থলী হিচাপে প্ৰক্ষেপ কৰাত সহায়ক হ’ব।”
প্ৰধানমন্ত্ৰী মোদীয়ে অসম আন্দোলনৰ শ্বহীদ স্মৃতিসৌধ পৰিদর্শন কৰি ৮৬০ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব। প্রথমবাৰৰ বাবে এজন প্রধানমন্ত্রীয়ে শ্ৰদ্ধাঞ্জলি জনাব এই শ্বহীদ স্মাৰক ক্ষেত্ৰত। তাৰ পিছত তেওঁ ৰাজ্য চৰকাৰে অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়লৈ যাত্ৰা কৰিব।
ডিব্ৰুগড় ভ্ৰমণৰ এটা মূল কেন্দ্ৰবিন্দু হ’ব নামৰূপ সাৰ কাৰখানাৰ সম্প্ৰসাৰণ। বৰ্তমানৰ ইউনিটটোৱে বছৰি প্ৰায় তিনি লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰাৰ বিপৰীতে ১০ হাজাৰ কোটি টকাৰ নতুন প্ৰকল্প—কেন্দ্ৰ (৬০ শতাংশ) আৰু অসম চৰকাৰে (৪০ শতাংশ) যৌথভাৱে পুঁজিৰে—উৎপাদন ১২ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। “ইয়াৰ দ্বাৰা অসম সাৰ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব আৰু দেশৰ আন প্ৰান্তলৈও আমি যোগান ধৰিব পাৰিম।” মুখ্যমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰী মোদীৰ বিদায়ৰ পিছত ২৯ ডিচেম্বৰত সাংস্কৃতিক, প্ৰশাসনিক আৰু নিৰাপত্তা সম্পৰ্কীয় পদক্ষেপৰ সংমিশ্ৰণেৰে কাৰ্যসূচীৰ বাবে অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নৱনিৰ্মিত ভাগৱত গৃহকে ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
৫ হাজাৰ লোকৰ আসনৰ ক্ষমতা থকা জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰাৰ লগতে ৰাজ্যজুৰি চিচিটিভি নীৰিক্ষণ প্ৰকল্পও আৰম্ভ কৰিব। জানুৱাৰী মাহত অমিত শ্বাহ পুনৰ ডিব্ৰুগড়লৈ আহি নতুন অসম বিধানসভা কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে এই বছৰ দুবাৰকৈ—ফেব্ৰুৱাৰী আৰু ছেপ্টেম্বৰ মাহত—অসম ভ্ৰমণ কৰাৰ বিপৰীতে মাৰ্চ আৰু আগষ্ট মাহত শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰি বিজেপিৰ অঞ্চলটোৰ প্ৰতি স্থায়ী মনোনিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
২০২৬ চনৰ বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে শাসন, উন্নয়ন, আৰু ৰাজনৈতিক সংগঠনক আন্তঃসংলগ্ন কৰা এক সমন্বিত কৌশলৰ ওপৰত আলোকপাত কৰিছে দলটোৰ শীৰ্ষ নেতৃত্বৰ এই ভ্ৰমণে।
জনসাধাৰণক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসমৰ ৰাইজক এই কাৰ্যসূচীসমূহত উপস্থিত থাকিবলৈ আৰু ৰাজ্যখনত চলি থকা উন্নয়নৰ পৰিসৰৰ প্ৰত্যক্ষ সাক্ষী হ’বলৈ আহ্বান জনাইছো।”
প্ৰতিবেদক- দিগজ্যোতি লহকৰ