দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি কাৰ্যসূচী আছে?
এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ৩০ জানুৱাৰীত তেওঁ নতুন বিধানসভা কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰৰ নিশাটো ডিব্ৰুগড়তে কটাব গৃহমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে নিশা ৯ বজাত বিশেষ বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। বৃহস্পতিবাৰে সন্ধিয়া অসমত উপস্থিত হৈ ডিব্ৰুগড়ত নিশাটো কটাব শ্বাহে। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ৩০ জানুৱাৰীত ডিব্ৰুগড়, ধেমাজি আৰু গুৱাহাটীত আছে গৃহমন্ত্ৰীৰ কাৰ্যসূচী।
এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ৩০ জানুৱাৰীত তেওঁ নতুন বিধানসভা কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰে দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তাত তেওঁ ৪টা প্ৰকল্পৰ আধাৰশিলা আৰু ১টা প্ৰকল্পৰ শুভাৰম্ভ কৰিব। তাৰ পাছতে তেওঁ ধেমাজিৰ মিছিং জনগোষ্ঠীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিয়লি মোহনবাৰী বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰীগৰাকী। ৩০ জানুৱাৰীৰ সন্ধিয়া শ্বাহে গুৱাহাটীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিব। য’ত তেওঁ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰিব পাৰে। সন্ধিয়া প্ৰায় ৭ বজাত তেওঁ পশ্চিম বংগলৈ ৰাওনা হ’ব অমিত শ্বাহ।
যোৱা ২৯ ডিচেম্বৰত শেষবাৰৰ বাবে অসমলৈ আহিছিল শ্বাহ। এদিনীয়া ভ্ৰমণৰ কাম হাতত লৈ কেইবাটাও চৰকাৰী প্ৰকল্প উন্মোচন কৰিছিল। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ। বিগত বৰ্ষৰ শেহৰ ফালে মোদী-শ্বাহ এই দুয়োগৰাকী শীৰ্ষ বিজেপি নেতাই অসম ভ্ৰমণ কৰি একাধিক প্ৰকল্প উদ্বোধন কৰিছিল। আজি পুনৰ অসমলৈ আহিছে গৃহমন্ত্ৰীগৰাকী।
তাৰ পিছতে ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশ ল’ব। ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, গুৱাহাটীও উদ্বোধন কৰিব।
লগতে পঢ়ক: মিত্রতাক লৈ এতিয়া চিন্তা নাই, অসমৰ ৰাইজে বিজেপিক ভোট দিব: মুখ্যমন্ত্ৰী