৩০ জানুৱাৰীত পুনৰ অসমলৈ অমিত শ্বাহ, ডিব্ৰুগড়ত আধাৰশিলা স্থাপন কৰিব অসমৰ দ্বিতীয়টো বিধানসভা ভৱনৰ
চলিত মাহৰ শেষৰ ফালে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰায় এমাহৰ ব্যৱধানত এয়া দ্বিতীয়টো অসম ভ্ৰমণ হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ডিব্ৰুগড়ত উপস্থিত হৈ অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।
অহা ৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ফেচবুক লাইভৰ এক আলাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰি কয় যে ডিব্ৰুগড়ৰ প্ৰস্তাৱিত বিধানসভা ভৱনটো অসমৰ দ্বিতীয় ৰাজধানী হিচাপে চহৰখনক উন্নীত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। তেওঁ কয় যে ভৱনটো কাৰ্যক্ষম হ’লে প্ৰতি বছৰে অসম বিধানসভাৰ দুখনকৈ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব, বাকী দুখন অধিৱেশন গুৱাহাটীত চলি থাকিব।
ড০ শৰ্মাই কয় যে এই পদক্ষেপে প্ৰশাসন বিকেন্দ্ৰীকৰণ আৰু ৰাজ্যৰ শাসন কাঠামোত উজনি অসমৰ ভূমিকা শক্তিশালী কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে খনিকৰ ষ্টেডিয়ামৰ পুনৰ উন্নয়ন প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামো আনুষ্ঠানিকভাৱে সমাপ্ত কৰিব। এই সংস্কাৰৰ লক্ষ্য হৈছে বৰ্তমানৰ সুবিধাটোক বৃহৎ ক্ৰীড়া অনুষ্ঠান আৰু বৃহৎ ৰাজহুৱা কাৰ্যসূচী আয়োজন কৰিব পৰাকৈ আধুনিক স্থানলৈ ৰূপান্তৰিত কৰা।
মুখ্যমন্ত্ৰীৰ মতে, ষ্টেডিয়ামখন সম্পূৰ্ণ হোৱাৰ লগে লগে আসনৰ সংখ্যা প্ৰায় ৫ হাজাৰৰ পৰা প্ৰায় ৩৫ হাজাৰলৈ বৃদ্ধি পাব, যাৰ ফলত ই অসমৰ সৰ্ববৃহৎ বহু-ক্ৰীড়া খেলপথাৰ হিচাপে পৰিগণিত হ’ব। উন্নীতকৃত আন্তঃগাঁথনিয়ে ক্ৰীড়া উন্নয়নত যথেষ্ট উন্নতি সাধন কৰাৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰশাসনিক আৰু আন্তঃগাঁথনিগত কেন্দ্ৰ হিচাপে ডিব্ৰুগড়ৰ প্ৰাধান্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
৩০ জানুৱাৰীৰ এই ভ্ৰমণক ডিব্ৰুগড়ৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে, য’ত ৰাজ্য চৰকাৰে সুষম আঞ্চলিক উন্নয়ন আৰু দীৰ্ঘম্যাদী আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ। বিগত বৰ্ষৰ শেহৰ ফালে মোদী-শ্বাহ এই দুয়োগৰাকী শীৰ্ষ বিজেপি নেতাই অসম ভ্ৰমণ কৰি একাধিক প্ৰকল্প উদ্বোধন কৰিছিল। আজি পুনৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী মোদী।
আজি সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত মেগা বাগৰুম্বা নৃত্য উপভোগ কৰাৰ লগতে দুখনকৈ নতুন ৰে’ল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইফালে গুৱাহাটী আৰু হাওৰাৰ মাজত চলিব লগীয়া বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰো আজি তেওঁ উদ্বোধন কৰে পশ্চিম বংগত। দেওবাৰে কাজিৰঙা এলিভেটেড কৰিড’ৰৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।