শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰঃ কিয় বিশেষ এই প্ৰকল্প, জানক সকলো…
Srimanta Sankardev Abirbhav Kshetra: কিছুদিন বছৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি সেই স্থানতে প্ৰাণ পাই উঠিল শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে এই ক্ষেত্ৰ।
অসমবাসীৰ বাবে আজি এক গৌৰৱৰ ক্ষণ। ২৯ ডিচেম্বৰ, ২০২৫ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে “শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ”। চৰকাৰৰ এই পদক্ষেপে নিশ্চয়কৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক বিশ্বজনীন কৰি তোলাত সহায় কৰিব। এই বিশাল ক্ষেত্ৰ উদ্বোধন কৰি শ্বাহে জনতাক সম্বোধন কৰে। এই সময়চোৱাত তেওঁ এই ক্ষেত্ৰত উদ্বোধন কৰিবলৈ পাই নিজকে ধন্য বুলি কোৱাৰ লগতে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।
আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা,ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে বহু নেতা বিধায়ক উপস্থিত থাকে। প্ৰথমে গৃহমন্ত্ৰীগৰাকীক পৰম্পৰাগত সত্ৰীয় আদৰণি জনায়। তাৰ পাছতে তেওঁ গুৰু আসন ৰখা মূল কেন্দ্ৰীয় ভৱনটোৰ চাৰিওফালে পৰিক্ৰমা কৰে। পৰৱৰ্তী সময়ত বাকী কাৰ্যসূচী আগবঢ়াই নিয়ে।
প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ উঠিছে এই শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ। য’ত নৱবৈষ্ণৱ ধৰ্মৰ লগত জড়িত বিভিন্ন দিশবোৰ প্ৰতিফলিত কৰাৰ সম্পূৰ্ণ চেষ্টা কৰা হৈছে। প্ৰথমবাৰৰ বাবে ২০২১-২২ চনৰ ৰাজ্যৰ বাজেটত এই স্থান পুনৰ উন্নয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তাৰ পাছতে এতিয়া এই স্থান শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰ ৰূপে পূৰ্ণতা পাই উঠে। ঐতিহাসিক এই স্থান কেৱল পৰ্যটনৰ বাবে নহয় শ্ৰীমন্ত শংকৰদেৱৰ সৈতে জড়িত জীৱন,আদৰ্শ আৰু কলাত্মক ঐতিহ্য আৰু ৰাজ্যখনৰ বহল সাংস্কৃতিক পৰম্পৰা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়াস। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই প্ৰকল্পই বটাদ্ৰৱ থানক সাংস্কৃতিক আৰু আধ্যাত্মিক পৰ্যটনৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ উন্নীত কৰিব, শংকৰদেৱৰ উত্তৰাধিকাৰক ভৱিষ্যত প্ৰজন্মলৈ লৈ যাব।
উল্লেখ্য যে, বছৰ বছৰ ধৰি গুৰুজনাৰ জন্মভূমি একাংশই বেদখল কৰি ৰাখিছিল। তাৰ পাছতে ২০২২ চনৰ ডিচেম্বৰ মাহত বটদ্ৰৱাত চলিছিল উচ্ছেদ অভিযান। প্ৰায় ১০০০ বিঘা মাটিত উচ্ছেদ চলাই সেই ভূমি সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই সমগ্ৰ প্ৰকল্পটো গছৰ ৰূপৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। যত মূল স্থানত গুৰু আসন, তাৰ পৰা আন সকলো অট্টালিকা আন্তঃসংযোগী ডালৰ দৰে বিস্তৃত কৰা হৈছে। এই প্ৰকল্পত শংকৰদেৱৰ জীৱনৰ বিশদ দৃশ্যগত উপস্থাপন কৰাৰ লগতে পৰম্পৰাগত অসমীয়া স্থাপত্য উপাদান আৰু সাংস্কৃতিক সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে।
পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্যৰ ৰূপ, পৰিবেশন শৈলী আৰু অসমীয়া জীৱনশৈলীৰ দিশসমূহৰ আকৃতিৰে বিভিন্ন অট্টালিকা নিৰ্মাণ কৰা হৈছে। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন চিত্ৰিত প্ৰদৰ্শনী, নাটক, ‘ভাওনা’ প্ৰদৰ্শন আৰু অন্যান্য সাংস্কৃতিক উপস্থাপনৰ বাবে ডিজাইন কৰা নাট্যগৃহৰ লগতে পৰিবেশন কলাৰ কেন্দ্ৰও আছে। ভগৱান শ্ৰীকৃষ্ণৰ দশটা অৱতাৰৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা হৈছে।
এই প্ৰকল্পত পৰ্যটকৰ বাবে অতিথিশালা, এটা জনজাতীয় অতিথিশালা, এটা স্বাস্থ্য কেন্দ্ৰ আৰু ‘মণিকাঞ্চনগৃহ’ নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পত মণিকাঞ্চন জলৰাশি, সুৰক্ষা তথা নিৰাপত্তাৰ বাবে এটা ভিউৱিং চাৱাৰ, খোজকঢ়াৰ বাবে পথ, গাড়ীৰ বাবে পাৰ্কিঙস্থলী আদি নিৰ্মাণ কৰি উলিওৱা হৈছে।
অন্য খবৰ পঢ়কঃ ২৬’ৰ নিৰ্বাচনত হ’বনে অগপ-বিজেপিৰ মিত্ৰতা? কোনে পাব কিমান আসন, ক’লে মুখ্যমন্ত্ৰীয়ে…