শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্রকল্প, অমিত শ্বাহক আদৰিবলৈ সাজু ২০০০ গায়ন বায়ন…

প্রকল্পটো অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই উপলক্ষে নিৰ্মিয়মান প্রকল্পটোৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজ লয়।

২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্রকল্প, অমিত শ্বাহক আদৰিবলৈ সাজু ২০০০ গায়ন বায়ন…
manas-borah
Manas Borah | Updated On: 22 Dec 2025 15:34 PM

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছিল অসম চৰকাৰে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই অভিলাসী পদক্ষেপ বটদ্ৰৱা সাংস্কৃতিক প্রকল্পটো অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই উপলক্ষে নিৰ্মিয়মান প্রকল্পটোৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজ লোৱা বুলি এক বিবৃতিৰ জৰিয়তে জানিব পৰা গৈছে।

সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বটদ্ৰৱাত উপস্থিত হৈ নিৰ্মিয়মান প্রকল্পটোৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজৰ বুজ লোৱাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ জনসভাৰ স্থলী পৰিদৰ্শন কৰে। তেওঁ জিলা প্রশাসনৰ লগতে লোকনির্মাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলক প্ৰকল্পৰ কাম-কাজৰ দ্রুত সমাপ্তি তথা উদ্বোধনী অনুষ্ঠানৰ আয়োজনৰ বাবে যাৱতীয় নির্দেশনা প্রদান কৰে।

বেদখলমুক্ত হোৱা ১৬২ বিঘা ভূমিত প্রায় ২১৭ কোটি টকা ব্যয় সাপেক্ষে এই প্রকল্প

উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থানক বিশেষ ধর্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে অসম চৰকাৰৰ বিশেষ তৎপৰতাত বেদখলমুক্ত হোৱা ১৬২ বিঘা ভূমিত প্রায় ২১৭ কোটি টকা ব্যয় সাপেক্ষে এই প্রকল্প নিৰ্মাণ কৰা হৈছে। বিশ্বৰ উচ্চতম গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্রতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ, খোলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাটঘৰকে ধৰি বিভিন্ন উপাদানেৰে বিশ্বমানৰ এই প্রকল্পটিক আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে।

ইফালে জানিব পৰা মতে, মাংগলিক অনুষ্ঠানৰ মাজেৰে মুকলি কৰা হ’ব প্ৰকল্পটো। এই উপলক্ষে ২০০০ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰণি জনোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

মুখ্য়মন্ত্ৰীৰ পৰিদৰ্শনকালত কেইবাগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত

মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত ৰাজ্য চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাসৰ লগতে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামী প্রমুখ্যে সমিতিৰ অন্যান্য বিষয়ববীয়াসকল, জিলা আয়ুক্ত দেৱাশিস শর্মাকে ধৰি জিলা প্রশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।