শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ড’নাল্ড ট্ৰাম্প

ড’নাল্ড ট্ৰাম্প

ড’নাল্ড ট্ৰাম্প এজন ৰাজনীতিবীদৰ লগতে সফল আমেৰিকান ব্যৱসায়ীও। ১৯৪৬ চনৰ ৪ জুনত নিউয়ৰ্কৰ কুইন্সত জন্মগ্ৰহণ কৰিছিল ড’নাল্ড ট্ৰাম্পে। তেওঁৰ পিতৃ আছিল এজন ৰিয়েল ইষ্টেট ব্যৱসায়ী। ১৩ বছৰ বয়সত ট্ৰাম্পে পঢ়া-শুনা কৰিবলৈ মিলিটাৰী স্কুললৈ যায়। পিছলৈ ১৯৬৪ চনত তেওঁ মিলিটাৰী একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

৭০ৰ দশকতে ট্ৰাম্পে লোকচান হোৱা ক’ম’ডৰ হোটেলখন ৭ কোটি ডলাৰত ক্ৰয় কৰিছিল আৰু ১৯৮০ চনত তেওঁ দ্য গ্ৰেণ্ড হায়াট নামেৰে এই হোটেলখন আৰম্ভ কৰিছিল। ১৯৮২ চনত ড’নাল্ড ট্ৰাম্পে নিউয়ৰ্কত ট্ৰাম্প টাৱাৰ নিৰ্মাণ কৰিছিল, যিটো নিউয়ৰ্কৰ অন্যতম বিখ্যাত অট্টালিকা।

১৯৯৯ চনতো ট্ৰাম্পে ৰাজনীতিত হাত দিছিল। তেওঁ ৰিফৰ্ম পাৰ্টি গঠন কৰে। কিন্তু তেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদত উপনীত হ’ব নোৱাৰিলে। পিছলৈ তেওঁৰ সকলো বিতৰ্কৰ মাজতো ২০১৬ চনৰ ১৯ ​​জুলাইত ট্ৰাম্পক আমেৰিকাৰ গ্ৰেণ্ড অল্ড পাৰ্টি ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হয়। আমেৰিকাৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে ট্ৰাম্প। নিৰ্বাচনৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। তেওঁ আছিল প্ৰথমজন ৰাষ্ট্ৰপতি যাৰ কোনো বিশেষ ৰাজনৈতিক পটভূমি নাছিল।

Read More

গণৰাজ্য দিৱসত ভাৰতলৈ কি বাৰ্তা প্ৰেৰণ কৰিলে আমেৰিকা আৰু চীনে? ট্ৰাম্প,জিনপিঙে ক’লে বিশেষ কথা…

আজি সমগ্ৰ দেশে পালন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। এই সময়চোৱাত বিশ্বৰ বিভিন্ন দেশে ভাৰতক শুভেচ্ছা প্ৰেৰণ কৰিছে। এই শুভ ক্ষণত আমেৰিকা আৰু চীনেও ভাৰতলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে।

শুল্ক বাতিল! গ্ৰীণলেণ্ড নিয়ন্ত্ৰণক লৈ ট্ৰাম্পৰ নতুন সিদ্ধান্ত…

ট্ৰাম্পে নিজেই কয় যে, তেওঁলোকে NATOৰ সৈতে গ্ৰীণলেণ্ডৰ বিষয়ে আলোচনা কৰিছে। নাটোৱে আৰ্কটিক নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামো তৈয়াৰ কৰিবলৈ সন্মত হয়। যাৰ বাবে তেওঁ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত সলনি কৰিলে।

শীঘ্ৰে ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰিত হ’ব চুক্তি, ট্ৰাম্পে দিলে আভাস…

এই চুক্তি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, তেওঁ প্ৰধানমন্ত্ৰী মোডীক সন্মান কৰে আৰু তেওঁৰ ভাল বন্ধুও। ট্ৰাম্পে কয় যে আমি ভাৰতৰ সৈতে ভাল চুক্তিৰ দিশত আগবাঢ়িছো। কেইবাদিনো ধৰি হ্ৰাস পাই থকা ভাৰতীয় শ্বেয়াৰ বজাৰৰ বাবেও ট্ৰাম্পৰ এই বক্তব্য এটা ভাল লক্ষণ হিচাপে বিবেচিত হৈছে।

গ্ৰীণলেণ্ডক লৈ NATO সৈতে চুক্তি, শুল্ক বাতিল! ট্ৰাম্পে ক’লে-এয়া সকলোৰে বাবে ভাল…

গ্ৰীণলেণ্ডৰ ক্ষেত্ৰত কেইবাখনো দেশৰ ওপৰত শুল্ক আৰোপ নকৰাৰ কথা ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে, দ্বীপটোৰ ভৱিষ্যত সন্দৰ্ভত নাটোৰ সৈতে চুক্তি কৰা হৈছে। তেওঁ ইয়াক এক ডাঙৰ সমাধান বুলি অভিহিত কৰে। এই চুক্তিৰ অধীনত ১ ফেব্ৰুৱাৰীত আৰোপ কৰিবলগীয়া শুল্ক আৰু কাৰ্যকৰী নহ’ব।

গৈ আছিল ডাভোছলৈ, মাজ আকাশতে অথন্তৰ! আধা বাটৰ পৰা উভতিল ট্ৰাম্প…

আজি পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ বিমানেৰে ডাভোছলৈ গৈ আছিল। অৱশ্যে তেওঁৰ বিমানখনে মাজভাগত কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। তেওঁ উভতি আহিছে, আৰু আন এখন বিমানত ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰিব।

বৃদ্ধি পাব সুৰাৰ মূল্য! ঔষধৰ পিছত ট্ৰাম্পে শুল্ক বৃদ্ধি কৰিব নেকি সুৰাৰ?

ফ্ৰান্সক ট্ৰাম্পৰ শান্তি ব’ৰ্ডত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও ট্ৰাম্পে অস্বীকাৰ কৰিছিল। ইয়াৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ফ্ৰান্সৰ ৱাইন আৰু চেম্পেইনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিয়ে।

৮খন যুদ্ধ বন্ধ কৰাৰ পাছতো নোবেল নিদিলে, গতিকে এতিয়া…ন’ৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ ট্ৰাম্পৰ…

বহু চেষ্টা কৰাৰ পাছতো শান্তিৰ নোবেল বঁটা লাভ নকৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। এই বিষয় সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি এতিয়া ন'ৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ট্ৰাম্পে। এক প্ৰকাৰ ট্ৰাম্পৰ এয়া কঠোৰ সকীয়নি বুলি ক'ব বিচাৰে একাংশই।

নোবেলক লৈ চৰ্চা! ইচ্ছা কৰিলেই নোবেল হস্তান্তৰ কৰিব পাৰি নেকি?

ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ পুনৰুদ্ধাৰ আৰু শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰৰ সুবিধা প্ৰদানৰ বাবে কৰা কামৰ বাবে ২০২৫ চনত মাচাডোৱে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।

অৱশেষত আশা পূৰণ, মিচিকিয়া হাঁহি মাৰি দুহাতেৰে শান্তিৰ নোবেল তুলি ল’লে ড’নাল্ড ট্ৰাম্পে

হোয়াইট হাউছে কয় যে, মাচাডোৱে মুখামুখি বৈঠকৰ ইচ্ছা প্ৰকাশ কৰিছে। ২০২৪ চনৰ নিৰ্বাচনত তেওঁৰ দলটোৱে জয়লাভ কৰিছিল, যিটো মাদুৰোৱে নাকচ কৰিছিল। ইয়াৰ পূৰ্বে মাচাডোৱে ট্ৰাম্পৰ সৈতে অতি সন্মানীয় সন্মান নোবেল বঁটা ভাগ কৰাৰ প্ৰস্তাৱ দিছিল।

উপায়হীন ট্ৰাম্প! ইৰাণত আক্ৰমণ কৰিবলৈ সাজু নহয় আমেৰিকা সেনা…

ইৰাণত আমেৰিকাৰ সম্ভাব্য আক্ৰমণৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। আমেৰিকাৰ সেনা সাজু নহয় ইৰাণত আক্ৰমণ কৰিবলৈ। পিছে ট্ৰাম্পে বিচাৰে এবাৰতে সমস্যাৰ সমাধান হোৱা।

পুনৰ বিশ্ব ৰাজনীতিত জোকাৰণি ট্ৰাম্পৰ, ইৰানৰ সৈতে ব্যৱসায় কৰা দেশৰ ওপৰত ২৫% শুল্ক আৰোপৰ ভাবুকি

ইৰানত প্ৰতিবাদৰ সময়ত প্ৰায় ৬০০ লোকৰ মৃত্যু হোৱা বুলি খবৰ পোহৰলৈ আহিছে। এই ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আমেৰিকাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানক কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে দেশখনৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দেশসমূহকো সাৱধান বাণী শুনাইছে।

কেৱল আমেৰিকাই নহয়, এই দেশৰো ৰাষ্ট্ৰপতিৰ দায়িত্বত ট্ৰাম্প! নিজ মুখে কৰিলে ঘোষণা

গভীৰ নিশা লেটিন আমেৰিকান দেশ ভেনিজুৱেলাত আমেৰিকাই চলোৱা আক্ৰমণে বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছে আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা শেহতীয়া এক কাৰ্যই আন এক নতুন বিতৰ্কৰ সূত্ৰপাত কৰিছে।

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিব বিচাৰে মাৰিয়াই…

Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পত নোবেল বঁটা দিব বিচাৰে মাৰিয়াই। এইগৰাকী মহিলাই লাভ কৰিছিল ২০২৫ চনৰ নোবেল। কিন্তু তেওঁ এতিয়া এই বঁটা ট্ৰাম্পলৈ হস্তান্তৰ কৰিব বিচাৰে।

হ’ব নেকি ডাঙৰ কিবা? ইৰানত আক্ৰমণ কৰিব পাৰে আমেৰিকাই, হাই এলাৰ্টত ইজৰাইল…

দীৰ্ঘদিন ধৰি ইৰানত চলি আছে প্ৰতিবাদ। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰানৰ শাসকক ভাবুকি প্ৰদান কৰিছে। ইয়াৰ মাজতে এতিয়া হাই এলাৰ্ট মোডত আছে ইজৰাইল। শেহতীয়াকৈ ইয়াক লৈ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়।

নিজৰ নোবেল বঁটা ট্ৰাম্পক দিব বিচাৰে মাৰিয়াই! পূৰণ হ’ব নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মনৰ আশা?

বিশ্বৰ এক সৰ্বশ্ৰেষ্ঠ সন্মান শান্তিৰ নোবেল বঁটা। এইবাৰ এই বঁটা লাভ কৰিছিল ভেনিজুৱেলাৰ বিৰোধী এগৰাকী নেত্ৰীয়ে। পিছে এইগৰাকী মহিলাই এতিয়া নিজৰ বঁটা দিব বিচাৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক।