অপাৰেচন সেন্দূৰ
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতৰ প্ৰতিশোধ। আৰম্ভ হৈছে অপাৰেশ্যন সেন্দূৰ (Operation Sindoor) ।ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ৯টা স্থানত আক্ৰমণ চলাইছে ।
নিজৰ শাসনকাল সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাইছিল কংগ্ৰেছে, বিহাৰত অমিত শ্বাহৰ কটাক্ষ
বিহাৰৰ সীতামাঢ়ীত নিৰ্বাচনী সভাত ভাষণ দি শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপাৰেচন সেন্দূৰ আৰু বিগত সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে প্ৰশংসা কৰে। কংগ্ৰেছে সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাইছিল বুলি কটাক্ষ শ্বাহৰ।
- Raj Saikia
- Updated on: Nov 3, 2025
- 20:28 pm
নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ, INS বিক্ৰান্তৰ পৰা পাকিস্তানক দিলে কঠোৰ বাৰ্তা…
দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। নৌসেনাৰ জোৱানৰ সৈতে এই উৎসৱ উদযাপন কৰে প্ৰধানমন্ত্ৰী। INS বিক্ৰান্তত জোৱানসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, "আমাৰ তিনি সশস্ত্ৰ বাহিনীৰ মাজত অসাধাৰণ সমন্বয়ৰ বাবে পাকিস্তানে অভিলেখ সময়ত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।"
- Trishna Kalita
- Updated on: Oct 20, 2025
- 13:57 pm
পুনৰ ট্ৰাম্পৰ মুখত ভাৰত-পাক সংঘাত ৰোধৰ দাবী, শুল্কনীতিৰ প্ৰসংগৰে পুনৰ বিচাৰিলে কৃতিত্ব
ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ দাবী কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু ভাৰতে ধাৰাবাহিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৰা দাবীক খণ্ডন কৰি আহিছে।
- Raj Saikia
- Updated on: Oct 16, 2025
- 14:09 pm
ইতিহাস হ’ব নে থাকিব ভূগোলত! পাকিস্তানক কঠোৰ সকীয়নি ভাৰতীয় সেনা প্ৰধানৰ
ভাৰতে অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানত ধ্বংস কৰা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহৰ জৰিয়তে বিশ্বৰ আগত প্ৰমাণ দেখুৱাইছে বুলি উল্লেখ কৰি সেনা প্ৰধানগৰাকীয়ে ভাৰতে প্ৰমাণ উদঙাই নিদিয়া হ’লে পাকিস্তানে সকলো লুকুৱাই ৰাখিলেহেঁতেন বুলিও মন্তব্য কৰে।
- Monjit Dutta
- Updated on: Oct 3, 2025
- 17:11 pm
Operation Sindoor: অপাৰেচন সেন্দূৰত ধ্বংস কৰা হৈছিল কমেও ৫খন পাক যুদ্ধ বিমান, বায়ু সেনাৰ মূৰব্বীৰ দাবী
Operation Sindoor: অপাৰেচন সেন্দূৰক এনে এক সংঘাত হিচাপে স্মৰণ কৰা হ’ব যিয়ে পাকিস্তানক উচিত শিক্ষা দিয়াৰ নিজৰ লক্ষ্যত নিখুঁতভাৱে উপনীত হ’ল। অমৰ প্ৰীত সিঙে কয় যে ভাৰতে পাকিস্তানৰ একাধিক লক্ষ্যত আঘাত কৰাৰ লগতে ৪-৫খন পাকিস্তানী যুদ্ধ বিমানো ধ্বংস কৰে।
- Raj Saikia
- Updated on: Oct 3, 2025
- 14:34 pm
বুমেৰাং ট্ৰাম্পৰ দাবী, ভাৰত-পাক যুদ্ধবিৰতিত ট্ৰাম্পৰ ভূমিকাক অস্বীকাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ
ভাৰতৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইশ্বাক দাৰে ডাঙৰ বিবৃতি দিছে। তেওঁ কয় যে পাকিস্তানে ভাৰতৰ সৈতে বহুবাৰ কথা পাতিবলৈ চেষ্টা কৰিছে, কিন্তু তেওঁলোকৰ পক্ষৰ পৰা কোনো সঁহাৰি পোৱা নাই। অনুমান কৰা হৈছে যে ভাৰতৰ সৈতে সম্পৰ্ক অৱনতি ঘটাৰ পিছত পাকিস্তানৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
- Raj Saikia
- Updated on: Sep 16, 2025
- 20:22 pm
কৃষকৰ স্বাৰ্থ বিঘ্নিত কৰি ব্যৱসায় নকৰে ভাৰতে, অমিত শ্বাহৰ আশ্বাস
অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দিনত ভাৰতৰ অৰ্থনীতি মাত্ৰ এক দশকৰ ভিতৰত বিশ্বৰ একাদশ বৃহত্তম দেশৰ পৰা চতুৰ্থ স্থানলৈ আগুৱাই আহিছে। তেওঁ ইয়াৰ বিপৰীতে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে অৰ্থনীতিক ড্ৰিফ্ট হ’বলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে।
- Raj Saikia
- Updated on: Aug 22, 2025
- 20:02 pm
অপাৰেচন সেন্দূৰৰ ১০০ দিন সম্পূৰ্ণ, দেশে লাভ কৰিলে ২৩.৪৭ লাখ কোটি টকা!
অপাৰেচন সেন্দূৰৰ পাছৰে পৰা দেশৰ বিনিয়োগকাৰীসকলে শ্বেয়াৰ বজাৰৰ পৰা ২৩.৪৭ লাখ কোটি টকা লাভৱান হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই সময়ছোৱাত ছেন্সেক্স ফ্লেট আৰু নিফটি প্ৰায় ১ শতাংশ বৃদ্ধি পাইছে।
- Barasha Misra
- Updated on: Aug 16, 2025
- 16:47 pm
অপাৰেচন সেন্দূৰত অংশ লোৱা দেশৰ সাহসী জোৱানলৈ সন্মানঃ BSFৰ ১৬ জোৱানলৈ বীৰত্বৰ পুৰস্কাৰ
২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ৭ মে’ৰ পৰা ১০ মে’লৈ ভাৰতীয় সেনাই অপাৰেচন সেন্দূৰ অভিযান চলাইছিল। এই অভিযানত বি এছ এফৰ দুজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে ৭ জন আহত হয়।
- Monjit Dutta
- Updated on: Aug 14, 2025
- 18:45 pm
ৰাজ্য-দেশৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ…. পলকতে চকু ফুৰাওক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত
বেংগালুৰু ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও মন্তব্যই আজি সংবাদ শিৰোনাম দখল কৰিছে। সমান্তৰালকৈ আজি আন বহুকেইটা খবৰে পঢ়ুৱৈ তথা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। থোৰতে চাওঁ আহক তেনে কেইটামান খবৰ।
- Monjit Dutta
- Updated on: Aug 10, 2025
- 18:14 pm
অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ আঁৰত… কেইঘণ্টামানৰ ভিতৰতে আঁঠু ল’লে পাকিস্তানে: প্ৰধানমন্ত্ৰী মোদী
বেংগালুৰুত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমাৰ প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ শক্তি। ইয়াত বেংগালুৰু আৰু কৰ্ণাটকৰ যুৱক-যুৱতীসকলৰো বিপুল অৱদান আছে।
- Trishna Kalita
- Updated on: Aug 10, 2025
- 17:16 pm
আমি পাকিস্তানৰ ৫ খন যুঁজাৰু বিমান…অপাৰেশ্যন সেন্দূৰক লৈ ডাঙৰ মন্তব্য বায়ুসেনাৰ মুৰব্বীৰ
বেংগালুৰুত এক অনুষ্ঠানত ভাষণ দি বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্শ্বাল এ পি সিঙে নিশ্চিত কৰে যে ভাৰতে অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানী বায়ুসেনাৰ ৫খন যুদ্ধ বিমান আৰু ১খন এ ই ডব্লিউ এণ্ড চি এছ বিমান ধ্বংস কৰে। পাকিস্তানৰ লোকচানৰ সংখ্যা সন্দৰ্ভত বায়ুসেনাৰ সৰ্বোচ্চ পদৰ তৰফৰ পৰা এইটোৱেই প্ৰথম নিশ্চিতকৰণ।
- Trishna Kalita
- Updated on: Aug 9, 2025
- 19:47 pm
অপাৰেচন সেন্দূৰক তামাছা আখ্যা দিয়া হৈছে…সন্ত্ৰাসবাদী নিধন কৰিবলৈ কাৰোবাৰ অনুমতি ল’ব লাগে নেকি? প্ৰধানমন্ত্ৰীৰ প্ৰশ্ন
কংগ্ৰেছ দল আৰু ইয়াৰ সদস্যসকলে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ভাৰতে ধ্বংস কৰি পেলোৱা কথাটো হজম কৰিব পৰা নাই। কংগ্ৰেছে অপাৰেচন সেন্দূৰক তামাছা বুলি অভিহিত কৰিছে, বাস্তৱত সন্ত্ৰাসবাদীৰ অৱস্থা দেখি কংগ্ৰেছে কান্দিছে। প্ৰধানমন্ত্ৰীৰ অভিযোগ।
- Raj Saikia
- Updated on: Aug 2, 2025
- 14:11 pm
সেন্দূৰ কাঢ়ি নিয়াৰ পাছতো অভিযানৰ নাম কিয় ‘অপাৰেশ্যন সেন্দূৰ’ ৰখা হৈছিলঃ জয়া বচ্চন
অপাৰেশ্যন সেন্দূৰৰ ওপৰত প্ৰশ্ন উত্থাপন এছ পি সাংসদ জয়া বচ্চনৰ। তেওঁ আপত্তি দৰ্শাই যে পহলগামৰ ঘটনাই সেন্দূৰ কাঢ়ি নিলে, গতিকে অপাৰেশ্যন সেন্দূৰ নাম কিয় ৰখা হ'ল।
- Barasha Sarma
- Updated on: Jul 30, 2025
- 18:24 pm
Parliament monsoon session: পহলগাম আক্ৰমণ সন্দৰ্ভত সদনত বিৰোধীৰ ১১ টা ডাঙৰ প্ৰশ্ন, চৰকাৰৰ উত্তৰ কি?
সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে অপাৰেচন সেন্দূৰ, পহলগাম আক্ৰমণ, অপাৰেচন মহাদেৱক লৈ বহু কেইটা প্ৰশ্ন উত্থাপন কৰে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। কি কি প্ৰশ্ন কৰিছিল বিৰোধীয়ে, জানক সবিশেষ-
- Raj Saikia
- Updated on: Jul 30, 2025
- 11:36 am