TV9 ASSAM
আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত লিভাৰে মুখ্য ভূমিকা লয়। কিন্তু অস্বাস্থ্যকৰ খাদ্যাভ্যাসে আমাৰ লিভাৰক দুৰ্বল কৰি তোলে।
লিভাৰক সজীৱ আৰু বিষমুক্ত কৰিবলৈ আয়ুৰ্বেদত কেইবাটাও মহৌষধ আছে। পুষ্টিবিদ নমামী আগৰৱালাই ইয়াৰ বাবে বিশেষ পৰামৰ্শ আগবঢ়াইছে।
শিলিখা, আমলখি আৰু ভোমোৰাৰ সংমিশ্ৰণে লিভাৰ দ্ৰুতগতিত পৰিষ্কাৰ কৰে। বদহজম আৰু গেছৰ সমস্যা দূৰ কৰিবলৈ নিশা কুহুমীয়া পানীৰ সৈতে ত্ৰিফলা খাব পাৰে।
তুলসীৰ এণ্টিঅক্সিডেণ্ট গুণে লিভাৰৰ কোষবোৰক সুৰক্ষা দিয়ে। নিতৌ পুৱা তুলসীৰ পাত চোবাই খালে বা ইয়াৰ চাহ খালে লিভাৰ বিষমুক্ত হৈ থাকে।
হালধীত থকা 'কাৰকুমিন' এবিধ প্ৰাকৃতিক নিৰাময়ক। ই লিভাৰৰ প্ৰদাহ কমায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গাখীৰ বা পানীৰ সৈতে হালধি মিহলাই খাব পাৰে।
শগুণীলতাৰ ৰস লিভাৰৰ বাবে আশীৰ্বাদস্বৰূপ। ই তেজ পৰিষ্কাৰ কৰাৰ লগতে লিভাৰৰ পৰা ক্ষতিকাৰক উপাদানবোৰ বাহিৰ কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক
নিশা এফুটা নহৰু হ'ব পাৰে স্বাস্থ্যৰ বাবে মহৌষধি!