January 30, 2026
TV9 ASSAM
যদি আপুনি সুস্বাস্থ্য বজাই ৰাখিব বিচাৰে তেন্তে খাদ্যাভ্যাস ওপৰত গুৰুত্ব দিব লাগিব। এই ক্ষেত্ৰত আপোচ কৰাৰ কোনো স্থান নাই।
ই কলেষ্টেৰল হ্ৰাস কৰে। কাৰণ ক’লা ৰাজমাহত আঁহৰ পৰিমাণ বেছি। যিয়ে শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল শৰীৰৰ পৰা আঁতৰোৱাত সহায় কৰে।
ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। কাৰণ ক’লা ৰাজমাহত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু মেগনেছিয়াম থাকে। এই দুটা পুষ্টিকৰ উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
ডায়েবেটিছৰ বাবে উপকাৰী। ক’লা ৰাজমাহত গ্লাইচেমিক সূচকাংক কম। ফলত ৰাজমাহ খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নহয়।
হাড় আৰু পেশীৰ স্বাস্থ্যৰ বাবে উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে। স্নায়ু, পেশী আৰু হাড় শক্তিশালী কৰি ৰখাৰ বাবে মেগনেছিয়াম অতি প্ৰয়োজনীয়।
ই ওজন কমোৱাত সহায় কৰে, কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। গতিকে এফালে পেট ভৰাই অধিক খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস কৰে।
পঢ়িবলৈ ক্লিক কৰক