শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতৰ নতুন বায়ু প্ৰতিৰক্ষা ব্যৱস্থা! চেৰ পেলাব ৰাছিয়াৰ S400 ক…

Indian New Air Defence System: ভাৰতে নিজাকৈ নিৰ্মাণ কৰি আছে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। যদি ভাৰতৰ এই পৰিকল্পনা সফল হয় তেন্তে ই ৰাছিয়াৰ এছ-৪০০ ক ছেৰ পেলাব। শক্তিশালী হৈ উঠিব প্ৰতিৰক্ষা ব্যৱস্থা।

ভাৰতৰ নতুন বায়ু প্ৰতিৰক্ষা ব্যৱস্থা! চেৰ পেলাব ৰাছিয়াৰ S400 ক…
ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা
Barasha Sarma
Barasha Sarma | Published: 30 Jan 2026 12:28 PM

বিগত সময়চোৱাত ভাৰতৰ সেনা বাহিনী যথেষ্ঠ শক্তিশালী হৈছে। সমান্তৰালৈ ভাৰতে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থাও শক্তিশালী কৰিছে।  এতিয়া ভাৰতে নিজাকৈ এয়াৰ ডিফেন্স চিষ্টেম (Air Defence System)তৈয়াৰ কৰাৰ দিশে আগবাঢ়িছে। ইতিমধ্যে ‘আইৰন ড’ম’ (iron dome) ৰ বাবে ভাৰতে আকাশ (Akash Missile) ৰ দৰে ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে। এতিয়া প্ৰজেক্ট কুছা (Project kusha)ৰ অধীনত ভাৰতে প্ৰয়াস কৰিছে নিজাকৈ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ। এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে বিদেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰাৰ পৰিৱৰ্তে দেশৰ ভিতৰতে দীৰ্ঘ দূৰত্বৰ প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা। যদি ভাৰতৰ এই পৰিকল্পনা সফল হয় তেন্তে এই ব্যৱস্থা ৰাছিয়াৰ এছ-৪০০ৰ সমতুল্য বা তাতকৈ ভাল হ’ব পাৰে।

আকাশৰ বাবে তিনি তৰপীয়া ঢাল

প্ৰজেক্ট কুছাৰ অধীনত নতুন এয়াৰ ডিফেন্স চিষ্টেম গঢ়ি তোলা হ’ব। ইয়াত থাকিব ৩টা ইন্টাৰচেপ্টৰ মিছাইল; M1, M2 আৰু M3। এই ৩টা ক্ষেপণাস্ত্ৰই একেলগে এয়াৰ ডিফেন্স শ্বিল্ডৰ স্তৰ গঠন কৰিব। এই ব্যৱস্থাৰ লক্ষ্য হৈছে আকাশত শত্ৰুৰ যুঁজাৰু বিমান, ক্ৰুজ মিছাইল বা ড্ৰ’নৰ দৰে অস্ত্ৰ-শস্ত্ৰ ধ্বংস কৰা।

প্ৰথম পৰ্যায়ত থাকিব M1 মিছাইল। ইয়াৰ ৰেঞ্জ হ’ব ১৫০ কিলোমিটাৰ, যি বৰ্তমানৰ মধ্যম দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰতকৈ অধিক। ইয়াৰ ফলত বহু আগতেই শত্ৰুক ধ্বংস কৰিব পৰা যাব।

দ্বিতীয় পৰ্যায়ত থাকিব M2 মিছাইল। ই অধিক শক্তিশালী। ইয়াৰ ৰেঞ্জ হ’ব প্ৰায় ২৫০ কিলোমিটাৰ। এই ক্ষেপণাস্ত্ৰৰ সহায়ত বহু বেছি উচ্চতাত তীব্ৰ বেগত উৰি থকা শত্ৰুৰ বিমান বা মিছাইল ধ্বংস কৰিব পাৰিব।

তৃতীয় অৰ্থাৎ আটাইতকৈ উন্নত M3 ইন্টাৰচেপ্টৰ, যাৰ ৰেঞ্জ ৩৫০ কিলোমিটাৰ। অৱশ্যে ভৱিষ্যতে ইয়াৰ ৰেঞ্জ ৪০০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। যদি এই ক্ষেত্ৰত চৰকাৰ সফল হয় তেন্তে শত্ৰুৰ আকাশমাৰ্গৰ ভিতৰতো ভাৰতে আক্ৰমণ কৰিব পাৰে। ২০২৮ চনৰ ভিতৰত M3 ৰ প্ৰথমটো পৰীক্ষা সম্পন্ন হ’ব পাৰে। এনে ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী হৈ পৰিব।

 

অন্য খবৰ পঢ়কঃ পাকিস্তান ভ্ৰমণৰ পূৰ্বে বিবেচনা কৰক…নাগৰিকলৈ কিয় এই বাৰ্তা দিলে আমেৰিকাই…