শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিল্লীমুখী ইণ্ডিগ’ বিমান হাইজেকৰ ভাবুকি! আহমেদাবাদত কৰা হ’ল জৰুৰী অৱতৰণ

বিমানখনত এজন যাত্ৰীয়ে এখন টিছু পেপাৰ উদ্ধাৰ কৰে, য’ত বিমানখন হাইজেক কৰা আৰু বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লিখা আছিল। এই বিষয়ে জানিব পৰাৰ লগে লগে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলক (ATC) অৱগত কৰে আৰু বিমানখন আহমেদাবাদৰ অভিমুখে লৈ যায়।

দিল্লীমুখী ইণ্ডিগ’ বিমান হাইজেকৰ ভাবুকি! আহমেদাবাদত কৰা হ’ল জৰুৰী অৱতৰণ
ইণ্ডিগোৰ বিমান হাইজেকৰ ভাবুকি (প্ৰতিনিধিত্বমূলক ছবি)Image Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 30 Jan 2026 15:09 PM

পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি। কুৱেইটৰ পৰা দিল্লীলৈ আহি থকা ইণ্ডিগ’ৰ এখন বিমানত বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনত বোমা থকাৰ ভাবুকি পোৱাৰ লগে লগে আহমেদাবাদলৈ ডাইভাৰ্ট কৰি জৰুৰীকালীন অৱতৰণ (Emergency Landing) কৰোৱা হয়। লক্ষণীয়ভাৱে এই ভাবুকি এখন টিছু পেপাৰত লিখা এটা নোটৰ জৰিয়তে পোৱা গৈছিল। এই নোটত বিমানখন হাইজেক কৰি বোমাৰে উৰুৱাই দিয়া হ’ব বুলি ভাবুকি দিয়া হয়।

টিছু পেপাৰত পোৱা গৈছিল ভাবুকি

ইণ্ডিগ’ৰ এই বিমানখনত এজন যাত্ৰীয়ে এখন টিছু পেপাৰ উদ্ধাৰ কৰে, য’ত বিমানখন হাইজেক কৰা আৰু বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লিখা আছিল। এই বিষয়ে জানিব পৰাৰ লগে লগে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলক (ATC) অৱগত কৰে আৰু বিমানখন আহমেদাবাদৰ অভিমুখে লৈ যায়।

বিমানখন আহমেদাবাদত অৱতৰণ কৰাৰ লগে লগে নিৰাপত্তা বাহিনী আৰু ‘বোমা ডিটেকচন এণ্ড ডিচপোজাল স্কুৱাড’ (BDDS) ঘটনাস্থলীত উপস্থিত হয়। বিমানখনত থকা ১৮০ গৰাকী যাত্ৰীক সুৰক্ষিতভাৱে নমাই অনা হয় আৰু তেওঁলোকৰ সামগ্ৰীসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰা হয়।

বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে, যাত্ৰীসকলৰ লগতে বিমানখনত পৰীক্ষাৰ পিছতো কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই। সম্পূৰ্ণ পৰীক্ষা আৰু ক্লিয়াৰেঞ্চ পোৱাৰ পিছতহে বিমানখন পুনৰ দিল্লীৰ অভিমুখে উৰা মৰাৰ অনুমতি দিয়া হ’ব বুলি কৰ্তৃপক্ষই লগতে সদৰী কৰে।

ধাৰাবাহিক ভাবুকিৰ ঘটনা

শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত বিমান আৰু স্কুলসমূহলৈ এনেধৰণৰ ভুৱা বোমাৰ ভাবুকি অহাৰ ঘটনা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বেও ইণ্ডিগ’ৰে এখন বিমানত একেদৰেই টিছু পেপাৰত বোমাৰ ভাবুকি পোৱা গৈছিল, যাৰ বাবে বিমানখন লক্ষ্ণৌত জৰুৰীকালীনভাৱে অৱতৰণ কৰাব লগীয়া হৈছিল।