বিজেপি
ভাৰতীয় জনতা পাৰ্টী দেশৰ এটা ৰাজনৈতিক দল । বৰ্তমান দেশ শাসনৰ লগতে বহু কেইখন ৰাজ্যত শাসন চলাই আছে এই দলটোৱে । বিজেপিৰ নেতৃত্বত ভাৰতত পূৰ্বে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিল আৰু বৰ্তমান তিনিটাকৈ কাৰ্যকাল শাসন চলাই আছে নৰেন্দ্ৰ মোদীয়ে ।
মিঞাক ১ টকা কমাই দিলে অসমীয়া মানুহ ধনী নহয়! মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেতা পৱন খেৰাৰ
বুধবাৰে ডিমৌত এক জনসভাত পুনৰ মিঞাৰ বিৰুদ্ধে এক মন্তব্য কৰা দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাক। মিঞা ৰিক্সাৱালাক ৫ টকা ভাড়া হ'লে ৪ টকা দিবলৈ ৰাইজক আহ্বান জনোৱা দেখা গ'ল মুখ্যমন্ত্ৰীয়ে। এই বক্তব্য প্ৰকাশৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
- Raj Saikia
- Updated on: Jan 29, 2026
- 12:39 pm
উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক গলবস্ত্ৰক অসন্মান ৰাহুল গান্ধীৰ! খাৰ্গে ক’লে প্ৰকৃত কথা…
উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগ গলবস্ত্ৰ পৰিধান নকৰাৰ বাবে পুনৰ বিতৰ্কত সোমাই পৰিছে ৰাহুল গান্ধী। কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে উত্তৰ-পূবক অসন্মান কৰাৰ অভিযোগ তুলিছে।
- Barasha Sarma
- Updated on: Jan 27, 2026
- 13:35 pm
ৰাজনীতিত কোনো চৰ্টকাট নাই! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লৈয়েই ক’লে নীতিন নবীনে
এই প্ৰজন্মৰ কৰ্মীসকলে নিজৰ স্বাৰ্থ ত্যাগ কৰিব লাগিব। ৰাজনীতিৰ পৰা আঁতৰি থকাটো ইয়াৰ উত্তৰ নহয় বুলি উল্লেখ কৰি নীতিন নবীনে যুৱক-যুৱতীসকলক ৰাজনীতিত গঠনমূলকভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাজনীতিত কোনো চৰ্টকাট নাথাকে বুলি কয় নবীনে।
- Raj Saikia
- Updated on: Jan 20, 2026
- 16:11 pm
‘মই এজন কৰ্মী, নীতিন মোৰ বছ’… নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পণ কৰি ক’লে নৰেন্দ্ৰ মোদীয়ে
নীতিন নবীনক বিজেপিৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ সৰ্ববৃহৎ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হোৱাৰ বাবে নবীনলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।
- Raj Saikia
- Updated on: Jan 20, 2026
- 14:54 pm
সমুখত বহু কেইটা প্ৰত্যাহ্বান, নিৰ্বাচনমুখী চাৰি ৰাজ্যত দুৰ্বল বিজেপিৰ স্থিতি, কেনেকৈ মোকাবিলা কৰিব নীতিন নবীনে?
দলৰ মুৰব্বী হিচাপে নবীনে আৰম্ভণিৰে পৰাই অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, য’ত পশ্চিম বংগৰ উপৰিও কেৰালা, পুডুচেৰী, তামিলনাডু, অসমৰ দৰে ৰাজ্যৰ নিৰ্বাচনো অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে অসমৰ বাহিৰে বাকী ৰাজ্যসমূহত বিজেপিয়ে নিজাববীয়াকৈ ক্ষমতালৈ আহিব পৰা নাই ৷
- Raj Saikia
- Updated on: Jan 20, 2026
- 12:33 pm
কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি? দৌৰত সবাতোকৈ আগত নীতিন নবীন, ২০ জানুৱাৰীত ফলাফল
বিয়লি ২ৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন দাখিল কৰিব নীতিন নবীনে। ইয়াৰ পিছত বিয়লি ৪ৰ পৰা ৫ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব, আৰু সন্ধিয়া ৫ৰ পৰা ৬ বজাৰ ভিতৰত প্ৰত্যাহাৰ সম্ভৱ হ’ব। অৱশ্যে কাইলৈ অৰ্থাৎ ২০ জানুৱাৰীত মনোনয়নৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব।
- Raj Saikia
- Updated on: Jan 19, 2026
- 12:20 pm
৩০ জানুৱাৰীত পুনৰ অসমলৈ অমিত শ্বাহ, ডিব্ৰুগড়ত আধাৰশিলা স্থাপন কৰিব অসমৰ দ্বিতীয়টো বিধানসভা ভৱনৰ
চলিত মাহৰ শেষৰ ফালে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰায় এমাহৰ ব্যৱধানত এয়া দ্বিতীয়টো অসম ভ্ৰমণ হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ডিব্ৰুগড়ত উপস্থিত হৈ অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।
- Raj Saikia
- Updated on: Jan 17, 2026
- 17:07 pm
বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন? কেতিয়া ঘোষণা হ’ব জেপি নাড্ডাৰ উত্তৰাধিকাৰী…
Bjp New President: শীঘ্ৰেই বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ইয়াক লৈ ইতিমধ্যে সময়সূচী ঘোষণা কৰা হৈছে। হ'বলগীয়া নিৰ্বাচনক লৈ ১৯ জানুৱাৰীত মনোনয়ন দাখিল কৰা হ’ব, আৰু ২০ জানুৱাৰীত ঘোষণা কৰা হ’ব নতুন সভাপতি।
- Barasha Sarma
- Updated on: Jan 16, 2026
- 15:43 pm
Assam BJP: সাজু বিজেপি! ২৬’ৰ বাবে কোনে লাভ কৰিব কি সমষ্টিৰ টিকট? মুখ্যমন্ত্ৰীৰ ঘোষণা…
Assam Assembly Election: মাজত মাত্ৰ কেইটামান দিন। সম্ভৱতঃ কিছুদিন পাছতেই ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ দিন। ইয়াকে লৈ ইতিমধ্যে প্ৰতিটো দল-সংগঠনে নিজা নিজা প্ৰস্তুতি চলাই গৈছে। পিছে কোনে পাব ক'ৰ পৰা টিকট?
- Barasha Sarma
- Updated on: Jan 9, 2026
- 08:19 am
Kabindra Purkayastha: বিজেপিৰ প্ৰবীন নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকপ্ৰাপ্তি…
Kabindra Purkayastha: ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক বেয়া খবৰ। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যু। বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে পুৰকায়স্থই।
- Barasha Sarma
- Updated on: Jan 7, 2026
- 17:46 pm
অখিল গগৈৰ ভাষণ কেৱল মনোৰঞ্জনৰ বাবেহে, গুৰুত্বসহকাৰে ল’ব নালাগে! মুখ্য়মন্ত্ৰীৰ কটাক্ষ
বোকাখাতত এক ৰাজহুৱা সমাৱেশত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে অখিল গগৈৰ ফেচবুক লাইভ ৰাইজে উপভোগ কৰে। দুখ হ’লে তেওঁৰ লাইভ চাব ৷ যেনেকৈ মানুহে কামৰ পাছত গান শুনি জিৰণি লয়, নিশা অখিল গগৈৰ প্রেছ মিট আৰু ফেচবুক লাইভ শুনিও সতেজতা লাভ কৰিব পাৰি ৷
- Raj Saikia
- Updated on: Jan 6, 2026
- 17:12 pm
দেৱাল লেখন আৰম্ভ, সমষ্টিৰ সীমা নিৰ্ধাৰণেও কৰিছে লাভান্বিত… ২০২৬ ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে কিমান আসন পাব পাৰে?
বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ ওচৰত এইবাৰৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্পূৰ্ণ শক্তি আছে। ১২৬ খন আসনৰ ভিতৰত এন ডি এই অতিকমেও ১০৩ খন আসন লাভ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে।
- Raj Saikia
- Updated on: Jan 5, 2026
- 14:01 pm
অসমৰ লগতে দেশৰ পৰা এটা এটাকৈ বাহিৰ কৰা হ’ব অবৈধ বাংলাদেশী, বৰদোৱাত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি
বৰদোৱাত এক জনসভা সম্বোধন কৰি শ্বাহে কয় যে কেন্দ্ৰই চুবুৰীয়া ৰাজ্যৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াব। কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। অসমীয়া মানুহৰ সংস্কৃতি, মাটি আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাংলাদেশীক কংগ্ৰেছে ভোটবেংক হিচাপে গণ্য কৰা বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
- Raj Saikia
- Updated on: Dec 29, 2025
- 15:47 pm
২৬’ৰ নিৰ্বাচনত হ’বনে অগপ-বিজেপিৰ মিত্ৰতা? কোনে পাব কিমান আসন, ক’লে মুখ্যমন্ত্ৰীয়ে…
Assam Assembly Election 2026: সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬। ইয়াকে লৈ ইতিমধ্যে প্ৰতিটো দলে চলাইছে নিজা নিজা প্ৰস্তুতি। পিছে এতিয়ালৈকে কাৰো চূড়ান্ত হোৱা নাই আসনৰ ভাগ-বতৰা। প্ৰশ্ন হয়, এইবাৰ অগপ-বিজেপিৰ মিত্ৰতা হ'বনে?
- Barasha Sarma
- Updated on: Dec 28, 2025
- 18:46 pm
২০২৬ ৰ বাবে কৌশলী মন্ত্ৰ লৈ আজি অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন
ৰাষ্ট্ৰীয় পদ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰা নবীনক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলীয় কৰ্মীসকলে সম্বৰ্ধনা জনায়। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাংগঠনিক বিষয়সমূহৰ মূল্যায়ন কৰা, নিৰ্বাচনী কৌশল আৰু নীতিৰ সন্দৰ্ভত বিতং আলোচনা কৰা হ’ব।
- Raj Saikia
- Updated on: Dec 26, 2025
- 12:08 pm