বিশেষ অধিবক্তাৰ দল গঠনৰ আহ্বান, মুখ্যমন্ত্ৰীলৈ পত্ৰ জুবিন গাৰ্গ পৰিয়ালৰ
আদালতত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া। ইয়াৰ মাজতে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ জুবিন গাৰ্গ পৰিয়ালৰ। পত্ৰত কি আছে ?
জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়াৰ বাবে অভিজ্ঞ আগশাৰীৰ অধিবক্তা লৈ Special Prosecutor Team গঠন আৰু বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে। এইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালে। লগতে পৰিয়ালটোৱে অধিবক্তসকলক অভিযুক্তৰ অধিবক্তাৰ বিপক্ষে যুঁজ দিবলৈ এই আইনী প্রক্রিয়াটোত প্রয়োজন হোৱা উপযুক্ত logistics আৰু অন্যান্য প্রয়োজনীয় সা সুবিধাসমূহো উপলব্ধ কৰি দিবলৈ আহ্বান জনাইছে।
পত্ৰত উল্লেখ কৰা হৈছে যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ আঘাট লৈয়ে স্থবিৰ হৈ ৰৈ আছে পৰিয়ালটো। পত্ৰত লিখিছে, “ঘটনাটোৰ পিছৰে পৰা আমি অনুধাৱন কৰিছো যে, অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈ কামবোৰ আগবঢ়াই নিছে। SIT গঠন কৰি এক দীঘলীয়া তদন্ত প্রক্রিয়াৰ পাছত নির্দিষ্ট সময়ৰ ভিতৰত চার্জশ্বীট দাখিল কৰিছে। জুবিন গাৰ্গৰ সৈতে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা শব্দ যোগ হ’ল “হত্যা”- চার্জশ্বীটখনত বহুতো সাক্ষ্য আৰু প্রমানসহ বিস্তৃত আৰু স্পষ্টভাৱে এই কথা প্রকাশ পাইছে। ইতিমধ্যে আদালতত শুনানিৰ প্রক্রিয়া আৰম্ভ হৈছে। গতিকে, সম্পূর্ণ ন্যায় প্রক্রিয়া এতিয়া আদালতৰ যোগেদিয়েই আগবাঢ়িব।”
“মহোদয়ে পৰিয়াল তথা সমগ্র ৰাইজক জুবিন গাৰ্গক উচিত ন্যায় প্রদান কৰা হ’ব বুলি বিভিন্ন সময়ত ঘোষণা কৰি আহিছে, আশ্বাস প্রদান কৰি আহিছে। এই বছৰটোৰ প্রথম দিনটোতে গোটেই আইনী প্রক্রিয়াটো সবল কৰাৰ উদ্দেশ্যে এটা Special Public Persecutor Team গঠন কৰাৰ লগতে প্রক্রিয়াটো ক্ষীপ্রতৰ হোৱাকৈ এখন বিশেষ আদালতৰ বাবে মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ কথাও ঘোষণা কৰিছিল।”
“যিহেতু আদালতত ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু দেখা গৈছে যে, অভিযুক্তসকলৰ প্রত্যেকেই নিজৰ প্ৰতিৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে। তেনেক্ষেত্রত জুবিন গার্গে উচিত ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষতো এটা অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰাৰ প্রয়োজন আৰু সময় আহি পৰিছে। আদালতত আইনী যুজখন সবল হ’বলৈ হ’লে অতি শীঘ্রেই যথেষ্ট অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তাৰ দল এটা বিশেষ Public Prosecutor Team হিচাবে নিয়োগ কৰাটো আমাৰ দৃষ্টিত আৰু ৰাইজৰো দৃষ্টিত এই সময়ত অত্যন্ত প্রয়োজনীয়। সমান্তৰালভাৱে এখন বিশেষ আদালতৰো প্রয়োজন হ’ব ন্যায় প্রক্রিয়াটো ক্ষীপ্র গতিত চলাই নিবলৈ।” এই কথা পত্ৰত উল্লেখ কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে।
অন্যথা, তদন্তত উল্লেখিত প্রায় ৩৯৪ জন সাক্ষীৰ সাক্ষ্য গ্রহণ কৰি আন আন দিশৰ প্রয়োজনীয় পদক্ষেপসমূহ ল’বলৈ আদালতত দশকযোৰা সময় লাগি যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালে।