Budget 2026 Date: ১ ফেব্ৰুৱাৰী দেওবাৰ! এইবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে পৰম্পৰা ৰক্ষা কৰিবনে ?
২০১৭ চনৰ পৰা ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰাটো আমাৰ দেশত এক পৰম্পৰাত পৰিণত হৈছে। তেতিয়াৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে আৰম্ভ কৰিছিল এই পৰম্পৰা। উদ্দেশ্য আছিল মাত্ৰ এটা; ১ এপ্ৰিলত নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে সংসদৰ সকলো অনুমোদন প্ৰক্ৰিয়া যাতে সম্পূৰ্ণ হয়।
কেলেণ্ডাৰৰ মতে, ১ ফেব্ৰুৱাৰী দেওবাৰ। আৰু এই বন্ধৰ দিনটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চৰ্চা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰম্পৰা অনুসৰণ কৰি ১ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে বাজেট দাখিল কৰিব নেকি? নে দেওবাৰ হোৱাৰ বাবে ২ ফেব্ৰুৱাৰী সোমবাৰলৈ পিছুৱাই দিয়া হ’ব বাজেট দাখিলৰ তাৰিখ?
২০১৭ চনৰ পৰা ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰাটো আমাৰ দেশত এক পৰম্পৰাত পৰিণত হৈছে। তেতিয়াৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে আৰম্ভ কৰিছিল এই পৰম্পৰা। উদ্দেশ্য আছিল মাত্ৰ এটা; ১ এপ্ৰিলত নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে সংসদৰ সকলো অনুমোদন প্ৰক্ৰিয়া যাতে সম্পূৰ্ণ হয়। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বাজেট দাখিল কৰা হৈছিল। ইয়াৰ ফলত কামৰ অগ্ৰগতিত পলম হৈছিল।
দেওবাৰে অনুষ্ঠিত হ’বনে সংসদৰ বাজেট অধিৱেশন? উত্তৰটো হ’ল; হয়। ইয়াৰ পূৰ্বে বন্ধৰ দিনত বাজেট দাখিল কৰাৰ নজিৰ আছে। যোৱা বছৰ অৰ্থাৎ ২০২৫ চনত নিৰ্মলা সীতাৰমণে শনিবাৰে বাজেট দাখিল কৰিছিল। ইয়াৰ পূৰ্বে ২০১৫ আৰু ২০১৬ চনত অৰুণ জেটলীয়েও শনিবাৰ আৰু দেওবাৰে বাজেট দাখিল কৰাৰ পথত আগবাঢ়িছিল। চৰকাৰী সূত্ৰৰ মতে, ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিবলৈ চৰকাৰ অধিক আগ্ৰহী।
অৱশ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে অৱশ্যে এই সন্দৰ্ভত স্পষ্টকৈ কৈছে যে, “সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত সঠিক সময়ত অৱগত কৰিব।” যদি ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হয়, তেন্তে এয়া হ’ব নিৰ্মলা সীতাৰমণৰ একেৰাহে অষ্টম বাজেট। মোৰাৰজী দেশাইৰ অভিলেখৰ দিশত আৰু এখোজ আগুৱাই যাব নিৰ্মলা সীতাৰমণ।
