7 Jan 2026
TV9 ASSAM
শীতকালৰ শেষত ফাগুন মাহ আৰম্ভ হোৱাৰ আগতে সৰস্বতী পূজা পালন কৰা হয়।
সৰস্বতী পূজা শিক্ষানুষ্ঠানসমূহত অতি উলহ-মালহেৰে আয়োজন কৰা হয়। পূজাৰ প্ৰসাদৰ উপৰিও খিচিৰ, পায়স আদি খোৱাৰো আয়োজন থাকে।
এইবাৰ ২০২৬ চনৰ সৰস্বতী পূজা ২৩ জানুৱাৰী শুক্রবাৰে পৰিছে।
এই পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা অনুষ্ঠিত কৰা হয়।
পঞ্চমী তিথি ২৩ জানুৱাৰীৰ দুপৰীয়া ২:২৪ বজাৰ পৰা আৰম্ভ হৈ পিছদিনা শেষ হ’ব। গতিকে ২৩ জানুৱাৰীৰ দুপৰীয়াৰ পৰা পিছদিনা পুৱালৈকে পূজাৰ মূল সময় আৰম্ভ হয়, কিন্তু ফুলৰ প্ৰসাদ আৰু মূল পূজা সাধাৰণতে ২৩ জানুৱাৰীত কৰা হয়।
পূজাৰ দিনটোত কি কি ৰীতি-নীতি পালন কৰিব লাগে। বসন্ত পঞ্চমীত, ব্ৰহ্মা মুহুৰ্তৰ সময়ত বিচনীৰ পৰা উঠিব লাগে ৷ তাৰ পিছত দেৱী সৰস্বতীক ধ্যান কৰক ৷
তাৰ পিছত, গা ধুই হালধীয়া কাপোৰ পিন্ধিব লাগে, কিয়নো হালধীয়া ৰং দেৱীৰ বাবে অতি প্ৰিয় ৷ তাৰ পিছত, এখন পিৰাত ৰঙা বা হালধীয়া কাপোৰ পাৰি তাৰ ওপৰত দেৱী সৰস্বতীৰ মূৰ্তি বা ফটো ৰাখিব লাগে ৷
পঢ়িবলৈ ক্লিক কৰক