শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পহলগাম কাণ্ডৰ পূৰ্বে কৰিছিল ভ্ৰমণ! পুনৰ পাকিস্তানত হামাছৰ শীৰ্ষ নেতা…

পাকিস্তানৰ সৈতে সম্পৰ্ক ভাল হৈছে হামাছৰ জ্যেষ্ঠ কামাণ্ডাৰৰ। শেহতীয়াকৈ হামাছৰ এজন নেতাই পাকিস্তান ভ্ৰমণ কৰিছে। তেওঁ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বেও পাকিস্তান ভ্ৰমণ কৰিছিল। এই কথাই এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে।

পহলগাম কাণ্ডৰ পূৰ্বে কৰিছিল ভ্ৰমণ! পুনৰ পাকিস্তানত হামাছৰ শীৰ্ষ নেতা…
হামাছ নেতা
Barasha Sarma
Barasha Sarma | Updated On: 07 Jan 2026 23:02 PM

শেহতীয়াকৈ পাকিস্তানৰ গুজৰাণৱালাত আয়োজন হোৱা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হামাছৰ জ্যেষ্ঠ কামাণ্ডাৰ নাজি জাহিৰ। পাকিস্তানৰ মিলি মুছলিম লীগ (PMML) য়ে আয়োজন কৰা এই অনুষ্ঠানটো লস্কৰ-ই-তৈবা (LeT) ৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। ইয়াৰপৰি নাজি জাহিৰে সঘনাই পাকিস্তান ভ্ৰমণ কৰা ঘটনাই বহু প্ৰশ্নৰ উত্থাপন কৰিছে। হামাছৰ প্ৰাক্তন নেতা খালেদ মাছালৰ বিশেষ প্ৰতিনিধি এই জাহিৰ।

অনুষ্ঠানৰ সময়ত তেওঁ কেফিয়া (Keffiyeh) পৰিধান কৰি ভাষণ দিয়া দেখা যায়। উল্লেখ কৰা প্ৰয়োজন যে, লস্কৰ-ই-তৈবা আৰু PMMLক ৰাষ্ট্ৰসংঘই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। তেনেস্থলত পাকিস্তানৰ এনে কাৰ্যই দেশখন সন্ত্ৰাসবাদীৰ নিৰাপদস্থল কৰি তুলিছে।

LeT কামাণ্ডাৰৰ সৈতে বৈঠক

সূত্ৰ অনুসৰি, জাহিৰে পাকিস্তানত LeT ৰ কামাণ্ডাৰ ৰছিদ আলী সন্ধুৰ সৈতে বৈঠকত মিলিত হয়। আনকি দুয়োকে একেখন মঞ্চতে দেখা গৈছি, য’ত একাংশই আল্লহু আকবৰ ধ্বনি দিছিল। সামাজিৰ মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। লস্কৰ-ই-তৈবাৰ সমৰ্থিত দল পাকিস্তান মাৰ্কজী মুছলিম লীগৰ বেনাৰত অনুষ্ঠিত হয় এই অনুষ্ঠান।

ইয়াৰ পূৰ্বেও কৰিছিল ভ্ৰমণ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কেইসপ্তাহমান পূৰ্বে ২০২৫ চনৰ ফেব্ৰুৱাৰীত জাহিৰে পাকিস্তান অধিকৃত কাশ্মীৰ (POK) ভ্ৰমণ কৰিছি। সেই সময়ত তেওঁ LeT ৰ আৰু জৈছ-ই-মহম্মদৰ কমাণ্ডাৰৰ সৈতে যৌথ ভাৰত বিৰোধী সমাৱেশত ভাষণ দিছিল। পাকিস্তাৰ সৈতে তেওঁৰ সম্পৰ্ক দীঘলীয়া।

২০২৩ চনৰ পৰা পাকিস্তানৰ সৈতে জাহিৰৰ সম্পৰ্ক শক্তিশালী হৈ পৰিছে। ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পাছত জাহিৰ পাকিস্তানত উপস্থিত হৈছিল। সেই সময়ত তেওঁ জমিয়ত উলেমা-ই-ইছলামৰ মুৰব্বী মৌলানা ফজল-উৰ-ৰেহমানৰ সৈতে সাক্ষাৎ কৰিছিল আৰু পেছাৱৰত অনুষ্ঠিত মুফতি মাহমুদ সন্মিলনত ভাষণ দিছিল।

ইয়াৰ পাছত ২০২৩ চনৰ ২৯ অক্টোবৰত বেলুচিস্তানৰ কুৱেটাত অনুষ্ঠিত হোৱা আল-আকছা ষ্টৰ্ম কনফাৰেন্সত আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত কৰাচীত অনুষ্ঠিত হোৱা ‘টুফান-ই-আকছা’ সন্মিলনত অংশ লয়। ২০২৪ চনৰ জানুৱাৰীত তেওঁ কৰাছী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ সৈতে কথা বাদে। ইয়াৰ পাছত ২০২৪ চনৰ এপ্ৰিলত ইছলামবাদ হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনে তেওঁক সন্মান জনায়। জাহিৰৰ সঘনাই পাকিস্তান ভ্ৰমণে এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে।

 

অন্য খবৰ পঢ়কঃ শৰৎ চক্ৰৱৰ্তীৰ সৈতে বাংলাদেশত ভয়ংকৰ কাণ্ড! ২৪ ঘন্টাত ২ জন হিন্দুৰ লগত গা কঁপাই যোৱা ঘটনা…