ৰকিবুল হুছেইনৰ বিৰুদ্ধে গঁড় হত্যাৰ অভিযোগ বিধায়ক আশ্ৰাফুলৰ…
অসম বিধানসভা নিৰ্বাচন সমাগত। ইয়াৰ বাবে ইয়াকে লৈ সাজু হৈছে প্ৰতিটো দল সংগঠন। ইয়াৰ মাজতে বিধায়ক আশ্ৰাফুল হুছেইনে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে কটাক্ষমূলক মন্তব্য কৰে। গঁড় হত্যাৰ অভিযোগ কৰে।
সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বিধায়ক আশ্ৰাফুল হুছেইনৰ। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ সাংসদগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, “সাংসদ ৰকিবুল হুছেইন এজন অপদাৰ্থ। শিক্ষাৰ লগত জড়িত অনুষ্ঠানত তেওঁ ৰাজনৈতিক ভাষণ ৰাখিছে। এয়া ভাল হোৱা নাই। গঁড়ৰ খৰ্গ কাটি খোৱা মানুহ। তেওঁ দৈস্যু, ডকাইত। তেওঁ বদৰুদ্দিন আজমলৰ দৰে এজন ব্যক্তিক কেৱল এনেকৈ কব পাৰে। তেওঁ কাকো টকা দি নাপায়”।
উল্লেখ্য যে, এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰকিবুলে আজমলৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল। আজমলে বিজেপিৰ হৈ কাম কৰি আছে বুলি কৈছিল। এই কথাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আশ্ৰাফুল হুছেইনে সাংসদ ৰকিবুল হুছেইনক লক্ষ্য কৰি লয়।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
