শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চীনৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰিব পাকিস্তানে, বিশেষ নিৰাপত্তা ইউনিট গঠনৰ ঘোষণা…

ইতিমধ্যে পাকিস্তান সেনাই CPEC সুৰক্ষিত কৰিবলৈ গ্ৱাদাৰ আৰু চিলাছত প্ৰায় ৮ হাজাৰকৈ সৈন্যৰে গঠিত দুটা লাইট ইন্ফেন্ট্ৰী ডিভিজন (Light Infantry Division) মোতায়েন কৰিছে। ইয়াৰ পিছতো আক্রমণ বন্ধ হোৱা নাই৷

চীনৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰিব পাকিস্তানে, বিশেষ নিৰাপত্তা ইউনিট গঠনৰ ঘোষণা…
চীন-পাকিস্তান
Trishna Kalita
Trishna Kalita | Published: 08 Jan 2026 07:15 AM

পাকিস্তানত চীনৰ নাগৰিক আৰু শ্ৰমিকৰ ওপৰত অব্যাহত থকা আক্ৰমণৰ পিছত পাকিস্তান চৰকাৰে নতুন নিৰাপত্তা বাহিনী গঠনৰ কথা চিন্তা কৰিছে। এই বিশেষ নিৰাপত্তা ইউনিটটো কেৱল পাকিস্তানত থকা চীনা নাগৰিকৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত হ’ব।

গৃহ মন্ত্ৰালয়ৰ মতে, এই নতুন বাহিনীটো কেপি, উত্তৰ অঞ্চল, লাহোৰ, কৰাচী, ইছলামবাদ, আৰু বেলুচিস্তানৰ কিছু অংশত নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই ইউনিটে বিভিন্ন প্ৰকল্পত কাম কৰা চীনা অভিযন্তা আৰু শ্ৰমিকসকলক সুৰক্ষা প্ৰদান কৰিব।

চীনা নাগৰিকৰ সুৰক্ষা

ইছলামবাদত গৃহমন্ত্ৰী মহছিন নাকৱীয়ে কয় যে, ৰাজধানীত চীনৰ নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে বিশেষ নিৰাপত্তা ইউনিট গঠন কৰা হৈছে। শেহতীয়াকৈ হোৱা আক্ৰমণ আৰু ভাবুকিৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে, বিশেষকৈ বেলুচ সশস্ত্ৰ সংগঠনৰ সৈতে জড়িত ভাবুকিৰ পিছত। চীনৰ গৃহ মন্ত্ৰী ৱাং জিয়াওহঙৰ সৈতে হোৱা বৈঠকত তেওঁ এই মন্তব্য কৰে।

কিয় বন্ধ হোৱা নাই আক্ৰমণ?

মন কৰিবলগীয়া যে ইতিমধ্যে পাকিস্তান সেনাই চিপিইচিক সুৰক্ষিত কৰিবলৈ গ্ৱাদাৰ আৰু চিলাছত প্ৰায় ৮ হাজাৰকৈ সৈন্যৰে গঠিত দুটা লাইট ইন্ফেন্ট্ৰী ডিভিজন (Light Infantry Division) নিয়োগ কৰিছে। ইয়াৰ পিছতো আক্রমণ বন্ধ হোৱা নাই৷

চীন ভ্ৰমণত পাকিস্তানৰ গৃহ মন্ত্ৰী

সূত্ৰসমূহে জনোৱা মতে, বিশেষকৈ চীনৰ নাগৰিকৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাণ্ড আৰু পূৰ্বৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তৰ ওপৰত যথেষ্ট দিনৰ পৰা আলোচনা চলি আছে। এই তথ্য এনে সময়ত প্ৰকাশ পাইছে যেতিয়া পাকিস্তানৰ গৃহ মন্ত্ৰী চীন ভ্ৰমণত আছে। নতুন বছৰত প্ৰকাশ পোৱা তথ্যই পাকিস্তানৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ বিফলতা উদঙাই দিছে।