শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9: বিজেপিৰ বিৰুদ্ধে অভিযোগৰ পৰা মোদীৰ ফোনলৈ, দিনটোৰ খবৰ…

Top9 news: সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে সাজু হৈছে প্ৰতিটো দল-সংগঠন। অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইফালে ইয়াৰ প্ৰতিক্ৰিয়া দিছে দিলীপ শইকীয়াই।

Top9: বিজেপিৰ বিৰুদ্ধে অভিযোগৰ পৰা মোদীৰ ফোনলৈ, দিনটোৰ খবৰ…
অখিল গগৈImage Credit source: social media
Barasha Sarma
Barasha Sarma | Published: 07 Jan 2026 16:46 PM

আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১) জুবিন গাৰ্গ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব লোক অধিবক্তা। অতিৰিক্তভাৱে গোচৰটোত ৫ জন অভিজ্ঞ আৰু জ্যেষ্ঠ ক্ৰিমিনেল অধিবক্তাক নিয়োগ কৰিব চৰকাৰে। ইতিমধ্যে ৭-৮ জনীয়া জ্যেষ্ঠ অধিবক্তাৰ তালিকা প্ৰস্তুত কৰিছে। ৯ জানুৱাৰীত কেবিনেটত তালিকাখনৰ পৰা নিৰ্বাচন কৰা হ’ব ৫ জন অধিবক্তাক। ইতিমধ্যে তালিকাত অন্তৰ্ভুক্ত হৈছে অধিবক্তা জিয়াউল কামাৰ,পল্লৱ কটকীৰ নাম। উল্লেখ্য যে, জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গেও মুখ্যমন্ত্ৰীক অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে আহ্বান জনাইছিল।

২) বিজেপিৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ ডাঙৰ অভিযোগ। গগৈয়ে কয় যে, ৪ জানুৱাৰীত ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী অশোক সিংঘালক ৬০টা বিধানসভা সমষ্টিৰ যোগ্য ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব দিছে বুলি স্বীকাৰ কৰিছে। লগতে বিধায়কগৰাকীয়ে দাবী কৰে, বিজেপিক ভোট নিদিয়া লোকসকলৰ তালিকা ১২ জানুৱাৰীৰ ভিতৰত জমা দিবলৈ দলটোৰ বিধায়ক আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিয়া হৈছে।

৩)অখিল গগৈৰ অভিযোগ সন্দৰ্ভত বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া। তেওঁ কয় যে,অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা ‘Screenshot’ সমূহ ৪ জানুৱাৰীত অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেন্সৰ ফটো। এই ফটো ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰিছে বিষয়াসকলে।অখিক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অৰ্থাৎ কোনো গুৰুত্ব নাই। লগতে কয় যে, তেওঁলোকে কেৱল মিঞাৰ নাম বাদ পৰাটো নিবিচাৰে লাগিলে খিলঞ্জীয়াৰ নাম বাদ পৰক। তিনি গগৈৰ Mind Set অসমৰ বাবে বহু ভয়ংকৰ। অসমৰ ৰাইজ তিনি গগৈৰ পৰা সাৱধানে থাকক।

৪)মাৰ্ঘেৰিটাত ম্যানমাৰৰ সন্দেহজনক দুই যুৱকসহ ৫ জনক আটক আৰক্ষীৰ। আটকাধীন লোককেইজনৰ জিম্মাৰ পৰা বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ আৰক্ষীৰ। প্ৰাপ্ত খবৰ অনুসৰি, তেওঁলোকৰ জিম্মাৰ পৰা ২ কিলো ৭৫২ গ্ৰাম নিষিদ্ধ দ্ৰব্য জব্দ হৈছে। এক গোপন সূত্ৰ পমখেদি আৰক্ষীয়ে আটক কৰে আটককেইজন।

৫) ডিমৌত আৰক্ষীৰ গুলীত এজনৰ মৃত্যু। মৃত ব্যক্তিজনৰ নাম ৰঞ্জিত পাণ্ডৱ। জানিব পৰা মতে, খৰাহাট বৰদিৰৈ গাঁৱৰ ৰঞ্জিত পাণ্ডৱে কালি নিশা পত্নীসহ আন এজন ব্যক্তিক দাৰে আক্ৰমণ কৰিছিল। ঘটনাৰ খবৰ পাই ডিমৌ আৰক্ষী উক্ত স্থানত উপস্থিত হয়। কিন্তু ৰঞ্জিত পাণ্ডৱে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত আৰক্ষীয়ে তেওঁলৈ গুলী চালনা কৰে। ৰঞ্জিত পাণ্ডৱক  চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

৬) বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰি কয় যে, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। অনাগত দিনত অসমত ইয়াৰ প্ৰভাৱ পৰিব। শৰ্মাই আৰু কয় যে, অসমত জেহাদী আছে, আৰু আমি বিগত ১০ বছৰত বাৰে বাৰে ইয়াৰ প্ৰমাণ পাইছো। কিছুমান উপাদান এতিয়াও ক’ৰবাত লুকাই আছে, হয়তো তেওঁলোক শ্লীপাৰ চেলৰ অংশ। এই সকলোবোৰ চিন্তাৰ বিষয়।

৭) অসম বিধানসভা নিৰ্বাচনক লৈ সাজু প্ৰতিটো দল-সংগঠন। ইয়াৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছে যুটীয়া সচিব শ্বাহনেৱাজ আহমেদক। দলীয় অনুশাসন ভংগ তথা দলৰ ভাবমূৰ্তি নষ্ট কৰাৰ অভিযোগত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হয় শ্বাহনাৱাজক। জানিব পৰা মতে,সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে এই নিলম্বনৰ সিদ্ধান্ত লোৱা হৈছে।APCCৰ সাধাৰণ সম্পাদক (সংগঠন) বিপুল গগৈৰ স্বাক্ষৰিত এই নিৰ্দেশত পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে নিলম্বন বলবৎ থাকিব বুলি উল্লেখ কৰিছে।

৮)বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমযোগে এই কথা জনাই মোদীয়ে। তেওঁ কয় যে,”মোৰ বন্ধু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে কথা পাতিবলৈ পাই আনন্দিত হৈছো। তেওঁক আৰু ইজৰাইলৰ জনসাধাৰণক নতুন বছৰৰ শুভেচ্ছা জনাইছো।”

৯) পুনৰ এখন বিমানৰ জৰুৰী অৱতৰণ। জয়পুৰৰ পৰা বেংগালুৰুলৈ গৈ থকা অৱস্থাত ইন্দোৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে। জানিব পৰা মতে, বিমানখনত থকা এবছৰীয়া শিশুটি হঠাতে অসুস্থ হৈ পৰাত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। অৱশ্যে সকলো প্ৰচেষ্টাৰ পিছতো চিকিৎসাৰ সময়ত শিশুটিৰ মৃত্যু হয়।

 

অন্য খবৰ পঢ়কঃ অৱসৰৰ সময়ত কেনেকৈ লাভ কৰিব ৩ কোটি টকা? জানক সমগ্ৰ প্ৰক্ৰিয়া…