শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Kabindra Purkayastha: বিজেপিৰ প্ৰবীন নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকপ্ৰাপ্তি…

Kabindra Purkayastha: ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক বেয়া খবৰ। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যু। বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে পুৰকায়স্থই।

Kabindra Purkayastha: বিজেপিৰ প্ৰবীন নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকপ্ৰাপ্তি…
কবীন্দ্ৰ পুৰকায়স্থImage Credit source: social media
Barasha Sarma
Barasha Sarma | Updated On: 07 Jan 2026 17:46 PM

ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এটা বেয়া খবৰ। ভাৰতীয় জনতা পাৰ্টি (BJP) ৰ প্ৰবীন নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকপ্ৰাপ্তি। বুধবাৰ (৭জানুৱাৰী)য়ে বিয়লি ৫ মান বজাত শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে অসম বিজেপিৰ পিতামহ স্বৰূপ পুৰকায়স্থই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯৫ বছৰ। এই মৃত্যুৰ খবৰে ৰাজনৈতিক মহলত এক শোকৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বহু ৰাজনৈতিক নেতাই পুৰকায়স্থৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

১৯৩১ চনত জন্ম লাভ কৰা পুৰকায়স্থই প্ৰথম অৱস্থাত এজন শ্ৰমিক হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কষ্টৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তথ্য অনুসৰি,১৯৯১ চনত অসমৰ শিলচৰ সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮ চনত একেটা সমষ্টিৰ পৰা পুনৰ লোকসভালৈ নিৰ্বাচিত হয়। ২০০৯ চনত শিলচৰৰ পৰা ২০০৯ চনত তেওঁ INC আৰু AIUDFৰ প্ৰাৰ্থীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়। কিন্তু কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ সুস্মিতা দেৱ (আই এন চি)ৰ হাতত পৰাস্ত হৈছিল। তেওঁ নিজৰ জীৱনকালত সমাজৰ বাবে বিভিন্ন কাম কৰিছিল। যাৰ বাবে ২০২৪ চনত তেওঁক সন্মানীয় ডক্টৰেড ডিগ্ৰীৰে সন্মানিত কৰা হৈছিল।

১৯৯৮ চনৰ পৰ ১৯৯৯ চনলৈ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ তেওঁ কেন্দ্ৰীয়মন্ত্ৰী আছিল। তেওঁ যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম বিজেপিৰ তেওঁ আছিল এক উল্লেখনীয় স্তম্ভ স্বৰূপ।

এইগৰাকী ব্যক্তিৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে যে- ”অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ পতাকাবাহী, দূৰদৰ্শী আৰু দয়ালু নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, সন্মানীয় কবীন্দ্ৰ পুৰকায়স্থ মহাশয়ৰ মৃত্যুৰ খবৰে গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু জাতীয়তাবাদী মতাদৰ্শৰ আধাৰশিলা স্থাপন কৰা হয় অসমত, যিখন অসমত আজি এক প্ৰকাণ্ড বট গছৰ ৰূপ ধাৰণ কৰা হৈছে। দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে বৰাক উপত্যকা আৰু অসমলৈ সন্মানীয় পুৰকায়স্থ মহাসয়াৰ অৱদান নিৰ্দোষ আৰু অনন্য। তেওঁৰ মৃত্যু আমাৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি”।

 

 

আৰু লিখে- “শিলচৰৰ এজন শ্ৰমিকৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হোৱালৈকে তেওঁৰ দীৰ্ঘজীৱন যাত্ৰা আমাৰ বাবে জনসেৱা আৰু নিস্বাৰ্থ নিষ্ঠাৰ এক উৎকৃষ্ট নিদৰ্শন হৈ থাকিব, যিয়ে প্ৰতিজন শ্ৰমিকক অনুপ্ৰাণিত কৰিব। শোকৰ এই মুহূৰ্তত পুৰকায়স্থ মহাশয়ৰ পৰিয়ালৰ লগতে অসমৰ ৰাইজ তথা ভাৰতীয় জনতা পাৰ্টি পৰিয়ালটি গভীৰ শোক প্ৰকাশ কৰিছে। এই শোকৰ সময়ত তেওঁৰ বিদেহ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তেখেতৰ পৰিয়াল, আত্মীয় আৰু প্ৰশংসকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ ব্যক্তিগত পথ প্ৰদৰ্শন, প্ৰতিটো মুখামুখি আৰু আশীৰ্বাদ মোৰ বাবে চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব”।

ইফালে জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুৰ পাছতে অসম বিজেপিয়ে শোক প্ৰকাশ কৰিছে। লগতে ৮ জানুৱাৰীৰ দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলীয় কাৰ্যালয়ত দলীয় পতাকা অৰ্দ্ধনমিত কৰি ৰাখিবলৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আহ্বান জনাইছে।

 

অন্য খবৰ পঢ়কঃ বিজেপিৰ বিৰুদ্ধে অভিযোগৰ পৰা মোদীৰ ফোনলৈ, দিনটোৰ খবৰ…