গীত গাই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা দিলে বদৰুদ্দিন আজমলে। নিৰ্বাচন সন্দৰ্ভত আজমলে ক'লে, "এই বৰ্ষটো AIUDFৰ বাবে যথেষ্ট ভাল হ'ব । কংগ্ৰেছ আৰু বিজেপিয়ে মিতিৰালি কৰি থকাটো ৰাজহুৱা হৈ পৰিছে। চলি থকা উচ্ছেদবোৰ কংগ্ৰেছ আৰু বিজেপিৰ বুজাবুজিত হৈ আছে। পৰাজয়ৰ ভয়ত কংগ্ৰেছ সৈতে গোপন মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীয়ে।"