7 Jan 2026
TV9 ASSAM
প্ৰায় বিভিন্নজনৰ ঘৰত পইতাচোৰা থকা দেখা যায়। এবাৰ ঘৰত পইতাচোৰা আহিলে প্ৰায় প্ৰতিটো কোনতে ই সোমাই পৰে। পইতাচোৰাই খাদ্য দূষিত কৰাৰ লগতে ঘৰতো অশান্তিৰ সৃষ্টি কৰে।
পইতাচোৰাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে কিছুমান প্ৰ়ডাক্ট ব্যৱহাৰ কৰে। কিন্তু ঘৰুৱা কিছুমান উপায়ৰ দ্বাৰাও আপুনি পইতাচোৰা খেদিব পাৰে।
সবাতোকৈ সহজ পদ্ধতি হ'ল পাকঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। কাৰণ লেতেৰা ঠাইত বেছিকৈ পইতাচোৰা থাকে। ইয়াৰোপৰি বেয়া পানীৰ পাইপ থাকিলে সোনকালে ঠিক কৰি লওক।
এটা বাতিত বেকিং চোডা আৰু চেনি মিহলি কৰি ল'ব। পাছত যত বেছিকৈ পইতাচোৰা ওলাই তাত সেয়া দিব। কিছুদিনৰ ভিতৰতে ঘৰৰ পৰা পইতাচোৰা নাইকীয়া হ'ব।
তেজপাতৰ গোন্ধ পইতাচোৰাই সহ্য কৰিব নোৱাৰে। তেজপাত পানী মিহলাই লওক। পাছত যত পইতাচোৰা দেখা পাই তাত সেই পানী চটিয়াই দিয়ক। এনে কৰিলে পইতাচোৰা নোহোৱা হ'ব।
ভিনেগাৰ অলপ গৰম পানীত মিহলাই ল'ব, পাছত সেয়া পইতাচোৰা ওলোৱা স্থানত চটিয়াই দিব। এনে কৰিলে ঘৰৰ পৰা পইতাচোৰা নোহোৱা হ'ব।
লঙৰ গোন্ধ পইতাচোৰাই সহ্য কৰিব নোৱাৰে। যি স্থানত পইতাচোৰা ওলাই তাত কেইটামান লং থৈ দিয়ক। অথবা লং পানীত উতলাই সেই পানী চটিয়াই দিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক