আজাপৰ প্ৰতি পুত্ৰৰ বৃদ্ধি ঘনিষ্ঠতা! কি হ’ব বিধায়ক মৃণাল শইকীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ?
মৃণাল শইকীয়া এগৰাকী জ্যেষ্ঠ তথা ৰাজনীতিত পৰিপক্ক নেতা। গতিকে ৰাজনীতিত তেওঁ কোনো কেঁচা অংক নকৰে। কোন নেতাই কি দলত যায় সেয়া পিছৰ কথা। কিন্তু ৰাজ্যিক বিজেপিৰ এই স্থিতি যে হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ কাৰণ হৈ পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত।

শনি লাগিছে ৰাজ্যিক বিজেপিত! অথন্তৰে লগ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যিমানেই বিৰোধিক দুৰ্বল বুলি ভাবি কটাক্ষ কৰি আহিছে সিমানেই বিৰোধী বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছ। মুখ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ নকৰিলেও সত্য যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত বিৰোধিক সহজভাৱে লোৱাতো ঠিক নহয়। খবৰ অনুসৰি বিজেপিৰ কেইবাগৰাকী নেতাই যোগাযোগ ৰাখিছে কংগ্ৰেছৰ লগত। বিজেপিৰ প্ৰাক্তন বিধায়ক, বৰ্তমানৰ বিধায়কে কংগ্ৰেছ দলত যোগদান কৰিবলৈ ইতিমধ্যে বাট মসৃণ কৰিছেই।
ইয়াৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। খুমটাইৰ বিধায়ত মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই অসম জাতীয় পৰিষদৰ নেতৃ-বৃন্দৰ লগক এক বৈঠকত মিলিত হয়। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদত জগদীশ ভূঞাৰ লগত উঠা ফটো পোহৰলৈ অহাৰ পাছতেই এই বিষয়টোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীৰ চকুৰ কুটা হৈ পৰিছে মৃণাল শইকীয়া। তেনে স্থলত তেওঁৰ পুত্ৰই জাতীয় পৰিষদৰ নেতাৰ লগত বৈঠকত মিলিত হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
খবৰ অনুসৰি সোমবাৰে অসম জাতীয় পৰিষদৰ দুইগৰাকী নেতাই দেওবাৰে মৃণাল শইকীয়াৰ যোগীবাৰীস্থিত বাসগৃহত উপস্থিত হৈ এক আনুষ্ঠানিক বৈঠকত মিলিত হয়। কি সম্পৰ্কে এই বৈঠক অনুষ্ঠিত হয় সেই সন্দৰ্ভত কোনোৱে মত পোষণ কৰা নাই। অৱশ্যে মৃণাল শইকীয়াৰ পুত্ৰই জাতীয় পৰিষদত যোগদান কৰিব বুলি চলা চৰ্চাৰ মাজত এই বৈঠকে বহু ইংগিত দিছে। বাসগৃহত মিলিত হোৱাৰ পাছতে আজাপৰ নেতৃত্বৰ সৈতে বব্ৰুবাহন তেওঁৰ ৰেষ্টুৰেন্টলৈ যায়। তাত তিনিও পুনৰ এক বৈঠকত মিলিত হয় আৰু ফটো উঠে। এই ফটোই এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বৰ পৰাই ৰাজ্যিক বিজেপিৰ দলীয় সংঘাত আৰম্ভ হৈছে। এতিয়া এই সংঘাত চূড়ান্ত পৰ্যায় পাইছে গৈ। বিজেপিৰ কেইবাগৰাকী প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি কুচ কাৱাজ চলি আছে। ন- বিজেপিৰ প্ৰতি মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মা, ৰাজেন গোহাঁই, মৃণাল শইকীয়া আদিয়ে। এই নেতা কেইগৰাকীৰ স্থিতিৰ প্ৰতি বিজেপিৰ শীৰ্ষ নেতাইও অসন্তুষ্টি প্ৰকাশ কৰিছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃণাল শইকীয়াক এক প্ৰকাৰ দলৰ পৰা যাব লাগিব বুলিও কৈছিল। অৱশ্যে এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে কৈছিল যে তেওঁ বিজেপি ত্যাগ নকৰে। লোকসভা নিৰ্বাচনৰ পাছত পুনৰ ন- বিজেপি, পুৰণি বিজেপিৰ যুজখনৰ বহিঃপ্ৰকাশ ঘটিছিল। উমি উমি জ্বলি থকা জুইকুৰা এতিয়া জ্বলামুখী হোৱাৰ পিনে গতি কৰিছে।
তেনে সময়তে মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহনৰ অসম জাতীয় পৰিষদৰ প্ৰতি ঘনিষ্ঠতাইও বহু প্ৰশ্নৰ অৱকাশ কৰিছে। ইয়াতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে মৃণাল শইকীয়া এগৰাকী জ্যেষ্ঠ তথা ৰাজনীতিত পৰিপক্ক নেতা। গতিকে ৰাজনীতিত তেওঁ কোনো কেঁচা অংক নকৰে। কোন নেতাই কি দলত যায় সেয়া পিছৰ কথা। কিন্তু ৰাজ্যিক বিজেপিৰ এই স্থিতি যে হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ কাৰণ হৈ পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত।