শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কামাখ্যা মন্দিৰ

কামাখ্যা মন্দিৰ

কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

Read More

শক্তিপীঠ কামাখ্যাত বাবা কামেশ্বৰ আৰু দেৱী কামেশ্বৰীৰ পুহন বিয়া

শক্তিপীঠ কামাখ্যাত দেৱ-দেৱী কামেশ্বৰ-কামেশ্বৰীৰ বিয়া। পুহন ক্ষেত্ৰৰ সংযোগত পোহন বিয়া উদযাপন হৈছে। পুহন বিয়া উপলক্ষে উদুলি-মুদুলি শক্তিপীঠ মা কামাখ্যা ধাম।

বাবা কামেশ্বৰ আৰু মা কামাখ্যাৰ পুহন বিয়া উপলক্ষে উখল-মাখল নীলাচলৰ বুকু

আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনৰ পৰা এই বিয়াৰ প্ৰমাণ পোৱা যায়। প্ৰতি বছৰৰ পুষ্যা নক্ষত্ৰৰ সংযোগত দ্বিতীয়া বা তৃতীয়াত পালন কৰা হয় এই উৎসৱ।

শীঘ্ৰে সম্পূৰ্ণ হ’ব কামাখ্যা মন্দিৰলৈ যোৱা ৰ’পৱেৰ নিৰ্মাণ কাৰ্য, মুখ্যমন্ত্ৰীয়ে ক’লে…

দ্ৰুতগতিত আগবাঢ়িছে কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণৰ কৰা ৰ’পৱেৰ কাম। ইয়াৰ উপৰিও সোণাৰাম ফিল্ডৰ পৰা মন্দিৰলৈ দ্বিতীয়টো ৰ’পৱেৰ পৰিকল্পনা কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, " প্ৰথমে কামাখ্যা ষ্টেচন আৰু তাৰ পিছত সোণাৰাম ফিল্ডৰ কাম সম্পূৰ্ণ হ’ব।"

শনিবাৰে পুৱাতেই পত্নী-সন্তান সহিতে মা কামাখ্যাৰ আশিস ল’লে মুখ্যমন্ত্ৰীয়ে

অম্বুবাচীৰ নিবৃত্তিৰ পিছত মা কামাখ্যাৰ আশিস ল’য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন পৰম্পৰা ৰীতি-নীতিৰে দেশ তথা ৰাজ্যৰ ভক্তগণে পালন কৰিলে অম্বুবাচী। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে কামাখ্যা ধামৰ ফটো।

কামাখ্যা ধাম: জনশ্ৰুতি, পৰম্পৰা, বিশ্বাসৰ ধাৰাৰে এক অৱলোকন, প্ৰচলিত প্ৰতিটো বিষয়ৰ সত্যতা আছেনে?

অম্বুবাচী সন্দৰ্ভত বিভিন্ন কাহিনী বিভিন্নজনে বৰ্ণনা কৰা দেখা যায়। বহুতেই বৰ্ণনা কৰে যে অম্বুবাচীৰ সময়ত মা ৰজস্বলা হয়। যাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ পৰে। কিন্তু এনে বৰ্ণনাৰ ভিত্তি কি? সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হয় নেকি?

প্ৰধানমন্ত্ৰী মোদীৰ শক্তিৰ বাবে প্ৰাৰ্থনা…অম্বুবাচীৰ নিবৃত্তিৰ পিছতে কামাখ্যা ধামত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

৪ দিনৰ অন্ত আজি খোল খালে মা কামাখ্যাৰ দ্বাৰ। মা কামাখ্যাৰ দৰ্শনৰ বাবে উপস্থিত হাজাৰ হাজাৰ লোক। পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হৈ সেৱা জনালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

Ambubachi Mela 2025: অম্বুবাচীৰ নিবৃত্তি, মাৰ আশিস বিচাৰি কামাখ্যা ধামত অগণন ভক্তৰ সমাগম

অম্বুবাচীৰ নিবৃত্তিৰ পিছতে ভক্তৰ বাবে খোল খালে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। পুৱতিনিশা ৩.২৭ বজাত অম্বুবাচীৰ নিবৃত্তি। দেশ-বিদেশৰ ভক্তই ভিৰ কৰিছে শক্তিপীঠ মা কামাখ্যাত।

অম্বুবাচী মহাযোগ: উখল-মাখল নীলাচলৰ বুকু, কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা ৷ নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম।

Ambubachi Mela 2025: কিয় বিশেষ অম্বুবাচী মেলা? কামাখ্যা মন্দিৰৰ কিছু অলৌকিক ৰহস্যৰ বিষয়ে জানক…

প্ৰতিবছৰে অম্বুবাচীত লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে । এইবাৰো যেন ব্যাতিক্ৰম নহয়। অম্বুবাচী উপলক্ষে শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত দেশী বিদেশী সাধু সন্ন্যাসী। বিশেষ পূজা অৰ্চনাৰ পাছত মা কামাখ্যা ধামৰ পৰিক্ৰমা কৰে সাধু সন্ন্যাসীসকলে।

Ambubachi Mela: আজিৰে পৰা অম্বুবাচী মহাযোগ, উখল মাখল-নীলাচলৰ বুকু

কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অতিৰিক্তভাৱে ৪০০ ৰো অধিক চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে । একেদৰে ৭০০ ৰো অধিক অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী ।

আজিৰে পৰা অম্বুবাচী মহাযোগ ২০২৫, ভিৰ কৰিছে ভক্ত-দৰ্শনাৰ্থীয়ে…

আজিৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ। ইতিমধ্যে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে ।

Ambubachi Mela 2025: কেনেদৰে পালন কৰা হয় অম্বুবাচী, জানক ইয়াৰ মহত্ব, ৰীতি-নীতি সকলো…

এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলাৰ আয়োজন কৰা হৈছে। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি। অম্বুবাচীৰ লগত জড়িত বহুতো নিয়ম-নীতি জড়িত হৈ আছে।

Kamakhya Devi Temple : কামাখ্যা মন্দিৰ কিমান পুৰণি আৰু কোনে নিৰ্মাণ কৰিছিল?

কামাখ্যা মন্দিৰ ২০০০ বছৰৰো অধিক পুৰণি বুলি ধাৰণা কৰা হয়। ইয়াৰ মূল নিৰ্মাণৰ তাৰিখ সঠিকভাৱে ক'তো উল্লেখ নাই । বহু সময়ত মন্দিৰটো পুনৰ নিৰ্মাণৰ কাম কৰা হৈছিল। উল্লেখ্য যে,১৫৬৫ চনত কোচ বংশৰ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।

Ambubachi Mela 2025: শনিবাৰৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা, নীলাচলৰ বুকুত বাঢ়িছে ব্যস্ততা

দেশ-বিদেশৰ ভক্তক আদৰিবলৈ একপ্ৰকাৰ সাজু কামাখ্যা দেৱালয়। ইতিমধ্যে নীলাচল পাহাৰত সমাগম ঘটিছে দেশৰ ভিন্ন প্ৰান্তৰ সাধু-সন্যাসীৰ। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি।

Ambubachi mela 2025: অম্বুবাচী মেলা কেতিয়া? কেনেকৈ কৰিব মা কামাখ্যাৰ দৰ্শন, নিৰ্দেশনা জাৰি প্ৰশাসনৰ…

Ambubachi mela 2025: সমাগত অম্বুবাচী মেলা। পুনৰ এবাৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মা কামাখ্যা ধাম। অম্বুবাচীৰ সময়ত যাতে ভক্তৰ সুৰক্ষা নিশ্চিত থাকে তাৰ বাবে প্ৰশাসনে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে।