অসাৰ ট্ৰাম্পৰ দাবী! যুদ্ধবিৰতিত সন্মত নহয় ইৰাণঃ ইজৰাইলক দিলে এনে মুকলি প্ৰত্যাহ্বান…
আজি পুৱাৰ ভাগত ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে। পিছে ট্ৰাম্পৰ এই ঘোষণা অসাৰ প্ৰতিপন্ন কৰি তুলিছে ইৰাণে। দেশখনৰ বৈদেশিক মন্ত্ৰী আব্বাছ অৰাগচিয়ে ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে স্পষ্টকৈ উল্লেখ কৰিছে যে যদি ইজৰাইলে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত বিমান আক্ৰমণ বন্ধ কৰে, তেতিয়াহে তেহৰানে আক্ৰমণ বন্ধ কৰিব।

মধ্য প্ৰাচ্যত বাজি উঠা যুদ্ধৰ দামামাৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি পুৱা ঘোষণা কৰিছিল ইজৰাইল আৰু ইৰাণৰ যুদ্ধবিৰতিৰ কথা। নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে ট্ৰাম্পে দুয়োখন দেশে যুদ্ধবিৰতিত সন্মত হোৱা বুলি ঘোষণা কৰিছিল। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘৰ্ষৰ মাজতে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে যোৱা নিশা ইৰাণে কাটাৰসহ মধ্য প্ৰাচ্যৰ চাৰিখন দেশত থকা মাৰ্কিন সামৰিক ঘাটিত চলাইছিল আক্ৰমণ।
ইৰাণৰ এই প্ৰত্যাঘাতৰ পিছতে সুৰ সলনি কৰি ট্ৰাম্পে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল। পিছে ট্ৰাম্পৰ এই ঘোষণা অসাৰ প্ৰতিপন্ন কৰি তুলিছে ইৰাণে। দেশখনৰ বৈদেশিক মন্ত্ৰী আব্বাছ অৰাগচিয়ে ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে স্পষ্টকৈ উল্লেখ কৰিছে যে যদি ইজৰাইলে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত বিমান আক্ৰমণ বন্ধ কৰে, তেতিয়াহে তেহৰানে আক্ৰমণ বন্ধ কৰিব।
ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ অৰাগচিয়ে তেহৰানৰ সময় অনুসৰি পুৱা ৪:১৬ বজাত এক্স যোগে এই বাৰ্তা প্ৰদান কৰিছে। তেওঁ কয়, “এতিয়ালৈকে কোনো ধৰণৰ যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধ কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাই।” কিন্তু যদিহে ইজৰাইলে তেহৰাণৰ সময় অনুসৰি পুৱা ৪ বজাৰ পূৰ্বে ইৰাণী জনসাধাৰণৰ বিৰুদ্ধে কৰা অবৈধ আগ্ৰাসন বন্ধ কৰে, তেতিয়া তাৰ পিছতো ইৰাণে প্ৰত্যাক্ৰমণ অব্যাহত ৰখাৰ কোনো উদ্দেশ্য নাই বুলি তেওঁ লগতে কয়।
‘আমাৰ সামৰিক অভিযান শেষ কৰাৰ চূড়ান্ত সিদ্ধান্ত পিছত লোৱা হ’ব’ বুলিও মন্তব্য কৰে বৈদেশিক মন্ত্ৰী আব্বাছ অৰাগচিয়ে। ইৰাণৰ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ মাত্ৰ কিছুসময় পূৰ্বে ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি হৈছে বুলি দাবী কৰিছিল। যুদ্ধবিৰতিৰ কথা কোৱা আমেৰিকাৰ পৰা কোনো ধৰণৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোৱা নাই বুলি ইৰাণে প্ৰকাশ কৰিছে। অৱশ্যে আমেৰিকাৰ এই দাবীক লৈ ইজৰাইলে মৌনতা অৱলম্বন কৰিছে।