শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৃত্ৰিম বানত ডুব গ’ল শিৱসাগৰ চহৰঃ জলমগ্ন ঐতিহাসিক ৰংঘৰৰ বাকৰি, ক্ষোভ প্ৰকাশ দল-সংগঠনৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰ চহৰ। বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে শিৱসাগৰ চহৰৰ মাজ মজিয়াত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। ঐতিহাসিক ৰংঘৰৰ বাকৰিও কৃত্ৰিম বানত প্লাবিত হৈ পৰে। এনে পৰিস্থিতিত জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

monjit-dutta
Monjit Dutta | Published: 23 Jun 2025 15:35 PM
যোৱা নিশাৰ পৰা হোৱা বৰষুণৰ ফলত শিৱসাগৰত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ চহৰৰ মাজ মজিয়াত আজি ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি কৰে। দৌলমুখ চাৰি আলিকে ধৰি চহৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত চহৰখনত ব্যৱসায়-বাণিজ্যকে ধৰি দৈনন্দিন জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে।

1 / 6
চহৰৰ ভিন্ন স্থানত কৃত্ৰিম বানৰ পানী ঘৰৰ ভিতৰতো সোমোৱাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে ঘাইপথৰ কাষৰ কোনো কোনো স্থানত খহনীয়াৰ খবৰো পোহৰলৈ আহিছে। চহৰৰ মাজ অংশতে তথা সমীপৰ অঞ্চলত দেখা দিয়া এনে পৰিস্থিতিৰ ফলস্বৰূপে জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

2 / 6
অপৰিকল্পিত নিৰ্মাণ কাৰ্য আৰু পৌৰসভাৰ অৱহেলাৰ পৰিণতিতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। অৱশ্যে প্ৰশাসনৰ তাৎক্ষণিক সঁহাৰিৰ পিছত সম্প্ৰতি বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ,লোক নিৰ্মাণ বিভাগ , পৌৰসভা, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি ক্ষিপ্ৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলায়।

3 / 6
ইফালে কৃত্ৰিম বানত প্লাৱিত হৈ পৰে ঐতিহাসিক ৰংঘৰ চৌহদ। ৰংঘৰৰ চৌহদৰ পৰা বৰষুণৰ পানী ওলাই যোৱা নলা নৰ্দমা সমূহ সঠিকভাৱে খনন নকৰা, সঠিক পৰিকল্পনাবিহীন ভাৱে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম কৰি থকা,  ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নামত কেতবোৰ নলা পুতি পেলোৱা আদি কেতবোৰ কাৰণতে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে দল-সংগঠনসমূহে।

4 / 6
লক্ষণীয়ভাৱে কেইমাহমান পূৰ্বেও ৰংঘৰৰ চৌহদ কৃত্ৰিম বানত ডুব গৈছিল। এতিয়া এজাক বৰষুণতে পুনৰ এনে অৱস্থা উদ্ভৱ হোৱাত ৰংঘৰৰ অস্তীত্বৰ প্ৰতি ভাবুকি নামি অহাৰ শংকা প্ৰকাশ কৰিছে সচেতন মহলে। অন্যহাতে ৰংঘৰ চৌহদত কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় পুৰাতত্ব বিভাগেও সঠিক পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

5 / 6
অৱশ্যে প্ৰশাসনৰ তাৎক্ষণিক পদক্ষেপৰ পিছত ৰংঘৰৰ চৌহদ সম্প্ৰতি বানৰ কবলৰ পৰা মুক্ত হোৱা বুলি জানিবলৈ দিয়ে আয়ুক্ত কাৰ্যালয়ে। ফেচবুকত এক পোষ্ট যোগে শিৱসাগৰৰ আয়ুক্ত কাৰ্যালয়ে ‘নেৰানেপেৰা বৰষুণৰ ফলত এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰংঘৰৰ সন্মূখত থকা উদ্যানসমূহত পানী জমা হোৱাত প্ৰশাসনে ইয়াৰ পানী নিষ্কাষণ কৰিবৰ বাবে নলাসমূহৰ চাফাই কাম সম্পূৰ্ণ হৈছে আৰু বৰ্তমান পানী জমা হৈ থকা নাই’ বুলি উল্লেখ কৰে।

6 / 6