Morning News: পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
১. যুদ্ধবিৰতি ঘোষণা কৰিছে ইৰাণ আৰু ইজৰাইলে। এই দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কাটাৰসহ মধ্য প্ৰাচ্যৰ চাৰিখন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে আক্ৰমণ চলোৱাৰ কিছু সময় পিছতে ট্ৰাম্পে সামাজিক মাধ্যম যোগে এই যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে।
২. বতৰৰ বাধা নেওচি ভক্তৰ সমাৱেশেৰে উদুলি মুদুলি হৈ পৰিছে শক্তিপীঠ কামাখ্যা। আজি অম্বুবাচীৰ তৃতীয় দিনাও কামাখ্যা মন্দিৰৰ চৌহদত পৰিলক্ষিত হৈছে অগণন ভক্তৰ ভিৰ। উল্লেখ্য যে অহা ২৬ জুনৰ পুৱা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি হ’ব।
৩. সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ পদ্মৱতী দেৱীৰ যোৱা নিশা দেহৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত চিৰদিনৰ বাবে চকু মুদা পদ্মৱতী দেৱী বিশিষ্ট সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু লক্ষ্মীপ্ৰিয়া দেৱীৰ কন্যা আছিল।
৪. সোমবাৰে কাছাৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। গুটখা সেৱন কৰি শোকাৱহভাৱে প্ৰাণ হেৰুৱায় এগৰাকী আৰক্ষী বিষয়াই। তথ্য অনুসৰি বিহাৰা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ডেকাই গুটখা সেৱন কৰাৰ পিছত নিজৰ চৰকাৰী কোৱাৰ্টাৰৰ ভিতৰতে অচেতন হৈ পৰে। পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও প্ৰাণৰক্ষা কৰা সম্ভৱ হৈ নুঠে আৰু অকালতে মৃত্যুমুখত পৰে।
৫. ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰে’লপথ লামডিং–বদৰপুৰ পাহাৰীয়া অংশৰ ওপৰেৰে ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে। নতুন হাফলং–জাতিংগা লামপুৰ অংশত ভূমিস্খলনৰ ফলত ওপৰৰ পৰা খহি অহা শিল আৰু মাটিয়ে ৰে’লপথ ক্ষতিগ্ৰস্ত কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
৬. ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা লীডছ টেষ্ট ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে। আজি টেষ্টখনৰ অন্তিম দিন। ভাৰতে নিজৰ দ্বিতীয় ইনিংছত ৰাহুল আৰু পণ্টৰ শতকৰ সহায়ত ৩৬৪ ৰান সংগ্ৰহ কৰাৰ পিছত ইংলেণ্ডে ৩৭১ ৰানৰ জয়ৰ লক্ষ্য লাভ কৰিছে। আজি অন্তিম দিনা দুয়োটা দলৰ হাতত থাকিব জয়ৰ সুযোগ।
৭. লীডছ টেষ্টৰ মাজতে পোহৰলৈ আহিছে এক শোকাৱহ খবৰ। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ দিলীপ দোশীয়ে ৭৭ বছৰ বয়সত লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰিছে। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ দিলীপ দোশীয়ে ভাৰতৰ হৈ ৩৩খন টেষ্ট আৰু ১৫খন এদিনীয়া মেচত অংশ লৈছিল।