Greenfield Airport in Cachar: বৰাকৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে ৰাইজে মাটি দিবনে ? ৰাজহুৱা শুনানিৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰা মতে,সোমবাৰে কাছাৰ জিলাৰ ডলু চাহ বাগিচাত ৰাজহুৱা শুনানি সমাপ্ত কৰা হয়। ৰাজহুৱা মতামত গ্ৰহণ কৰি চৰকাৰে গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে এখোজ আগবাঢ়িছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

কাছাৰ জিলাত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ ! ইতিমধ্যে সোমবাৰে শান্তিপূৰ্ণভাৱে হয় ৰাজহুৱা শুনানি। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰা মতে,সোমবাৰে কাছাৰ জিলাৰ ডলু চাহ বাগিচাত ৰাজহুৱা শুনানি সমাপ্ত কৰা হয়। ৰাজহুৱা মতামত গ্ৰহণ কৰি চৰকাৰে গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে এখোজ আগবাঢ়িছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
কিন্তু এই প্ৰকল্পটোৰ বাবে জনসাধাৰণে নিজৰ মাটি দিবলৈ সন্মত হৈছে নে নাই সেই সন্দৰ্ভত শুনানিৰ ফলাফল সন্দৰ্ভত সবিশেষ শ্বেয়াৰ কৰা নাই মুখ্যমন্ত্ৰীয়ে । “উন্নয়নৰ দিশত আন এক ডাঙৰ পদক্ষেপ। কাছাৰ জিলাৰ ডলু চাহ বাগিচাত গ্ৰীণফিল্ড বিমানবন্দৰ প্ৰকল্পৰ বাবে ৰাজহুৱা শুনানি আজি শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। বৰাক উপত্যকাক সংযোগ আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পথত এয়া এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।” সামাজিক মাধ্যমত এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।
A Major Step Forward ✈️
The public hearing for the Greenfield Dolu Airport project in Cachar district concluded peacefully today- a significant milestone in our journey to transform Barak Valley into a hub of connectivity and development.
We are now one step closer to realising…
— Himanta Biswa Sarma (@himantabiswa) June 23, 2025
তেওঁ লগতে কয় যে, “এই প্ৰকল্পৰ জৰিয়তে আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আৰু এখোজ আগুৱাই গৈছো। এই ক্ষেত্ৰত সহযোগিতাৰ বাবে সকলো অংশীদাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।” তেওঁ কয় যে, চৰকাৰ এতিয়া অঞ্চলটোৰ বাবে “গ্ৰেণ্ড ভিজন” বাস্তৱায়িত কৰাৰ এখোজ ওচৰ চাপিছে।
উল্লেখ্য যে,২০২২ চনৰ নৱেম্বৰ মাহত অসম চৰকাৰে “সদিচ্ছাৰ ইংগিত হিচাপে” ডলু চাহ বাগিচাত বাস কৰা ১২৯৬টা পৰিয়ালক আৰ্থিক সাহায্য বিতৰণ কৰিছিল। অসম মজুৰি শ্রমিক ইউনিয়নৰ তত্বাৱধানত শ্রমিকসকলে এই প্ৰকল্পক লৈ অসন্তুষ্টি প্রকাশ কৰি চৰকাৰক অধিগ্ৰহণ কৰা ভূমি ঘূৰাই দিবলৈ বা একে পৰিমাণৰ মাটি বেলেগ ঠাইত চাহ খেতিৰ বাবে আবণ্টন দিবলৈ দাবী জনাইছিল৷
ইয়াৰ পূৰ্বে ২০২২ চনত অসম চৰকাৰে গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰচেষ্টাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তেতিয়াৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যৰ পৰা এই সুবিধাৰ বাবে এনে কোনো প্ৰস্তাৱ পোৱা নাই বুলি দাবী কৰিছিল।
কিন্তু পিছত প্ৰমাণ হ’ল যে, ভাৰতৰ কেন্দ্ৰীয় পি এছ ইউ বিমানবন্দৰ কৰ্তৃপক্ষৰ অনুৰোধত ৰাজ্যখনে কাছাৰ জিলাৰ ২৫০০ বিঘা (৮২৬.৪৫ একৰ) মাটি অধিগ্ৰহণ কৰিছে। বিমানবন্দৰৰ বাবে ডলু চাহ বাগিছাৰ ভূমি অধিগ্ৰহণৰ ফলত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। চৰকাৰে তেওঁলোকক আশ্বাস দিছিল যে, কোনো শ্ৰমিকক ঘৰৰ পৰা উচ্ছেদ কৰা নহ’ব আৰু চাকৰি হেৰুৱাবলগীয়া নহয় ।
ইয়াৰ পূৰ্বে গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে ডলু, লালবাগ, আৰু মাইনগড় চাহ বাগিচাত ভূমি অধিগ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে ৫০ কোটি টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল।