শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
এইদৰেই ইৰাণৰ পাৰমাণৱিক ঘাটিত মিছাইল নিক্ষেপ কৰিছিল আমেৰিকাই...

এইদৰেই ইৰাণৰ পাৰমাণৱিক ঘাটিত মিছাইল নিক্ষেপ কৰিছিল আমেৰিকাই…

trishna-kalita
Trishna Kalita | Published: 23 Jun 2025 19:52 PM

আক্ৰমণৰ পিছত আমেৰিকান সেনাৰ যুটীয়া মুৰব্বী জেনেৰেল ডেন কেইনে এখন সংবাদমেল অনুষ্ঠিত কৰে। সেই বৈঠকত তেওঁ সাংবাদিকসকলৰ আগত আক্ৰমণৰ সবিশেষ দাঙি ধৰে।

ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই। এই অভিযানৰ বাবে সময় লাগিছিল ২৫ মিনিট। এই অপাৰেশ্যনৰ নাম ৰখা হৈছিল ‘অপাৰেশ্যন মিডনাইট হামাৰ’। হাতুৰীৰ দৰে ইৰাণৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰ মুহূৰ্তে ধ্বংস কৰি পেলাই আমেৰিকাই। আৰু এই আক্ৰমণত বিশ্বই দেখিলে আটাইতকৈ শক্তিশালী যুঁজাৰু বিমান বি-২ ষ্টেলথ বম্বাৰ(B-2 Stealth Bomber)ৰ শক্তি।

এই আক্ৰমণৰ পিছত আমেৰিকান সেনাৰ যুটীয়া মুৰব্বী জেনেৰেল ডেন কেইনে এখন সংবাদমেল অনুষ্ঠিত কৰে। সেই বৈঠকত তেওঁ সাংবাদিকসকলৰ আগত আক্ৰমণৰ সবিশেষ দাঙি ধৰে। GBU-57 ‘মাছিভ অৰ্ডানেন্স পেনেট্ৰেটৰ’ (Massive Ordnance Penetrator) বা সংক্ষেপে বাংকাৰ ব্লাষ্টাৰে ইৰাণৰ আটাইতকৈ নিৰাপদ পাৰমাণৱিক কেন্দ্ৰ ফোৰ্ড কেনেকৈ ধ্বংস কৰিলে সেই বিষয়ে বুজাই দিয়ে।