Top9: ৰাজ্যৰ পৰা বিশ্বলৈ…আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
আজিৰ পৰা কামাখ্যাত অনুষ্ঠিত অম্বুবাচী মেলা। ইতিমধ্যে দেশ-বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে কামাখ্যা মন্দিৰ প্ৰাংগন। অনাগত সময়ত লাখ লাখ ভক্তৰ সমাগত হ’ব বুলি আশা কৰা হৈছে।
ক) প্ৰায় ৪ টা দিনৰ বাবে বন্ধ হ’ল কামাখ্য মন্দিৰৰ দুৱাৰ। আজিৰ পৰা কামাখ্যাত অনুষ্ঠিত অম্বুবাচী মেলা। ইতিমধ্যে দেশ-বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে কামাখ্যা মন্দিৰ প্ৰাংগন। অনাগত সময়ত লাখ লাখ ভক্তৰ সমাগত হ’ব বুলি আশা কৰা হৈছে। অম্বুবাচীৰ প্ৰবৃত্তি আজি দিনৰ ২ বাজি ৫৬ মিনিটত আৰু অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনৰ পুৱতি নিশা ৩ বাজি ২৩ মিনিটত ।
খ) গোৱালপাৰাৰ উচ্ছেদিতৰ ৰোষত সাংসদ ৰকিবুল হুছেইন। সাংসদজনক পহুখেদা দিলে হাচিলা বিলৰ উচ্ছেদিত ৰাইজে। সাংসদগৰাকীৰ লগতে তেওঁক লগত থকা বিধায়ককেইজনকো বাহনৰ পৰা নামিব নিদিলে ৰাইজে।
গ) ক্ৰমে নিয়ন্ত্ৰণলৈ আহিছে ONGCৰ গেছৰ নিৰ্গমণ। আমেৰিকাৰ তিনিজনীয়া বিশেষজ্ঞৰ দল ব্যস্ত গেছৰ নিৰ্গমণ নিয়ন্ত্ৰণত।
Latest Videos