যুদ্ধবিৰতিত সন্মত, অন্ত পৰিল ইজৰাইল-ইৰাণৰ যুদ্ধ! প্ৰত্যাঘাতৰ পিছতে ট্ৰাম্পে কৰিলে দাবী
ভয়াৱহ যুদ্ধৰ সম্ভাৱনীয়তাৰ অৱসান ঘটাই ইজৰাইল আৰু ইৰাণে যুদ্ধবিৰতিৰ সিদ্ধান্তত সন্মতি জনাইছে বুলি ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে। ইৰাণৰ প্ৰত্যাঘাতৰ পিছতে যুদ্ধৰ ভাবুকিৰ অন্ত পেলাই ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত ভাৰতীয় সময় অনুসৰি পুৱা ৩:৩২ বজাত এই ঘোষণা কৰে।

বিগত কিছুদিন ধৰি যুদ্ধৰ দাবানলে উত্তপ্ত কৰি ৰাখিছে মধ্য প্ৰাচ্য। ইজৰাইল আৰু ইৰাণৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ সময়তে আমেৰিকাই প্ৰত্যক্ষভাৱে এই সংঘৰ্ষত প্ৰৱেশ কৰি ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পিছতে এই যুদ্ধই অধিক ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা গঢ় লৈ উঠিছিল। ইয়াৰ পিছতে প্ৰত্যাশিতভাৱেই ইৰাণে কাটাৰকে ধৰি মধ্যপ্ৰাচ্যৰ চাৰিখন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত বিধ্বংসী আক্ৰমণ চলায়। এনে পৰিস্থিতিত সৃষ্টি হোৱা সংশয়ৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক গুৰুত্বপূৰ্ণ দাবী কৰিছে।
ভয়াৱহ যুদ্ধৰ সম্ভাৱনীয়তাৰ অৱসান ঘটাই ইজৰাইল আৰু ইৰাণে যুদ্ধবিৰতিৰ সিদ্ধান্তত সন্মতি জনাইছে বুলি ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে। ইৰাণৰ প্ৰত্যাঘাতৰ পিছতে যুদ্ধৰ ভাবুকিৰ অন্ত পেলাই ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত ভাৰতীয় সময় অনুসৰি পুৱা ৩:৩২ বজাত এই ঘোষণা কৰে। ট্ৰাম্পে লিখিছে, “সকলোকে অভিনন্দন। ইজৰাইল আৰু ইৰানে অহা ১২ ঘণ্টাৰ বাবে সম্পূৰ্ণ যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ যুদ্ধ সম্পূৰ্ণ শেষ হৈছে।”
ট্ৰাম্পে লগতে কয়, “ইৰাণে প্ৰথম ১২ ঘণ্টা ধৰি যুদ্ধবিৰতি পালন কৰিব। ইয়াৰ পিছত ইজৰাইলেও আগন্তুক ১২ ঘণ্টা ধৰি যুদ্ধবিৰতি মানি চলিব। ২৪ ঘণ্টাৰ ভিতৰত এই দুয়োখন দেশে ১২ দিন ধৰি চলি থকা সংঘাতৰ সম্পূর্ণ অন্ত পেলাব৷ যেতিয়া এটা পক্ষই ১২ ঘণ্টীয়া যুদ্ধবিৰতি পালন কৰিব, তেতিয়া আন পক্ষই সেই সিদ্ধান্তক সন্মান কৰিব লাগিব আৰু শান্তি বজাই ৰাখিব লাগিব।”
তেওঁ লগতে এই পোষ্ট যোগে এই যুদ্ধক ১২ দিনীয়া যুদ্ধ বুলি অভিহিত কৰি এই সংঘাতৰ অন্ত পেলোৱাৰ বাবে দুয়োখন দেশক অভিনন্দন জনায়। একে সময়তে দেশ দুখনৰ সাহস আৰু বুদ্ধিমত্তাও যথেষ্ট প্ৰশংসনীয় বুলি উল্লেখ কৰিছে ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ মতে, এই যুদ্ধ কেইবাবছৰ ধৰি চলি থকাৰ সম্ভাৱনা আছিল আৰু ইয়াৰ ফলত দুয়োখন দেশ আৰু সমগ্ৰ মধ্যপ্ৰাচ্যৰ চিন নোহোৱা হ’লহেঁতেন। কিন্তু যুদ্ধবিৰতিৰ বাবে সেয়া হৈ নুঠিল বুলি তেওঁ লগতে কয়।
লক্ষণীয়ভাৱে সোমবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাত ইৰাণে মধ্য প্ৰাচ্যৰ চাৰিখন দেশ ক্ৰমে কাটাৰ, কুৱেইট, বাহৰেইন আৰু ইৰাকত আক্ৰমণ সংঘটিত কৰিছিল। ইৰাণৰ সামৰিক বাহিনীৰ মতে, এই আক্ৰমণৰ জৰিয়তে দেশকেইখনত থকা আমেৰিকাৰ সামৰিক ঘাটিবোৰক লক্ষ্য কৰি লোৱা লৈছিল। উল্লেখ্য যে কাটাৰত সমগ্ৰ মধ্য প্ৰাচ্য অঞ্চলটোৰ ভিতৰতে আমেৰিকাৰ সৰ্ববৃহৎ সামৰিক ঘাটি আছে বুলি কোৱা হয়।
ইৰাণৰ সেনাই মূলতঃ এই মাৰ্কিন সামৰিক ঘাটি ধ্বংস কৰিবলৈ আক্ৰমণ কৰিছিল আৰু এনে আক্ৰমণৰ দ্বাৰা চুবুৰীয়া দেশকেইখনৰ ক্ষতি কৰাৰ কোনো উদ্দেশ্য নাই বুলি স্পষ্ট কৰি দিছিল। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই এই আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইৰাণে কোনো কাৰণতে আনৰ ওচৰত শিৰনত নকৰে বুলি হুংকাৰ দিছিল। এই আক্ৰমণৰ ঠিক পিছতে ট্ৰাম্পে সুৰ সলনি কৰি যুদ্ধবিৰতিৰ বিষয়ে ঘোষণা কৰিছে।