শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
জ্বলা জুইত ঘিঁউ ঢালিলে আমেৰিকাই, ইজৰাইললৈ খাইবাৰ শ্বেকান মিছাইল নিক্ষেপ ইৰাণৰ

জ্বলা জুইত ঘিঁউ ঢালিলে আমেৰিকাই, ইজৰাইললৈ খাইবাৰ শ্বেকান মিছাইল নিক্ষেপ ইৰাণৰ

raj-saikia
Raj Saikia | Published: 23 Jun 2025 19:09 PM

আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ সেনাই ইজৰাইলৰ বিৰুদ্ধে অধিক তীব্ৰতাৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছে। তেওঁলোকৰ চৰকাৰী সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ইৰাণে ইজৰাইলৰ বিৰুদ্ধে ‘অপাৰেচন ট্ৰু প্ৰমিজ ৩’ নামেৰে মুঠ ৪০টা খাইবাৰ শ্বেকান মিছাইল নিক্ষেপ কৰিছে। যিয়ে আইৰন ড'মৰ অভেদ্য দুৰ্গ ভাঙিব পেলাব পাৰে।

কোনোমতেই শান্ত হোৱা নাই ইৰাণ-ইজৰাইলৰ মাজৰ যুদ্ধৰ পৰিস্থিতি। ইজৰাইলৰ বিৰুদ্ধে নিজৰ আগ্ৰাসন অধিক ভয়ংকৰ কৰি তুলিবলৈ বিশেষ পথ বাছি লৈছে ইৰাণে। দেশখনৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পে কয় যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ইজৰাইলৰ বিৰুদ্ধে অত্যাধুনিক ‘খাইবাৰ শ্বেকান’ মিছাইল নিক্ষেপ কৰিছে।

আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ সেনাই ইজৰাইলৰ বিৰুদ্ধে অধিক তীব্ৰতাৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছে। তেওঁলোকৰ চৰকাৰী সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ইৰাণে ইজৰাইলৰ বিৰুদ্ধে ‘অপাৰেচন ট্ৰু প্ৰমিজ ৩’ নামেৰে মুঠ ৪০টা খাইবাৰ শ্বেকান মিছাইল নিক্ষেপ কৰিছে। যিয়ে আইৰন ড’মৰ অভেদ্য দুৰ্গ ভাঙিব পেলাব পাৰে।

কিন্তু কিমান শক্তিশালী এই খাইবাৰ শ্বেকান?

২০২২ চনত ইৰাণৰ ইছলামিক বিপ্লৱৰ ৪৩ সংখ্যক বৰ্ষপূৰ্তিত দেশখনৰ সেনাবাহিনীত অন্তৰ্ভুক্ত হোৱা এই মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্ৰ, কিন্তু ইৰাণে কেতিয়াও সেই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা নাছিল। ইমান দিনে শীতল ভঁৰালত ৰখা হৈছিল ইয়াক। এতিয়া ইৰাণে এই ভয়ংকৰ মিছাইলটো ইহুদী ৰাষ্ট্ৰৰ দিশে নিক্ষেপ কৰিছে। ১৪৫০ কিলোমিটাৰৰ ভিতৰত যিকোনো স্থানত ভয়ংকৰ আঘাত কৰিব পাৰে খাইবাৰ শ্বেকানে।

মন কৰিবলগীয়া যে দেওবাৰে পুৱা আমেৰিকাৰ আক্ৰমণৰ পিছত সংঘাতৰ তীব্ৰতা বৃদ্ধি পায় মধ্যপ্ৰাচ্যত । যদিও ইখনৰ পিছত সিখন দেশে আমেৰিকাক সমৰ্থন কৰিছে, তথাপিও ইৰাণে যে সমৰ্থন লাভ কৰা নাই এনে নহয়। যেতিয়া আমেৰিকাই ইজৰাইলৰ কাষত থিয় দিছিল, সেই সময়ত ৰাছিয়াই পুনৰ ইৰাণক সমৰ্থন কৰিছিল। আজি ​​পুনৰ মস্কোলৈ যায় ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকী। যিটো এই সংঘাতত কাৰ্যতঃ তাৎপৰ্যপূৰ্ণ।