শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৫৬৪ চনত মোগলৰ সৈতে হোৱা যুদ্ধৰ সময়ত ভাৰতৰ বীৰ ৰাণী মহাৰাণী দুৰ্গাৱতী শ্বহীদ হয়। ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকট গিৰিৰ মৃত্যু হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাসমূহ।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
manas-borah
Manas Borah | Published: 24 Jun 2025 07:30 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৪ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। চুলতান কুতুবুদ্দিন আইবাক লাহোৰ (বৰ্তমানৰ পাকিস্তান)ত মুকুট পিন্ধোৱা হয়। ১৫৬৪ চনত মোগলৰ সৈতে হোৱা যুদ্ধৰ সময়ত ভাৰতৰ বীৰ ৰাণী মহাৰাণী দুৰ্গাৱতী শ্বহীদ হয়। ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকট গিৰিৰ মৃত্যু হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাসমূহ।

দিনটোৰ ইতিহাস

  1. ১২০৬ চনত দিল্লীৰ প্ৰথম চুলতান কুতুবুদ্দিন আইবাক লাহোৰ (বৰ্তমানৰ পাকিস্তান)ত মুকুট পিন্ধোৱা হয়।
  2. ১৫৬৪ চনত মোগলৰ সৈতে হোৱা যুদ্ধৰ সময়ত ভাৰতৰ বীৰ ৰাণী মহাৰাণী দুৰ্গাৱতী শ্বহীদ হয়।
  3. ১৭৯৩ চনত ফ্ৰান্সে প্ৰথমবাৰৰ বাবে ৰিপাব্লিকান সংবিধান গ্ৰহণ কৰে।
  4. ১৯৬৩ চনত ডাক আৰু টেলিগ্ৰাফ বিভাগে ৰাষ্ট্ৰীয় টেলিক্স সেৱা আৰম্ভ কৰে।
  5. ২০১০ চনত উইম্বলডনত টেনিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ১১ ঘণ্টা পাঁচ মিনিটৰ খেলখন চলিছিল। এই ঐতিহাসিক মেচখন আমেৰিকাৰ জন ইছনাৰ আৰু ফ্ৰান্সৰ নিকোলাছ মাহুটৰ মাজত অনুষ্ঠিত হৈছিল।
  6. ১৯৭৫ চনত নিউয়ৰ্কৰ জে এফ কে বিমানবন্দৰত বিমান দুৰ্ঘটনাত ১১৩ জন লোকৰ মৃত্যু হয়।
  7. ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকট গিৰিৰ মৃত্যু হয়।