TV9 ASSAM
প্ৰায় প্ৰতিগৰাকী ভাৰতীয়ৰ পাকঘৰত হালধ পোৱা যায়। খাদ্য সুস্বাদু তৈয়াৰ কৰিবলৈ হালধী ব্য়ৱহাৰ কৰা হয়। কিন্তু কেৱল খাদ্যতে নহয়, হালধী ছালতো ব্যৱহাৰ কৰিব পাৰি। হালধিৰ আছে বহু গুণাগুণ।
অৰ্থৰাইটিছ ফাউণ্ডেশ্যনৰ মতে, হালধি সেৱনৰ ফলত গাঁঠিৰ বিষৰ দৰে বেমাৰ নিয়ন্ত্ৰণলৈ আহে। তেনে ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লৈ হালধি সেৱন কৰিব পাৰে।
হালধিত এন্টিঅক্সিডেন্ট গুণ থাকে। ই শৰীৰৰ বাবে অতি জৰুৰী। গতিকে হালধি সেৱন কৰিলে যকৃত বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা পৰে। প্ৰতিদিনে পুৱা হালধি গাখীৰ খাব পাৰে।
হাপানী ৰোগৰ বাবেও হালধি ভাল। যিসকল লোক হাপানী ৰোগত ভুগি আছে সেইসকলে প্ৰতিদিনে পুৱা হালধি, গাখীৰ খাব লাগে। লাহে লাহে ইয়াৰ পৰিমাণ কম কৰিব পাৰে।
কেন্সাৰ ছোচাইটি অৱ ইণ্ডিয়াৰ মতে, কৰ্কট ৰোগৰ পৰা হালধিয়ে ৰক্ষা কৰিব পাৰে। কৰ্কটৰ পৰা আঁতৰত থাকিবলৈ হালধি অতি শক্তিশালী উপাদান বুলি কোৱা হয়। ই প্ৰচেষ্ট কৰ্কট ৰোগ বাধা দিয়ে।
হালধিয়ে মানুহক শক্তিশালী কৰাত সহায় কৰে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গতিকে হালধি যদি খাই তেন্তে ইমিউন চিষ্টেম ভাল হয়।
ছালৰ বাবেও হালধি উপকাৰী। ইয়াৰ বাবে আপুনি হালধি গুড়ি কৰি ছালত ব্যৱহাৰ কৰিব পাৰে। ই ছালৰ উজ্বলতা বৃদ্ধি কৰাত সহায় কৰে। লগতে মুখৰ পৰা শালমইনা আদি আঁতৰ কৰে।
পঢ়িবলৈ ক্লিক কৰক