বংগোপসাগৰৰ তলৰ মানচিত্ৰ প্ৰস্তুত কৰাত ব্যস্ত বাংলাদেশ!
বংগোপসাগৰৰ বাবে আন এক ডাঙৰ পৰিকল্পনা প্ৰকাশ কৰিছে মহম্মদ ইউনুছে। শুকুৰবাৰে দেশবাসীৰ আগত দিয়া ভাষণত ইউনুছে তেওঁৰ বিশেষ ইচ্ছাৰ কথা কয়।
শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশে অহৰহ ভাৰত বিৰোধী মন্তব্য় কৰি আহিছে। কিছুদিন পূৰ্বে ইউনুছে চীন ভ্ৰমণ কৰিছিল। যত তেওঁ বাংলাদেশত বংগোপসাগৰৰ ৰক্ষক বুলি অভিহিত কৰিছিল। লগতে উত্তৰ পূব ভাৰতক লেণ্ড লক আখ্যা দিছিল। বংগোপসাগৰ ওপৰত বিশেষ নজৰ ৰাখিছে মহম্মদ ইউনুছে। এতিয়া বংগোপসাগৰৰ বাবে আন এক ডাঙৰ পৰিকল্পনা প্ৰকাশ কৰিছে ইউনুছে। শুকুৰবাৰে দেশবাসীৰ আগত দিয়া ভাষণত ইউনুছে তেওঁৰ বিশেষ ইচ্ছাৰ কথা কয়।
আৰু কয়, “বাংলাদেশে অৰ্থনীতিৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ বাবে সাগৰৰ তলৰ মানচিত্ৰ নিৰ্মাণৰ কাম কৰি আছে। যাৰ জৰিয়তে এক ফলপ্ৰসূ আৰু বহনক্ষম সামুদ্ৰিক নীতি গঢ়ি তোলা হ’ব।”
ইউনুছৰ এই ঘোষণাৰ পাছতে এতিয়া প্ৰশ্ন হয়, চীনৰ সৈতে মিলি কোনো নতুন পৰিকল্পনা কৰিছে নেকি বাংলাদেশে। জালত আৱদ্ধ কৰিবলৈ আঁৰত থাকি চীনে খেলিছে নেকি নতুন খেলি।