শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হঠাতে তীব্ৰ মূৰৰ বিষ হয় নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

মূৰৰ বিষ হোৱা সাধাৰণ কথা। কিন্তু যদি আপোনাৰ হঠাতে তীব্ৰ মূৰৰ বিষ হয় তেন্তে ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে সজাগ হোৱা ভাল। লগতে দীৰ্ঘদিন ধৰি মূৰৰ বিষ হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লব পাৰে।

হঠাতে তীব্ৰ মূৰৰ বিষ হয় নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
মূৰৰ বিষImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 24 Jun 2025 09:09 AM

হঠাতে হোৱা তীব্ৰ মূৰৰ বিষে যিকোনো মানুহত অস্বস্তিত পেলাব পাৰে। বহু সময়ত ইয়াক মানুহে স্বাভাৱিক বুলি আওকান কৰে যদিও ই কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে। স্বাভাৱিক মানসিক চাপ, মাইগ্ৰেইন, গেছ, টোপনিৰ অভাৱ আৰু মগজুৰ সংক্ৰমণৰ দৰে গুৰুতৰ ৰোগৰ বাবে মূৰৰ বিষ হ’ব পাৰে।

মানসিক চাপ

মেক্স হাস্পতালৰ স্নায়ুচাৰ্জাৰী বিভাগৰ ইউনিট হেড ডাঃ দলজিৎ সিঙে কয় যে পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে মানসিক চাপ, উদ্বেগ, টোপনিৰ অভাৱ, ভাগৰ বা পানীলগা হোৱাটো সাধাৰণ কথা। এনে পৰিস্থিতিত মূৰৰ বিষো হ’ব পাৰে।

মাইগ্ৰেইন

মাইগ্ৰেইনত মূৰৰ এটা অংশত তীব্ৰ বিষ, বমিৰ ভাব,পোহৰ বা শব্দৰ লগত অসুবিধা হ’ব পাৰে। ইয়াৰোপৰি কেতিয়াবা খালী পেটত গেছ গঠন হ’বলৈ আৰম্ভ কৰে। পেটত গেছ গঠন, কোষ্ঠকাঠিন্য বা এচিডিটিয়েও তীব্ৰ মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে।

জ্বৰ

ভাইৰেল জ্বৰ,  চৰ্দি বা অন্যান্য প্ৰকাৰৰ সংক্ৰমণৰ বাবে মূৰৰ বিষ হ’ব পাৰে। যদি কোনো ব্যক্তিৰ জ্বৰৰ লগত ডিঙিত জঠৰতা অনুভৱ হয় তেন্তে ই মগজুৰ বিপদজনক সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। ইয়াৰ বাহিৰেও মগজুৰ টিউমাৰ বা ষ্ট্ৰোকৰ ক্ষেত্ৰত বমি, দুৰ্বলতা আৰু কথা কোৱা বা দেখাত অসুবিধা হয়। লগতে অবিৰত বিষ হৈ থাকে।

উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপ থকা ৰোগীসকলো তীব্ৰ মূৰৰ বিষয় ভুগিব পাৰে। এনে বিষ সাধাৰণতে মূৰৰ পিছফালে হয়।

হঠাতে ঔষধ বা কেফেইন বন্ধ কৰা

যদি কোনো ৰোগীয়ে দীৰ্ঘদিন ধৰি বিষৰ দৰৱ বা কেফেইন সেৱন কৰি আছে , আৰু হঠাতে সেইবোৰ ব্যৱহাৰ বন্ধ কৰি দিয়ে, তেন্তে ইয়াৰ ফলতো তীব্ৰ মূৰৰ বিষ হ’ব পাৰে।

পৰিত্ৰাণ

  • শান্ত ঠাইত অলপ আৰাম কৰক।
  • মূৰৰ বিষৰ লগত ডিহাইড্ৰেশ্যন হয়। গতিকে পানী খাওক।
  • মূৰৰ বিষ হ’লে কাণৰ কাষত, ডিঙি আৰু মূৰ সামান্য মালিচ কৰিব।
  • কেফেইনৰ বাবেও কেতিয়াবা মূৰৰ বিষ হ’ব পাৰে। গতিকে ইয়াৰ পৰিমাণ কমাই দিয়ক।
  • টোপনি সম্পূৰ্ণ নোহোৱাৰ ফলতো মূৰৰ বিষ হ’ব পাৰে।
  • তুলসী আৰু আদা খালে মূৰৰ বিষ কমিব পাৰে।

কেতিয়া যাব চিকিৎসকৰ ওচৰলৈ

বহুতে মূৰৰ বিষ সাধাৰণ বুলি ভাবে। কিন্তু ই কেতিয়াবা ভয়ংকৰ হ’ব পাৰে। গতিকে তলত দিয়া লক্ষণসমূহৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

  • হঠাতে তীব্ৰ মূৰ বিষ।
  • বিষৰ লগতে জ্বৰ, বমি, অজ্ঞানতা, দুৰ্বলতা, কথা কোৱাক সমস্যা, ডিঙিত জঠৰতা আদি।
  • মূৰৰ বিষ এসপ্তাহতকৈ অধিক সময় থকা।
  • মূৰত আঘাত পোৱাৰ পিছত তীব্ৰ বিষ ।

 

 

অন্য় খবৰ পঢ়কঃ খাদ্য খোৱাৰ আগত নে পাছত? কেতিয়া আৰু কিমান পৰিমাণৰ পানী খাব লাগে, জানক আয়ুৰ্বেদৰ পৰা…