শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ইৰাণে হৰমুজ বন্ধ কৰিলে ভাৰতত গগণচুম্বী হ’ব নেকি তেলৰ দাম?

ইৰাণে হৰমুজ বন্ধ কৰিলে ভাৰতত গগণচুম্বী হ’ব নেকি তেলৰ দাম?

monjit-dutta
Monjit Dutta | Published: 23 Jun 2025 22:13 PM

ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ ভাবুকি দিয়াৰ পিছৰে পৰা ভাৰতত তেলৰ মূল্যৰ ব্যাপক উত্থান ঘটিব পাৰে বুলি জল্পনা-কল্পনা চলিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।

ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই ক্ৰমাৎ অধিক আগ্ৰাসী ৰূপ লৈছে। এই যুদ্ধত আমেৰিকাৰ প্ৰত্যক্ষ প্ৰৱেশে সৃষ্টি কৰিছে অধিক জটিলটাৰ। যোৱা শনিবাৰে নিশা ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই আক্ৰমণ চলায়। ইয়াৰ পিছতে ইৰাণে সমগ্ৰ বিশ্বক হৰমুজ জলদ্বীপ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে। ইৰাণৰ এই ভাবুকিৰ পিছত বিশ্বজুৰি তেলৰ সংকটৰ সম্ভাৱনাই দেখা দিছে। এনে পৰিস্থিতিত তেলৰ মূল্য উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। ভাৰততো হৰমুজ জলদ্বীপ বন্ধৰ প্ৰভাৱ পৰিব নেকি, সেই লৈ চলিছে ব্যাপক চৰ্চা।

লক্ষণীয়ভাৱে এই জলদ্বীপৰ মাজেৰেই বিশ্বৰ প্ৰায় ৩০ শতাংশ তেল যোগান হয়। সেয়ে ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ ভাবুকি দিয়াৰ পিছৰে পৰা ভাৰতত তেলৰ মূল্যৰ ব্যাপক উত্থান ঘটিব পাৰে বুলি জল্পনা-কল্পনা চলিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।