শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…

শক্তিপীঠ কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ৰাজনীতি, ঐতিহাসিক ৰংঘৰৰ বাকৰিত কৃত্ৰিম বানৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে আজি বাতৰিৰ শিৰোনাম দখল কৰিছে । পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ।

পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…
শক্তিপীঠ কামাখ্যা
manas-borah
Manas Borah | Published: 23 Jun 2025 19:24 PM

শক্তিপীঠ কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ৰাজনীতি, ঐতিহাসিক ৰংঘৰৰ বাকৰিত কৃত্ৰিম বানৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে আজি বাতৰিৰ শিৰোনাম দখল কৰিছে । আজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি। দেশৰ আন ঠাইৰ লগতে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনতো ৰাজ্যিক বিজেপিয়ে পালন কৰে বলিদান দিৱস। চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ।

লোকাৰণ্য কামাখ্যা ধাম

উদুলি মুদুলি শক্তিপীঠ কামাখ্যা ধাম। অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ অগণন ভক্তই ভিৰ কৰিছে নীলাচল পাহাৰত। দেখা গৈছে সাধু-সন্যাসীৰো ভিৰ। অম্বুবাচীৰ আজি দ্বিতীয় দিন, ২৬ জুনৰ পুৱা মুকলি হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী তথা অসমৰ ভিন্ন প্ৰান্তৰ ভক্তক সন্ধিয়াৰ পাছত কামাখ্যা মন্দিৰলৈ নাযাবলৈ আহ্বান জনাইছে।

কোকৰাঝাৰত বিজেপিক কটাক্ষ গৌৰৱ গগৈৰ

তৰুণ গগৈ চৰকাৰৰ দিনত বড়ো ভূমিৰ মানুহৰ হাতত আছিল বিটিআৰৰ ৰিমট কণ্ট্ৰল। কিন্তু বিজেপি অহাৰ লগে লগে বলিৰ পঠা সজালে ইউপিপিএলক। আজি কোকৰাঝাৰত উপস্থিত হৈ এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। উল্লেখ্য যে সভাপতি হোৱাৰ পিছত অসমৰ বিভিন্ন স্থান ভ্ৰমণ কৰি ৰাইজক সাক্ষাত কৰিছে গৌৰৱ গগৈয়ে।

কৃত্ৰিম বানত বুৰিল ৰংঘৰৰ বাকৰি

এজাক বৰষুণতে কৃত্ৰিম বানত বুৰিল ঐতিহাসিক ৰংঘৰৰ বাকৰি। ইয়াৰ পূৰ্বেও ৰংঘৰৰ চৌহদত দেখা গৈছিল এনে পৰিৱেশ। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ চহৰৰ মাজ মজিয়াত আজি ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। দৌলমুখ চাৰিআলিকে ধৰি চহৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত চহৰখনত ব্যৱসায়-বাণিজ্যকে ধৰি দৈনন্দিন জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে।

নিয়ন্ত্ৰণ হোৱা নাই ONGC ৰ ৰীগৰ গেছ নিৰ্গমন

এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই শিৱসাগৰৰ ভাটিয়াপাৰত ONGC ৰ ৰীগত সংঘটিত গেছ নিৰ্গমন। প্ৰায় দুসপ্তাহত অধিক সময় ধৰি ৰীগটোৰ পৰা নিৰ্গত হৈ আছে গেছ। অঞ্চলটোত বাস কৰা লোক সকলক ইতিমধ্যে স্থানান্তৰ কৰা হৈছে সেই স্থানৰ পৰা। অসম চৰকাৰে পৰিয়াল সমূহলৈ ২৫ হাজাৰ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। অতি সোনকালেই গেছ নিৰ্গমন ৰোধ কৰা হ’ব বুলি জনাইছে ONGC এ।

দেশ বিৰোধী মন্তব্য কৰা ৯৭ জনক গ্ৰেপ্তাৰ

দেশ বিৰোধী আৰু হিন্দু বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে ৰাজ্যত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। শেহতীয়াকৈ আৰক্ষীয়ে তিনিচুকীয়া আৰু নগাঁৱৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈকে মুঠ ৯৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বাজপেয়ী ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী

আজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি। দেশৰ আন ঠাইৰ লগতে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনতো ৰাজ্যিক বিজেপিয়ে পালন কৰে বলিদান দিৱস। এই উপলক্ষে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। এই অনুষ্ঠানতে বিজেপিত যোগদান কৰে কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ একাংশ লোকে।

পহলগামকাণ্ডত জড়িত স্থানীয় লোক

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দুমাহৰ পাছত NIA ই তদন্তত লাভ কৰিছে বৃহৎ সফলতা । এই তদন্তৰ মাজতে স্পষ্ট হৈ পৰিছে যে এই বৰ্বৰ কাণ্ডত কেৱল বিদেশী সন্ত্ৰাসবাদী নহয়, জড়িত আছিল স্থানীয় লোক। দেওবাৰে পহলগাম কাণ্ডত দুজন স্থানীয় লোকক NIA ই গ্ৰেপ্তাৰ কৰাৰ পাছতে এই কথা প্ৰায় স্পষ্ট হৈ পৰে। অভিযোগ অনুসৰি, পহলগামৰ এই লোক দুজনে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীক খাদ্য আৰু থকাৰ যোগাৰ কৰি দিছিল।

পশ্চিম বংগত বোমা বিস্ফোৰণত নিহত কিশোৰী

পশ্চিম বংগৰ কালিগঞ্জত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। হস্ত নিৰ্মিত বোমা বিস্ফোৰণত এগৰাকী কিশোৰ মৃত্যু। মৃত কিশোৰীগৰাকীৰ বয়স ১৩ বছৰ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কিশোৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। কোনে বোমাটো সংস্থাপন কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ভাৰত আৰু ইংলেণ্ডৰ প্ৰথম টেষ্ট

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত অগ্ৰগতি ভাৰতৰ। প্ৰথম ইনিংছত ভাৰতে ৪৭১ ৰাণ কৰাৰ বিপৰীতে ইংলেণ্ডে ৪৬৫ ৰাণ কৰে। হেডিংলিত অনুষ্ঠিত হৈছে এই খেলখন। আজি খেলৰ চতুৰ্থ দিন।