অবৈধভাৱে থকাটো অসম্ভৱ ! কাছাৰ সীমান্তৰে স্বদেশলৈ উভতি যাবলৈ লানি পাতিছে বাংলাদেশীয়ে, ১৫ জনক আটক…
অসমত অবৈধভাৱে বাস কৰা বাংলাদেশীক আটক কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। একে সময়তে দেশৰ বহু ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিছে অভিযান। ইয়াৰ ফলস্বৰূপে অবৈধ বাংলাদেশীয়েও স্বদেশলৈ উভতি যোৱাৰ বাবে নিজেই লৈছে সিদ্ধান্ত।

ভাৰতত অবৈধভাৱে থকাটো অসম্ভৱ ! ইতিমধ্যে অসমত অবৈধভাৱে বাস কৰা বাংলাদেশীক আটক কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অবৈধ বাংলাদেশীক আটক কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছে। একে সময়তে দেশৰ বহু ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিছে অভিযান। ইয়াৰ ফলস্বৰূপে অবৈধ বাংলাদেশীয়েও স্বদেশলৈ উভতি যোৱাৰ বাবে নিজেই লৈছে সিদ্ধান্ত।
শেহতীয়াকৈ এজন দুজন নহয়, শিশু-মহিলাসহ ১৫ জন বাংলাদেশীক আটক কৰিছে অসম আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, কাছাৰ জিলাৰ কাটিগড়াৰ হিলাৰা অঞ্চলৰ পৰা দুই শিশু আৰু ৫ গৰাকী মহিলাকে ধৰি দহজন বাংলাদেশীক আটক কৰাৰ বিপৰীতে পশ্চিম কাটিগড়াৰ অন্তৰ্গত বিশমবৰপুৰ গাঁৱত স্থানীয় লোকে দেওবাৰে নিশা আন ৫ জন বাংলাদেশী নাগৰিকক আটক কৰি আৰক্ষীক গতাই দিয়ে।
আটকাধীন লোকসকলক শিলচৰৰ এটা অস্থায়ী ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বৈধ নথি-পত্ৰ অবিহনে বাস কৰা অনুপ্ৰৱেশকাৰী বিশেষকৈ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। ইয়াৰ অংশ হিচাপে এই বাংলাদেশীসকলক আটক কৰিছে আৰক্ষীয়ে ।
চৰকাৰী ৰেকৰ্ড অনুসৰি, বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰা কাছাৰৰ কাটিগড়া অঞ্চলৰ পৰা বিগত চাৰি সপ্তাহত প্ৰায় ১০০ জন নথি-পত্ৰবিহীন বাংলাদেশীক আটক কৰি ৰখা হৈছে। কেৱল যোৱা তিনিদিনত ২১ জন অবৈধ বাংলাদেশীক আটক কৰা হৈছে । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি, আটক কৰা বাংলাদেশীসকলক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পুনৰ বাংলাদেশলৈ বিতাড়িত কৰা হ’ব বুলি আৰক্ষীৰ এজন বিষয়াই জানিবলৈ দিছে।
বিষয়াগৰাকীয়ে কয় যে, “আটক কৰা লোকসকলে আমাক জনাইছিল যে, তেওঁলোকে গুজৰাটৰ পৰা আহি সীমান্ত পাৰ হৈ নিজৰ দেশলৈ উভতি যাবলৈ চেষ্টা কৰিছিল। ভিলেজ ডিফেন্স পাৰ্টি (ভিডিপি)ৰ সহায়ত স্থানীয় একাংশ লোকে তেওঁলোকক ধৰি ৰাখে আৰু পিছত আৰক্ষীয়ে আটাইকেইজনকে আটক কৰে।”
আটকাধীন লোককেইজনে দাবী কৰিছে যে, তেওঁলোক মূলতঃ বাংলাদেশৰ খুলনাৰৰ বাসিন্দা আৰু বিগত কেইবাবছৰ ধৰি গুজৰাটৰ চুৰাটত বাস কৰিছিল। শেহতীয়াকৈ গুজৰাটত নথি-পত্ৰবিহীন প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পাছতে গ্ৰেপ্তাৰৰ আশংকাত তেওঁলোকে বাংলাদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে।
যোৱা সপ্তাহত দুখন অটোৰিক্সাত যাত্ৰা কৰি থকা অৱস্থাত মহিলা আৰু শিশুসহ ৯ জন বাংলাদেশীক আটক কৰা হৈছিল। তেওঁলোকে আৰক্ষীক জনাইছে যে, ৫–৬ বছৰ পূৰ্বে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গুজৰাটত বাস কৰিছিল আৰু বৰ্তমান নিজ ঘৰলৈ উভতি যোৱাৰ চেষ্টা কৰিছিল।
উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে, বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ পাছতেই কাটিগড়াত ৩৫ জন বাংলাদেশী ধৰা পৰিছে আৰু পাছত আটাইকেইজনকে বিতাড়ন কৰা হয় ৷ তেওঁ কয় যে, যোৱা এমাহত প্ৰায় ৩৩০ জন অবৈধ বাংলাদেশীক অসমৰ পৰা উভতাই পঠিওৱা হৈছে। ইয়াৰ পৰা এটা কথা ক’ব পাৰি যে, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে লোৱা কঠোৰ সিদ্ধান্তৰ পাছতে শংকিত হৈছে ভাৰতত অবৈধভাৱে বাস কৰা বাংলাদেশীসকল।