হাতত হেণ্ডকাফ, চকুত ক’লা…ট্ৰাম্পে শ্বেয়াৰ কৰিলে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ প্ৰথমখন ফটো
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ যুদ্ধ জাহাজ ইও জিমাত থকা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ প্ৰথমখন ফটো প্ৰকাশ কৰিছে। এটা পোষ্টত ট্ৰাম্পে কয় যে, আমি আৰু আন কাকো ক্ষমতা ল’বলৈ দিব নোৱাৰো আৰু মাদুৰোৱে এৰি থৈ যোৱা কামটো অব্যাহত ৰাখিব নোৱাৰো।
শনিবাৰে পুৱা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আক্ৰমণ চলাই ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰি দেশৰ বাহিৰলৈ লৈ যায় আমেৰিকাই। এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত প্ৰকাশ কৰিছে এখন চাঞ্চল্যকৰ ফটো। এই ফটোখনত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক হেণ্ডকাফ লগোৱা আৰু মুখখন ক’লা কপোৰেৰে ঢাকি ৰখা দেখা গৈছে।
ভেনিজুৱেলাত সামৰিক অভিযানৰ পৰিকল্পনা কেতিয়া প্ৰস্তুত কৰা হৈছিল?
দৰাচলতে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক নিজৰ শোৱা কোঠাত শুই থকাৰ সময়তে আটক কৰা হৈছিল। তেওঁলোকক প্ৰথমে কোঠাৰ পৰা টানি উলিয়াই অনা হয়। তাৰ পিছত বিমানেৰে দেশৰ বাহিৰলৈ নিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে কয় যে, আমেৰিকাই চাৰিদিন পূৰ্বে ভেনিজুৱেলাত সামৰিক অভিযানৰ পৰিকল্পনা কৰিছিল যদিও বেয়া বতৰৰ বাবে সেই অভিযান পিছুৱাই দিব লগা হৈছিল।
ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণৰ পিছত প্ৰথম মন্তব্যত ট্ৰাম্পে কয়, “এই অভিযান অদ্ভুত আছিল। মই আপোনালোকক কওঁ – ই অত্যন্ত নিৰাপদ আছিল, কাৰ্যতঃ আমাৰ কোনো লোকৰ মৃত্যু হোৱা নাই। আমাৰ কোনো বিমান ধ্বংস হোৱা নাই। তাৰ পিছতে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰা হয়।”
US President Donald Trump shares image of Venezuelan President Nicolas Maduro
“Nicolas Maduro on board the USS Iwo Jima, ” posts President Trump pic.twitter.com/dlY94FUJUx
— ANI (@ANI) January 3, 2026
ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয় যে, আমেৰিকাৰ আইন প্ৰয়োগকাৰী সংস্থাৰ সহযোগত এই অভিযান চলোৱা হৈছে। তেওঁ কয়, “আমি সম্পূৰ্ণৰূপে জড়িত হ’ম। আমি আন কোনোবাই ক্ষমতা দখল কৰি তেওঁলোকে এৰি থৈ যোৱা কামখিনি আগবঢ়াই নিয়াৰ ৰিস্ক ল’ব নোৱাৰো। এই আক্ৰমণৰ আইনী ভিত্তি, যিয়ে ১৯৯০ চনত আমেৰিকাৰ পানামা আক্ৰমণৰ কথা মনত পেলায়, যিয়ে নেতা মেনুৱেল এণ্টনিঅ’ ন’ৰিয়েগাক আত্মসমৰ্পণৰ বাবে বাধ্য কৰাইছিল আৰু গ্ৰেপ্তাৰ কৰা হয়, সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাছিল।”
উল্লেখ্য যে, শুকুৰবাৰে কাৰাকাছত চীনৰ বিষয়াৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰি শেষবাৰৰ বাবে ৰাজ্যিক টেলিভিছনত উপস্থিত হোৱা মাদুৰোক স্বীকৃতি নিদিয়ে আমেৰিকা চৰকাৰে। শনিবাৰে আমেৰিকাৰ এটৰ্নী জেনেৰেল পামেলা বণ্ডীয়ে ঘোষণা কৰে যে, ভেনিজুৱেলাৰ একনায়কত্ববাদী নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰি অবৈধ ড্ৰাগছ সৰবৰাহ অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ আমেৰিকাৰ ন্যায়ৰ সন্মুখীন হ’ব।
মাদুৰো আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
এটা পোষ্টত তেওঁ কয় যে, নিউয়ৰ্কৰ দক্ষিণ জিলাত নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। নিকোলাছ মাদুৰোৰ বিৰুদ্ধে অবৈধ ড্ৰাগছ সৰবৰাহ ষড়যন্ত্ৰ, কোকেইন আমদানিৰ ষড়যন্ত্ৰ, মেচিনগান আৰু ধ্বংসাত্মক সঁজুলি ৰখা, আমেৰিকাৰ বিৰুদ্ধে মেচিনগান আৰু ধ্বংসাত্মক যন্ত্ৰ ৰখাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। শীঘ্ৰেই তেওঁ আমেৰিকাৰ মাটিত থকা আমেৰিকাৰ আদালতত ন্যায়ৰ সন্মুখীন হ’ব।
তেওঁ আৰু কয়, “আমেৰিকাৰ জনসাধাৰণৰ হৈ জবাবদিহিতাৰ দাবী কৰাৰ সাহসৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক সমগ্ৰ আমেৰিকাৰ ন্যায় বিভাগৰ হৈ ধন্যবাদ জনাইছো, আৰু এই দুজন কথিত আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সৰবৰাহকাৰীক ধৰিবলৈ অবিশ্বাস্য আৰু অতি সফল অভিযান চলোৱা আমাৰ সাহসী সৈনিকসকলক এক বিশাল ধন্যবাদ।”