শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰণবীৰ-ভাঞ্চালীৰ কাজিয়াত বন্ধ বিগ বাজেটৰ ছবিৰ শ্বুটিং!

ৰণবীৰ-ভাঞ্চালীৰ কাজিয়াত বন্ধ বিগ বাজেটৰ ছবিৰ শ্বুটিং!

monjit-dutta
Monjit Dutta | Published: 04 Jan 2026 20:01 PM

অভিনেতা ৰণবীৰ কাপুৰ আৰু পৰিচালক ভাঞ্চালীৰ মাজত মনোমালিন্যৰ খবৰ যথেষ্ট চৰ্চিত হৈছিল। অৱশ্যে বলীউড জগতত চলি থকা এই বিতৰ্কৰ অৱসান ঘটিছে।

প্ৰখ্যাত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’ ছবিখনক লৈ শেহতীয়া সময়ছোৱাত বলীউড জগতত কিছু বিতৰ্কৰ সূত্ৰপাত হৈছিল। অভিনেতা ৰণবীৰ কাপুৰ আৰু পৰিচালক ভাঞ্চালীৰ মাজত মনোমালিন্যৰ খবৰ যথেষ্ট চৰ্চিত হৈছিল। অৱশ্যে বলীউড জগতত চলি থকা এই বিতৰ্কৰ অৱসান ঘটিছে। প্ৰকৃততে কোনো বিবাদ নহয়, বৰঞ্চ ‘পিৰিয়ড ড্ৰামা’খনৰ VFX আৰু কিছু গুৰুত্বপূৰ্ণ দৃশ্যৰ কাম বাকী থকাৰ বাবেহে শ্বুটিং পিছুৱাই দিয়া হৈছে।

নতুন পৰিকল্পনা অনুসৰি, ২০২৬ চনৰ ঈদৰ পৰিৱৰ্তে ছবিখন আগষ্টত মুক্তি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই বিলম্বই ৰণবীৰৰ আন এখন মেগা ছবি ‘ৰামায়ণ’ৰ নিৰ্মাতাসকলক চিন্তাত পেলাইছে, কাৰণ দীপাৱলীত মুক্তি পাবলগীয়া ‘ৰামায়ণ’ আৰু ‘লাভ এণ্ড ৱাৰ’ৰ মুক্তিৰ মাজত ব্যৱধান বহুখিনি হ্ৰাস পাব। বাৰে বাৰে তাৰিখ সলনি হোৱাৰ বাবে ছবিখনৰ বাজেটৰ পৰিমাণো বৃদ্ধি পাইছে।