পেটৰ ঘাঁ হলে দেখা  দিয়া লক্ষণসমূহ...

4  Jan 2026

TV9 ASSAM

পেট বা অন্ত্ৰৰ ভিতৰৰ আৱৰণত ঘাঁ হ'লে পেটৰ আলচাৰ বুলি কয়। দীৰ্ঘদিন ধৰি ঔষধ, মদ, টেঙা খাদ্য, মানসিক চাপ বা ক্ষতিকাৰক বেক্টেৰিয়াৰ সংস্পৰ্শলৈ অহা লোকৰ বাবে আলচাৰ বিপদজনক হ’ব পাৰে।

পেটৰ ঘাঁ

যেতিয়া পেটৰ ভিতৰত ঘাঁ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু মানুহে এইবোৰ আওকান কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজিৎ সিং কৈন্থে।

লক্ষণ

যেতিয়া পেটৰ ভিতৰত আলচাৰ হয় তেতিয়া আটাইতকৈ সাধাৰণ লক্ষণসমূহ হৈছে পেটত জ্বলা-পোৰা, খাদ্য খোৱাৰ পাছত পেট গধুৰ লগা বা বিষ, ভোক নলগা, বমি হোৱা, বমি বমি ভাব আদি হয়।

কি কি হয়

কিছুমান লোকে খাদ্য খোৱাৰ পাছত গেছ বা এচিড ৰিফ্লাক্সো অনুভৱ কৰে। চিকিৎসকগৰাকীয়ে কয় যে, যদি দীৰ্ঘদিন ধৰি এই লক্ষণবোৰ দেখা দি থাকে তেন্তে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।

আৰু কি 

পেটৰ আলচাৰৰ গুৰুতৰ লক্ষণৰ ভিতৰত হ'ল পেটৰ বিষ, কলা শৌচ, শৌচত তেজ অহা, বাৰে  বাৰে বমি, ওজন হ্ৰাস, দুৰ্বল, ভাগৰুৱা অনুভৱ কৰা আদি।

গুৰুতৰ লক্ষণ

পেট বা অন্ত্ৰত এচিড বাঢ়িলে বা ইয়াৰ ভিতৰৰ আৱৰণ দুৰ্বল হ’লে আলচাৰ হয়। হেলিক’বেক্টেৰ পাইল’ৰি বেক্টেৰিয়াৰ সংক্ৰমণেই আলচাৰৰ আটাইতকৈ সাধাৰণ কাৰণ। দীৰ্ঘদিন বিষৰ ঔষধ খোৱা,মানসিক চাপ, সুৰাপান, খাদ্যভাস আদি কাৰণ হ'ব পাৰে।

কিয় হয়

এনে সমস্যাৰ পৰা হাত সাৰিবলৈ ভাল জীৱনশৈলী, ভাল খাদ্য দৰকাৰ। ইয়াৰোপৰি নিয়মীয়াকৈ ব্যায়াম, মানসিক চাপ কম কৰা প্ৰয়োজন। অধিক জানিবলৈ এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।

কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

কাৰ বাবে বেয়া নেমু পানী