শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভেনিজুৱেলাত আক্ৰমণ, আঘাত চীনক! ক্ষোভিত হৈ কি ক’লে আমেৰিকাক?

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু পত্নীক পণবন্দী কৰি লৈ গৈছে আমেৰিকাই। ইয়াৰ পাছতে বিশ্বত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সকলোবোৰৰ মাজতে চীনে ভেনিজুৱেলাক সমৰ্থন কৰি আগবাঢ়ি আহিছে। ৰাষ্ট্ৰপতিগৰাকীক মুকলি কৰাৰ দাবী জনাইছে।

ভেনিজুৱেলাত আক্ৰমণ, আঘাত চীনক! ক্ষোভিত হৈ কি ক’লে আমেৰিকাক?
ভেনিজুৱেলা-চীনImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 04 Jan 2026 23:01 PM

বৰ্তমান চৰ্চাত থকা এটি বিষয় হ’ল ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক আমেৰিকাৰ পণবন্দী। শনিবাৰে আমেৰিকাই ভেনিজুৱেলাক আক্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰো আৰু পত্নী ছিলিয়া ফ্লেৰছক পণবন্দী কৰি নিউয়ৰ্কলৈ লৈ যায়। ইয়াৰ পাছতে বিশ্বৰ বিভিন্ন দেশে এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চীনে এই ক্ষেত্ৰত আমেৰিকাৰ কাণ্ডক গৰিহনা দি ৰাষ্ট্ৰপতিগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে। চীনে কৈছে, আমেৰিকাই বল প্ৰয়োগ আৰু সামৰিক কাৰ্যৰ পৰা আঁতৰি আলোচনাৰ দ্বাৰা বিষয়টো সমাধান কৰিব লাগে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কৈছে যে, আমেৰিকাই ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নীক বলপূৰ্বকভাৱে বন্দী বনাই দেশৰ বাহিৰলৈ নি আন্তঃৰাষ্ট্ৰীয় আইন, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মৌলিক নীতি আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ স্পষ্ট উলংঘা কৰিছে। চীনে আমেৰিকাক এয়াও কয়, আমেৰিকা মাদুৰো দম্পতীৰ সুৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰক আৰু  তেওঁলোকক শীঘ্ৰেই মুকলি কৰি দিয়ক।

নিন্দা কৰে

শনিবাৰে ভেনিজুৱেলাত আমেৰিকাৰ বিমান আক্ৰমণ আৰু মাদুৰোক গ্ৰেপ্তাৰ কৰা কাৰ্যক চীনে তীব্ৰ গৰিহণা দিয়ে। চীনে ইয়াক আমেৰিকাৰ আধিপত্য আৰু ক্ষমতাৰ অপব্যৱহাৰৰ কাৰ্য বুলি কয়। লগতে কয়, আমেৰিকাৰ এই পদক্ষেপে ভেনিজুৱেলাৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ । লগতে ই লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ শান্তি-নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

চীনে স্পষ্টকৈ আমেৰিকাৰ স্থিতিক বিৰোধিতা কৰি আমেৰিকাক আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদ মানি চলিবলৈ লগতে আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বন্ধ কৰিবলৈ আহ্বান জনায়।

চীনৰ এই স্থিতিৰ কাৰণ কি?

মাদুৰো চৰকাৰৰ পতন আৰু তেওঁক গ্ৰেপ্তাৰ কৰা চীনৰ বাবে এক ডাঙৰ আঘাত বুলি ক’ব পাৰি। চীন আৰু ভেনিজুৱেলাৰ মাজত এক ভাল সম্পৰ্ক আছে। প্ৰাক্তন ৰাষ্ট্ৰপতি হুগো চাভেজৰ শাসনকালত এই সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিছিল। বিগত ২০ বছৰত দুয়োখন দেশৰ ৰাজনৈতিক সমৰ্থন, শক্তি সহযোগিতা, আমেৰিকা আৰু পশ্চিমীয়া প্ৰভাৱৰ বিৰোধিতাৰে গঢ় লৈ উঠিছিল। ভেনিজুৱেলাই আমেৰিকাৰ দৰে দেশৰ আগত শিৰনত নকৰি চীন, ৰাছিয়াৰ দৰে দেশৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছে।

আমেৰিকাৰ নিষেধাজ্ঞাৰ পাছতো চীনে ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰে। আনহাতে চীন ভেনিজুৱেলাৰ প্ৰধান বিনিয়োগকাৰী আৰু ঋণদাতা। গতিকে চীনে আমেৰিকাৰ এই আক্ৰমণ তথা কাৰ্য কৌশলগত স্বাৰ্থৰ ওপৰত কৰা এক আক্ৰমণ বুলি গণ্য কৰিছে। যাৰ বাবে মুকলিকৈ চীনে ইয়াৰ বিৰোধিতা কৰিছে। গতিকে পৰৱৰ্তী সময়ত বিশ্ব ৰাজনীতিত আৰু বহু পৰিৱৰ্তনৰ সাক্ষী হ’ব পাৰে বিশ্ববাসী।

 

অন্য খবৰ পঢ়কঃ একেবাৰে দৰিদ্ৰ! ভাৰতৰ ১০,০০০ টকাৰ মূল্য ভেনিজুৱেলাত কিমান হৈ পৰে? জানক…