৯২% জনতাৰ ওচৰত নাই খাদ্য! দুখীয়া দেশ এখনত আমেৰিকাৰ আক্ৰমণ কিয়? কি লুকাই আছে মাটিৰ তলত…
শেহতীয়াকৈ আমেৰিকাই ভেনিজুৱেলাত আক্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক পণবন্দী কৰিছে। ইয়াৰ পাছত সকলোৰে মনত এটাই প্ৰশ্ন, কিয় আমেৰিকাই ভেনিজুৱেলাত আক্ৰমণ কৰিছে? কি বিচাৰে আমেৰিকাই?
বিশ্ব পৰ্যায়ত বৰ্তমান সময়ত চৰ্চাত থকা এটি বিষয় হ’ল ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ। এই দেশখন কেলিফৰ্ণিয়াতকৈ প্ৰায় ২ গুণ ডাঙৰ। য’ত পানীতকৈ কম দামত পেট্ৰ’ল বিক্ৰী হয়। পিছে দেশখনৰ অৱস্থা ইমানেই বেয়া যে অধিকাংশ লোকে ডাষ্টবিনৰ পৰা খাদ্য খাবলৈ বাধ্য হয়। এই দেশখনৰ প্ৰায় ৯২ শতাংশ লোক ভোকত ভুগি আছে। পিছে এই দেশখনতে আমেৰিকাই ৰকেট নিক্ষেপ কৰিছে। দীৰ্ঘদিন ধৰি দৃষ্টি ৰখা ভেনিজুৱেলাত শনিবাৰে আমেৰিকাই আক্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰো আৰু তেওঁৰ পত্নী ছিলিয়া ফ্লোৰেছত পণবন্দী কৰি নিউয়ৰ্কলৈ লৈ যায়।
আমেৰিকাই কৈছে যে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ সৰবৰাহ কৰা গোচৰ সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলোৱা হ’ব। পিছে প্ৰশ্ন হয় ইমান সৰু দেশ এখনৰ ওপৰত আমেৰিকাৰ দৃষ্টি কিয়? ভেনিজুৱেলাত এনে কি আছে যি ট্ৰাম্পে জব্দ কৰিব বিচাৰে? ইমানেই নহয়, এই আক্ৰমণ কৰি ট্ৰাম্পে আন্তঃৰাষ্ট্ৰীয় আইনৰ উপলুঙাও কৰিছে।
কিয় কৰিছে আক্ৰমণ
একাংশৰ মতে, আমেৰিকাই দেশখনৰ তেলৰ ভাণ্ডাৰ বিচাৰে। মাদুৰোই অভিযোগ কৰিছে যে, আমেৰিকাই তেওঁক শাসনৰ পৰা আঁতৰাই ভেনিজুৱেলাৰ বিশাল তেলৰ ভাণ্ডৰ আৰু খনিজ সম্পদ জব্দ কৰাৰ চেষ্টা কৰিছে।
ৱেলোমিটাৰৰ পৰিসংখ্যা অনুসৰি ভেনিজুৱেলাৰ ওচৰত বিশ্বৰ সবাতোকৈ বিশাল তেলৰ ভাণ্ডাৰ আছে। দেশখনৰ ওচৰত প্ৰায় ৩০৩.০০৯ মিলিয়ন বেৰল অইল ৰিজাৰ্ভ আছে। তেলৰ পৰা লাভ কৰা আয় দেশখনৰ অৰ্থব্যৱস্থাৰ মূল। দেশখনৰ মুঠ আয়ৰ ৯০ শতাংশ তেলৰ পৰা আহে। ইয়াৰোপৰি প্ৰাকৃতিক গেছ, সোণ,বক্সাইট,কয়লা আদিও প্ৰচুৰ পৰিমাণে পোৱা যায়।
তেলৰ ওপৰত দৃষ্টি কিয় আমেৰিকাৰ?
এয়া প্ৰথম নহয় যে আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ চেষ্টা কৰিছে। দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হয়ুগো শাবেজৰ পৰা আৰম্ভ কৰি নিকোলাচ মাদুৰোলৈ বিভিন্নজনে আমেৰিকাৰ ষড়যন্ত্ৰত পৰিছে। ভেনিজুৱেলাই আমেৰিকাই নীতিৰ ওপৰত মুৰ দোৱাব বিচৰা নাছিল, ইয়াৰ বিপৰীতে আমেৰিকাই সদায় হস্তক্ষেপৰ চেষ্টা চলাইছিল। ড’নাল্ড ট্ৰাম্পেই একেই চেষ্টা কৰি আহি ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক পণবন্দী কৰে। ট্ৰাম্পে ভেনিজুৱেলাৰ গেছ আৰু তেল নিজৰ অধীনলৈ আনিব বিচাৰে। কিয়নো ভেনিজুৱেলাৰ তেল আৰু গেছত আমেৰিকাৰ আধিপত্য থাকিলে শক্তি আৰু বৃদ্ধি পাব। ভেনিজুৱেলাত আমেৰিকাই দখল কৰিব পাৰিলে খাৰুৱা তেলৰ ব্যৱসায় আমেৰিকাই নিজৰ ইচ্ছামতে চলিব পাৰিব।
ভেনিজুৱেলাই প্ৰতিদিনে প্ৰায় ১০ লাখ বেৰল তেল উৎপাদন কৰে, যি ২০১৩ চনৰ পূৰ্বে ৩৫ লাখ বেৰল আছিল। ২০০৫ চনত আমেৰিকাই ভেনিজুৱেলাত নিষেধাজ্ঞা আৰোপ কৰে। ২০১৯ চনৰ ট্ৰাম্প প্ৰশাসনে চৰকাৰী তেল কোম্পানী পেট্ৰোলেছ ডিক ভেনিজুৱেলাত নিষিদ্ধ কৰে। মাজতে আৰু দুয়োখন দেশৰ মাজত বহু কিবা কিবি চলি থাকে।
আমেৰিকাৰ ওচৰত প্ৰায় ৪৭,৭৩০ মিলিয়ন বেৰল তেলৰ ভাণ্ডাৰ আছে। কিন্তু তাৰ পাছতো আমদানি কৰিব লাগে। গতিকে যদি আমেৰিকাই ভেনিজুৱেলাৰ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নিজৰ অধীনলৈ আনে তেন্তে ইয়াৰ ফলত বহু লাভ হ’ব। এই তেল আমেৰিকাই তেওঁলোকৰ সহযোগী দেশসমূহক বিক্ৰী কৰিব। ইমানেই নহয়, বৈশ্বিক ব্যৱসায়ত আৰু অধিক শক্তিশালী হৈ উঠিব আমেৰিকা।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ জৰুৰী পত্ৰ আছুৰ, কি কি আছে চিঠিখনত?