শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সশস্ত্ৰ দুষ্কৃতিকাৰীৰ নৃশংস কাণ্ড; নিৰ্বিচাৰ গুলীচালনাত নিহত ৩০ জনৰো অধিক, অপহৰণ কৰি নিলে কেইবাজনকো

এক বৃহৎ সশস্ত্ৰ বাহিনীয়ে হঠাতে গাঁওখনত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে। কেৱল গুলীবৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকি দুষ্কৃতিকাৰীয়ে গাঁওখনৰ বজাৰ আৰু কেইবাটাও বাসগৃহত অগ্নিসংযোগ কৰে, ইয়াৰ ফলত সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়।

সশস্ত্ৰ দুষ্কৃতিকাৰীৰ নৃশংস কাণ্ড; নিৰ্বিচাৰ গুলীচালনাত নিহত ৩০ জনৰো অধিক, অপহৰণ কৰি নিলে কেইবাজনকো
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Jan 2026 18:46 PM

নাইজেৰিয়াৰ উত্তৰ প্ৰান্তত পুনৰ এক ভয়াৱহ আৰু ৰক্তক্ষয়ী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। দেশখনৰ নাইজাৰ প্ৰদেশৰ এটা গাঁৱত সশস্ত্ৰ দুষ্কৃতিকাৰীয়ে চলোৱা গুলীবৰ্ষণত অন্ততঃ ৩০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো গ্ৰাম্যবাসীক অপহৰণ কৰি লৈ যোৱা হৈছে। নাইজাৰ আৰক্ষীয়ে এই জঘন্য আক্ৰমণৰ কথা নিশ্চিত কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, এই আক্ৰমণ শনিবাৰে সন্ধিয়া নাইজাৰ ৰাজ্যৰ বোৰগু লোকেল গভৰ্ণমেণ্ট এৰিয়াৰ অন্তৰ্গত কাছুৱান-দাজী নামৰ গাঁওখনত সংঘটিত হয়।

আক্ৰমণৰ সবিশেষ

আৰক্ষীয়ে সদৰী কৰা মতে, এক বৃহৎ সশস্ত্ৰ বাহিনীয়ে হঠাতে গাঁওখনত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে। কেৱল গুলীবৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকি দুষ্কৃতিকাৰীয়ে গাঁওখনৰ বজাৰ আৰু কেইবাটাও বাসগৃহত অগ্নিসংযোগ কৰে, ইয়াৰ ফলত সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়।

মন কৰিবলগীয়া যে, আজি আক্ৰমণ সংঘটিত হোৱা এই কাছুৱান-দাজী গাঁওখনৰ ওচৰৰে পাপিপিৰী সম্প্ৰদায়ৰ এখন কেথলিক স্কুলৰ পৰা যোৱা বছৰ নৱেম্বৰ মাহত ৩০০তকৈও অধিক শিক্ষাৰ্থী আৰু শিক্ষকক অপহৰণ কৰা হৈছিল। এই আক্ৰমণে এতিয়া অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

নিহতৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

নাইজাৰ ৰাজ্যিক আৰক্ষীৰ মুখপাত্ৰ ৱাছিউ আবিঅ’ডুনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত ৩০ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে। অৱশ্যে একাংশ স্থানীয় লোকৰ দাবী অনুসৰি, নিহতৰ সংখ্যা ৩৭ জন বা তাতকৈ অধিক হ’ব পাৰে। এতিয়াও বহু লোক নিখোজ হৈ আছে বুলি তেওঁলোকে দাবী কৰিছে।

নিৰাপত্তা ব্যৱস্থাৰ বিফলতাৰ অভিযোগ

ভুক্তভোগী গ্ৰাম্যবাসীৰ অভিযোগ মতে আক্ৰমণৰ ইমান সময় পাৰ হোৱাৰ পিছতো নিৰাপত্তাৰক্ষী বাহিনী গাঁওখনত উপস্থিত হোৱা নাই। আৰক্ষীয়ে অপহৃত লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা বুলি দাবী কৰিছে যদিও স্থানীয় লোকে আৰক্ষী বা সেনাবাহিনীৰ কোনো তৎপৰতা দেখা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে।

নাইজেৰিয়াৰ দুৰ্বল সুৰক্ষা ব্যৱস্থা

আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশ নাইজেৰিয়াৰ দূৰৱৰ্তী অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা তেনেই দুৰ্বল। বিশেষকৈ ঘন অৰণ্যৰ দৰে অঞ্চলবোৰ সশস্ত্ৰ অপৰাধী গোটসমূহৰ আশ্ৰয়স্থল হৈ পৰিছে। এই দুষ্কৃতিকাৰী গোটবোৰে ধনৰ বাবে সঘনাই গাঁওবোৰত আক্ৰমণ চলোৱাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে।