শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মাজনিশা ভয়ংকৰ আক্ৰমণ! পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক বন্দী আমেৰিকাৰ...

মাজনিশা ভয়ংকৰ আক্ৰমণ! পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক বন্দী আমেৰিকাৰ…

Trishna Kalita
Trishna Kalita | Published: 04 Jan 2026 18:19 PM

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত দিয়া এটা পোষ্টত লিখিছে, ‘ভেনিজুৱেলা আৰু তেওঁলোকৰ নেতাৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ আক্ৰমণ সংঘটিত হৈছে।’ ইয়াৰ উপৰিও তেওঁ কয় যে, আমেৰিকান ডেল্টা ফৰ্চে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰি দেশ এৰি দিয়ে।

এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ। স্থানীয় লোকে জনোৱা মতে,  অতি ওচৰেৰে উৰি গৈছিল কিছুমান বিমান। তাৰ পিছতে সংঘটিত হয় এই বিস্ফোৰণ। যাৰ ফলত আতংকই বিৰাজ কৰে ভেনিজুৱেলাৰ ৰাজধানীত। শুকুৰবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ এঘণ্টাৰ পাছত  এটা ডাঙৰ বক্তব্য আগবঢ়াই ট্ৰাম্পে।