হালধি মিশ্ৰিত গাখীৰৰ এনে উপকাৰী গুণৰ কথা জানেনে?

04 Jan 2026

TV9 ASSAM

ঠাণ্ডাৰ দিনত নিজক সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখিবলৈ হালধি মিহলি গাখীৰৰ কোনো বিকল্প নাই। জানো আহক ইয়াৰ চমৎকাৰী গুণবোৰ।

হালধি মিহলি গাখীৰ

হালধিত থকা 'কাৰকুমিন' নামৰ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই শীতকালত হোৱা চৰ্দি, কাহ আৰু জ্বৰৰ পৰা আমাক ৰক্ষা কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

ঠাণ্ডা দিনত বহু লোকৰ গাঁঠিৰ বিষ বা মাংসপেশীৰ বিষ বৃদ্ধি পায়। হালধি মিহলি গাখীৰত উপলব্ধ এণ্টি-ইনফ্লেমেটৰী গুণে এই বিষ কমোৱাত সহায় কৰে।

বিষ উপশম

শীতকালত খাদ্য হজম হ’বলৈ কেতিয়াবা সময় লাগে। নিশা শুৱাৰ পূৰ্বে হালধি মিহলি গাখীৰ খালে গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।

হজম শক্তি

যদি আপোনাৰ ৰাতি ভালদৰে টোপনি নাহে, তেতিয়া কুহুমীয়া হালধি মিহলি গাখীৰ হৈ পৰে এক ঔষধস্বৰূপ। ই মগজু শান্ত কৰে আৰু গভীৰ টোপনি অনাত সহায় কৰে।

অনিদ্ৰা দূৰ

শীতকালত ছাল শুকান আৰু নিস্তেজ হৈ পৰে। হালধিত থকা এণ্টি-অক্সিডেণ্টে তেজ পৰিষ্কাৰ কৰে, যাৰ ফলত ছাল স্বাভাৱিকভাৱে উজ্জ্বল আৰু মসৃণ হৈ উঠে।

ছালৰ উজ্জ্বলতা

হালধি মিহলি গাখীৰে শৰীৰৰ বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই তেজৰ সঞ্চালন উন্নত কৰে আৰু হৃদযন্ত্ৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

পঢ়িবলৈ ক্লিক কৰক 

চেনি নে নিমখ! হৃদযন্ত্ৰৰ বাবে কোনবিধ অপকাৰী