শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9 News: সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্তৰ পৰা ভেনিজুৱেলাৰ পৰিস্থিতিলৈ, দিনটোৰ খবৰ…

Top9 News: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। আজি দুৰ্ঘটনাগ্ৰস্ত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ কনভয়। ইফালে আমেৰিকাৰ অভিযানৰ পাছতে ভেনিজুৱেলাই লাভ কৰিছে নতুন ৰাষ্ট্ৰপতি।

Top9 News: সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্তৰ পৰা ভেনিজুৱেলাৰ পৰিস্থিতিলৈ, দিনটোৰ খবৰ…
কনভয়ৰ বাহনImage Credit source: social media
barasha-sarma
Barasha Sarma | Updated On: 04 Jan 2026 17:26 PM

আজিৰ দিনটোৰ বহুকেইটা খবৰ তলত উল্লেখ কৰা হ’ল-

১) কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাত পতিত। চাবুৱাৰ হাতীআলি বাইপাছত দুৰ্ঘটনা। ৰখাই থোৱা হোণ্ডাই বাহনত খুন্দা মাৰে কনভয়ে। যাৰ ফলত কনভয়ৰ তিনিখনকৈ বাহন ক্ষতিগ্ৰস্ত হয়। অৱশ্যে সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে সোণোৱাল যোৱা বাহনখন। সোণোৱাল যোৱা বাহনখনত আছিল সাংসদ ৰামেশ্বৰ তেলী। জানিব পৰা মতে, এই দুৰ্ঘটনাৰ ফলত কেইজনমান আৰক্ষী বিষয়া কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে।

২)২০২৬ চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, মহিলাসকল আৰু অসমৰ ৰাইজে বিজেপিক অভিলেখসংখ্যক আসনেৰে অসমত পুনৰ এবাৰ জয়ী কৰাব। মহিলাসকলে কৈছে, কংগ্ৰেছক আহিব নিদিও। কংগ্ৰেছৰ দিনত লুঙী-ধূতিত ব্যস্ত থাকে, আমাৰ চৰকাৰে মহিলাসকলক লুঙী-ধূতিৰ পৰা উঠাই আনি অৰুণোদয়, লাখপতি বাইদেউ আঁচনি দিছে।

৩) আজি ডিমৰীয়া বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তথ্য অনুসৰি, সমষ্টিটোৰ ২৪,৭৬৬গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। এই সময়চোৱাত শৰ্মাই কয় যে, এই আঁচনিৰ জৰিয়তে ৪০ লাখ মহিলাৰ স্বাৱলম্বনৰ যাত্ৰা আৰম্ভ হৈছে। আমাৰ বিশ্বাস, ডিমৰীয়া সমষ্টিৰ উদ্যমী মহিলাসকলে এই ধনৰ সদ্ব্যৱহাৰৰ জৰিয়তে স্বাৱলম্বী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।

৪)২০২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ নিজ অঞ্চলৰ নাম উজ্জ্বল কৰা বেজেৰা আৰু শুৱালকুছিৰ ১,৫৩৪গৰাকী ছাত্র-ছাত্রীক আজি চাংসাৰিত সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত শৰ্মাই কয় যে, অধ্যয়ন, আত্মবিশ্বাস, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি ছাত্র-ছাত্রীসকলে একবিংশ শতিকাৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলৈ নিজকে প্রস্তুত কৰিব লাগিব।

৫) ভেনিজুৱেলাত আক্ৰমণ কৰি শনিবাৰে আমেৰিকাই পনবন্দী কৰিছে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক। ইয়াৰ পাছতে বিশ্বত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাছিয়া, চীনৰ লগতে বিভিন্ন দেশে আমেৰিকাৰ এই কাণ্ডৰ বিৰোধিতা কৰিছে। ইফালে ভাৰতে এই সন্দৰ্ভত গভীৰ চিন্তা ব্যক্ত কৰিছে। বিদেশ মন্ত্ৰালয়য়ে জনাই যে, ভেনিজুৱেলাৰ পৰিৱৰ্তিতি পৰিস্থিতিৰ ওপৰত ভাৰতে নজৰ ৰাখিছে।

৬) ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণৰ পিছত ভাৰতে শনিবাৰে নিজৰ নাগৰিকসকলক ভেনিজুৱেলালৈ সকলো অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ কয়। ইয়াৰোপৰি দেশখনত থকা সকলো ভাৰতীয়ক সতৰ্কভাৱে থাকিবলৈ আহ্বান জনায়। লগতে কোনো সমস্যা হ’লে ভাৰতীয় দূতবাসক যোগাযোগ কৰাৰ পৰামৰ্শ দিয়ে।

৭) ভেনিজুৱেলাই পালে নতুন ৰাষ্ট্ৰপতি। আমেৰিকাই মাদুৰো আৰু পত্নীক পনবন্দী কৰাৰ পাছতে দেশখনৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়ে। ন্যায়ালয়ে মাদুৰোৰ অনুপস্থিতিত উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

৮) ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে অহৰহ অভিযান চলাই আছে। সন্ত্ৰাসবাদীক সমৰ্থন কৰাসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  ইয়াৰ মাজতে পোহৰলৈ আহিছে ডাঙৰ খবৰ। এক ৰিপোৰ্ট অনুসৰি, লস্কৰ-ই-তৈবা আৰু ইয়াৰ সহযোগী সংগঠন জে কে ইউ এম-এ এতিয়া জল সন্ত্ৰাসবাদী ক্ষমতা বিকশিত কৰাৰ বাবে চেষ্টা চলাই আছে। তথ্য অনুসৰি, এই নেটৱৰ্কক বিশেষভাৱে অনুপ্ৰৱেশ আৰু সামুদ্ৰিক সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে প্ৰস্তুত কৰা হৈছে।

৯) কাশীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। এই ঐতিহাসিক প্ৰতিযোগিতাখন ড° সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এয়া উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

 

অন্য খবৰ পঢ়কঃ মাত্ৰ ১৫০ টকা জমা কৰি লাভ কৰক ২৬ লাখ টকা! কেনেকৈ জানক…