অধিক অমিতা খালে দেহত হ’ব পাৰে এনে সমস্যা

04 Jan 2026

TV9 ASSAM

অমিতা ভিটামিন আৰু খনিজ পদাৰ্থৰ ভাণ্ডাৰ, কিন্তু ইয়াৰ অত্যাধিক সেৱনে আপোনাক অসুস্থ কৰি তুলিব পাৰে। জানো আহক ইয়াৰ পাৰ্শ্বক্ৰিয়াসমূহ।

অমিতা

অমিতাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। অত্যধিক ফাইবাৰ সেৱন কৰিলে পেট ফুলা, পেটৰ বিষ আৰু ডায়েৰিয়া বা পাতল শৌচৰ দৰে সমস্যা হ’ব পাৰে।

পেটৰ সমস্যা

কিছু গৱেষণা মতে, অমিতাৰ বীজ আৰু গুটিৰ অত্যাধিক সেৱনে পুৰুষৰ প্ৰজনন ক্ষমতা বা শুক্ৰাণুৰ সংখ্যা সাময়িকভাৱে হ্ৰাস কৰিব পাৰে।

প্ৰজননত প্ৰভাৱ

অমিতাত থকা পেপাইন নামৰ এনজাইমে বহু লোকৰ দেহত এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ছালত খজুৱতি, ফুলি উঠা বা চৰ্মৰোগ দেখা দিব পাৰে।

ছালৰ সমস্যা

কেঁচা বা আধা পকা অমিতাত 'লেটেক্স' থাকে, যি জৰায়ুৰ সংকোচন ঘটাব পাৰে। ই গৰ্ভৱতী মহিলাৰ বাবে অতি বিপদজনক আৰু গৰ্ভপাতৰ কাৰণ হ’ব পাৰে।

গৰ্ভপাতৰ শংকা

অমিতাত থকা পেপাইন এনজাইমৰ প্ৰতি সংবেদনশীল লোকসকলৰ উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে। ফলত কাহ, বুকুত কঁপনি বা হাপানিৰ দৰে লক্ষণ দেখা দিব পাৰে।

শ্বাস-প্ৰশ্বাসৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক 

হালধি মিশ্রিত গাখীৰত আছে এনে উপকাৰী গুণ