জুবিন হত্যাৰ পৰৱৰ্তী শুনানিৰ পৰা মুস্তাফিজুৰক আই পি এলৰ পৰা বহিষ্কাৰলৈ, দিনটোৰ শীৰ্ষ খবৰ
গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। নিশা খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে। অৱশ্যে দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বাইক চালক জনো।
A.১৭ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ পৰৱৰ্তী শুনানি। আজি আদালতত জামিন আবেদন দাখিল কৰে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ আৰু ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই। পৰৱৰ্তী শুনানিত জামিন আবেদন সন্দৰ্ভত দিয়া হ’ব ৰায়দান। আজি বিচাৰপ্ৰক্ৰিয়াত ভাৰ্ছুৱেলী উপস্থিত থাকে আটাইকেইজন অভিযুক্ত।
B) সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ আৰু দানৱ আখ্যা জুবিন গাৰ্গৰ পত্নী গৰিমাৰ। ‘এই অসুৰকেইটা বধ হ’বই লাগিব’। ‘জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়’। সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে।
C) চলিত মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ১৭-১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু ২৯ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহিব।
D) সামৰিক ঘাটিক লক্ষ্য কৰি ভেনিজুৱেলাৰ ৰাজধানীত বৃহৎ আক্ৰমণ আমেৰিকাৰ। শনিবাৰে পুৱা প্ৰায় ২ বজাত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত কমেও সাতটা বিস্ফোৰণৰ শব্দ শুনা যায়। Sky News Arabia ই দাবী কৰিছে যে, ভেনিজুৱেলাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘৰ আৰু এটা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল।
E) গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। নিশা খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে। অৱশ্যে দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বাইক চালক জনো।
F) জুবিন হত্যাৰ গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীয়েও নিয়োগ কৰিলে অধিবক্তা। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰক নিয়োগ সিদ্ধাৰ্থৰ, কলকাতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীক নিয়োগ শ্যামকানুৰ, অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিয়োগ কৰিলে অধিবক্তা এছ কলিতাক।
G) গোৱালপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। ২৮,০৯৩গৰাকী মহিলাক চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফ্ৰেব্ৰুৱাৰীৰ ১০ তাৰিখে বাকী থকা মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিব বুলি ঘোষণা
